Posts

Showing posts with the label আঁৰৰ কথা❤️

নিয়ৰৰে ফুল শীৰ্ষক গীতৰ আঁৰৰ কথা

Image
নিয়ৰৰে ফুল এপাহ ফুলিল, এপাহ সৰিল কেনি? কথা:নৱকান্ত বৰুৱা কণ্ঠ:ড° ভূপেন হাজৰিকা সংগীত:ড° ভূপেন হাজৰিকা "অলপ পাচতে এগৰাকী ছোৱালীয়ে মোক ভৰিত ধৰিবলৈ যাওঁতেই মই বাধা দি ক'লোঁ- কোন তুমি? দাদা, মই আইনু। গা-মন শিয়ৰি গ'ল। নৱকান্ত বৰুৱাদেৱৰ কন্যা আইনু - দেখিলোঁ আইনু এতিয়া সেই আইনু নহয়। - এতিয়া ভদ্রমহিলা। তেতিয়া? মধুচয়নিকা যুগৰ কথা- যেতিয়া নৱকান্ত বৰৱাৰ সৈতে আমি প্রায়েই আড্ডা মাৰিছিলোঁ। এদিন বৰুৱাদেৱৰ ঘৰত তেওঁৰ সহধৰ্ম্মিণী বীণাই কোলাত লৈ আহিছিল এজনী অকণমাণি ছোৱালী। নাম? আইনু। বৰুৱাদেৱে ক'লে, 'হাজৰিকা, এটি গীত লিখিছোঁ।' -মোৰ এই চিন্তা ভাগি গ'ল। 'বিবেকানন্দ কেন্দ্র'ত মই বহি আছোঁ- নৱকান্ত বৰুৱাৰ সৈতে। হঠাৎ মোৰ সহকাৰী কমল কটকীক ক'লোঁ, নিয়ৰৰে ফুল'টো গোৱাঁচোন। কমল গীটাৰিষ্টহে। তথাপি মাজে মাজে গীত গায়। মই ক'লোঁ গোৱাঁ। কমলে গালে। সভাগৃহ নিস্তব্ধ হ'ল। বাৰে বাৰে মোক আঘাত কৰিছিল- এশাৰী কথাই আইনুজনীৰ চকুৰ মণি-নিয়ৰৰে ফুল/এপাহ ফুলিল/এপাহ সৰিল কেনি? ওচৰতে বহি থকা কবি নৱকান্ত নহয়, পিতৃ নৱকান্ত। কিয় জানো- তেওঁ লিখিছিল- নিয়ৰৰে ফুল এপাহ ফুলিল এপাহ সৰিল কেনি? বহুত...

সোণৰ খাৰু নেলাগে মোক....

Image
"একোজন কবিয়ে সকলোৰে মনৰ কথা 'মই' 'মোৰ' বুলিয়েই কয়। তৰপে- তৰপে থকা ব্যঞ্জনা ধৰিব নোৱাৰিলে গীত বা কবিতাৰ সৌন্দৰ্য আৰু অৰ্থ বুজিব নোৱাৰি। গীত একোটা কালজয়ী এনেয়ে নহয়। 'সোণৰ খাৰু নেলাগে মোক বিয়াৰ বাবে আই' গীতটোত মই এজনী ছোৱালীৰ মনৰ কথাই কৈছোঁনে? গহনা আৰু দামী কাপোৰকে বিয়াৰ মূল কথা, মূল সম্পদ ভবা প্রতিজনী ছোৱালীয়ে ভাবিব পাৰিব লাগিব এইবোৰৰ তুচ্ছ প্রয়োজনীয়তা। নতুন ঘৰ এখনক চেনেহৰ জৰীৰে বান্ধিব পৰা মন এটা, আনৰ সেৱাত উচৰ্গিব পৰা সংকল্প এটাহে বিয়াৰ দিনাৰ আচল সাজ। পিতৃ-মাতৃয়ে সোণৰ গহনাৰে ছোৱালীজনী নসজাই, হীৰা-মুকুতাৰ দৰে বাখৰ পতোৱা শুভ-চেতনাৰেহে ছোৱালীজনীৰ মূল্য বঢ়াব লাগে। মাতৃৰ সৎ আদৰ্শৰ ছবিখনেই ছোৱালীজনীৰ সাতসৰী হৈ জিলিকি থাকিব। সততা, শুচিতা, পবিত্ৰতাইহে বিয়াৰ কইনাৰ আচল সাজ। এনেকৈয়ে হিন্দু বিয়া একোখনৰ উদ্দেশ্যপূর্ণ, মহত্ত্বপূৰ্ণ ৰূপটো মই তুলি ধৰিছিলো। গানটো যিজনী ছোৱালীয়েই গাব সেইজনী ছোৱালীৰে মনৰ কথা হৈ পৰিব। এনেকৈয়ে সমাজ একোখন উচ্চ আদর্শমুখী হ'ব- এইবোৰেই অন্তৰালৰ কথা।" ~ড° নিৰ্মলপ্ৰভা বৰদলৈ উৎস:জীৱন জীৱন বৰ অনুপম🌷

গীতৰ আঁৰৰ কথা-আগলি বতাহে কপালে কলৰে পাত

Image
"ঠিক এনে সময়তে মোৰ আৰু এটা গীতৰ জনপ্রিয়তায়ো শীর্ষস্থান পাইছিল। গীতটো হৈছে- "আগলি বতাহে কঁপালে কলৰে পাত মন উৰণীয়া হেৰালে বাটৰে আঁত।।" এই গানটো জয়ন্ত হাজৰিকাই সুৰ দি নিজে গাইছিল। গানটোৰ ৰচনাৰ পটভূমি বৰ আকর্ষণীয়। উজানবজাৰৰ আমি থকা ভাৰাঘৰৰ মালিক প্রবোধ দাস, সুবোধ দাস আৰু প্রমোদ দাস মামাহঁতৰ ঘৰত এখন বিয়া হৈছিল। বিয়াৰ খোবাখুবী উৎসৱৰ দিনা এটা সৰু মজলিচ হৈছিল। তাতে কবি হীৰেন ভট্টাচাৰ্য আৰু জয়ন্ত হাজৰিকাও উপস্থিত আছিল। হীৰুৱে মানে হীৰেন ভট্টাচাৰ্যই তিনি মিনিটত গান লিখাৰ খেল এটাৰ কথা উলিয়ালে। মোক ক'লে-Start. মই কাগজ ক'ত পাওঁ এতিয়া! লৰালৰিকৈ হীৰুৱে চিগাৰেটৰ পেকেট এটা ফালি বুকুফাল উলিয়াই দিলে। মইনো এতিয়া কি লিখোঁ। খিৰিকীৰে বাহিৰলৈ চাই দেখিলো আন্ধাৰত কলপাত এখিলা লৰি আছে। ৰাণাই (জয়ন্ত হাজৰিকাই) গানটোত সুৰ দিব আৰু নিজেই গাব বুলি খেলৰ আৰম্ভণিতে ঠিক হৈছিল। তেওঁ সেই সময়ত যৌৱনৰ দুৱাৰডলিত। ৰাণাৰ মনৰ মানসতাৰ লগত মিলাকৈ মোৰ মনলৈ তৎক্ষণাৎ কেইটামান শাৰী আহিল- আগলি বতাহে কঁপালে কলৰে পাত, মন উৰণীয়া হেৰালে বাটৰে আঁত। বুজোঁ কি নুবুজোঁ  চিনাকি কুলিৰে মাত  মেলো কি নেমেলো  আকাশে চুবলৈ হাত  হেৰ...