আত্ম দীপো ভৱ:

আত্ম দীপো ভৱ: 🍂অৱহেলা,উপেক্ষাবোৰ মুখস্থ হৈ যোৱাৰ পিছতো,বিশ্বাস,মৰম আৰু সন্মান খিনি ভৰিৰে মোহাৰি পেলোৱাৰ পিছতো জীৱন থমকি নৰয়,জীৱনৰ এক নেদেখা গভীৰতাত বুৰ গৈ মই অন্তঃকৰণেৰে এই কথা উপলব্ধি কৰোঁ।প্ৰতাৰণা, বিশ্বাসঘাটকতা এইবোৰৰ উৰ্দ্ধত থাকি জীৱন জিনাৰ গান গাব পৰা মানুহ নিচেই তাকৰ।তথাপি মানুহ হাৰি হাৰি যুঁজি যায়,হাৰি হাৰি জিকি যায়,অৰ্থপূৰ্ণ জীৱনৰ সাধনা কৰি যায়। 🍂জীৱনক খুব ওচৰৰ পৰা জনাৰ ইচ্ছা আছে।আচলতে নিজক জনাৰ অভিপ্সা আটাইতকৈ বেছি।নিজক জুইত পুৰি সুৱগাৰে ধুই খুন্দি পিটি গঢ়ি লোৱাৰ দৃঢ়তা আছে,জেদ আছে,সপোন আছে,পৰিকল্পনা আছে,প্ৰতিজ্ঞা আছে।শৈক্ষিক জীৱনটোত পাৰিলে নীৰৱ সাধক হোৱাটো ভাল।নীৰৱতা মোৰ শানিত অস্ত্ৰ,জীৱনৰ ঐশ্বৰ্য।এন্ধাৰ ফালি ফালি পোহৰৰ সন্ধান কৰাত যি মাধুৰ্যতা আছে,আন ক'তো নাই। 🍂জীৱনটো জীপাল কৰিবলৈ,প্ৰশ্নহীন আন্তৰিকতাত বুৰ যাবলৈ,নিজৰ সৈতে প্ৰেমত পৰিবলৈ,নিজৰ মাজত নিজৰেই এখন পৃথিৱী গঢ়িবলৈ,নিজৰ মাজত অনৰ্গল সপোনৰ শ্ৰৱন্তী প্ৰবাহিত কৰিবলৈ,মানুহে দিয়া আঘাটক কৰ্মৰে প্ৰত্যুত্তৰ দিবলৈ নিজেই নিজৰ শ্ৰেষ্ঠ বন্ধু হোৱাটো আটাইতকৈ জৰুৰী। সময়ে দিয়া শিক্ষা:মানুহৰ সৈতে ভাল হ'বা,অন্তৰংগ পৰাপক্ষত নহ...