নিয়ৰৰে ফুল শীৰ্ষক গীতৰ আঁৰৰ কথা
নিয়ৰৰে ফুল এপাহ ফুলিল, এপাহ সৰিল কেনি? কথা:নৱকান্ত বৰুৱা কণ্ঠ:ড° ভূপেন হাজৰিকা সংগীত:ড° ভূপেন হাজৰিকা "অলপ পাচতে এগৰাকী ছোৱালীয়ে মোক ভৰিত ধৰিবলৈ যাওঁতেই মই বাধা দি ক'লোঁ- কোন তুমি? দাদা, মই আইনু। গা-মন শিয়ৰি গ'ল। নৱকান্ত বৰুৱাদেৱৰ কন্যা আইনু - দেখিলোঁ আইনু এতিয়া সেই আইনু নহয়। - এতিয়া ভদ্রমহিলা। তেতিয়া? মধুচয়নিকা যুগৰ কথা- যেতিয়া নৱকান্ত বৰৱাৰ সৈতে আমি প্রায়েই আড্ডা মাৰিছিলোঁ। এদিন বৰুৱাদেৱৰ ঘৰত তেওঁৰ সহধৰ্ম্মিণী বীণাই কোলাত লৈ আহিছিল এজনী অকণমাণি ছোৱালী। নাম? আইনু। বৰুৱাদেৱে ক'লে, 'হাজৰিকা, এটি গীত লিখিছোঁ।' -মোৰ এই চিন্তা ভাগি গ'ল। 'বিবেকানন্দ কেন্দ্র'ত মই বহি আছোঁ- নৱকান্ত বৰুৱাৰ সৈতে। হঠাৎ মোৰ সহকাৰী কমল কটকীক ক'লোঁ, নিয়ৰৰে ফুল'টো গোৱাঁচোন। কমল গীটাৰিষ্টহে। তথাপি মাজে মাজে গীত গায়। মই ক'লোঁ গোৱাঁ। কমলে গালে। সভাগৃহ নিস্তব্ধ হ'ল। বাৰে বাৰে মোক আঘাত কৰিছিল- এশাৰী কথাই আইনুজনীৰ চকুৰ মণি-নিয়ৰৰে ফুল/এপাহ ফুলিল/এপাহ সৰিল কেনি? ওচৰতে বহি থকা কবি নৱকান্ত নহয়, পিতৃ নৱকান্ত। কিয় জানো- তেওঁ লিখিছিল- নিয়ৰৰে ফুল এপাহ ফুলিল এপাহ সৰিল কেনি? বহুত...