গীতৰ আঁৰৰ কথা-আগলি বতাহে কপালে কলৰে পাত


"ঠিক এনে সময়তে মোৰ আৰু এটা গীতৰ জনপ্রিয়তায়ো শীর্ষস্থান পাইছিল। গীতটো হৈছে-

"আগলি বতাহে কঁপালে কলৰে পাত মন উৰণীয়া হেৰালে বাটৰে আঁত।।"

এই গানটো জয়ন্ত হাজৰিকাই সুৰ দি নিজে গাইছিল। গানটোৰ ৰচনাৰ পটভূমি বৰ আকর্ষণীয়। উজানবজাৰৰ আমি থকা ভাৰাঘৰৰ মালিক প্রবোধ দাস, সুবোধ দাস আৰু প্রমোদ দাস মামাহঁতৰ ঘৰত এখন বিয়া হৈছিল। বিয়াৰ খোবাখুবী উৎসৱৰ দিনা এটা সৰু মজলিচ হৈছিল। তাতে কবি হীৰেন ভট্টাচাৰ্য আৰু জয়ন্ত হাজৰিকাও উপস্থিত আছিল। হীৰুৱে মানে হীৰেন ভট্টাচাৰ্যই তিনি মিনিটত গান লিখাৰ খেল এটাৰ কথা উলিয়ালে। মোক ক'লে-Start. মই কাগজ ক'ত পাওঁ এতিয়া! লৰালৰিকৈ হীৰুৱে চিগাৰেটৰ পেকেট এটা ফালি বুকুফাল উলিয়াই দিলে। মইনো এতিয়া কি লিখোঁ। খিৰিকীৰে বাহিৰলৈ চাই দেখিলো আন্ধাৰত কলপাত এখিলা লৰি আছে। ৰাণাই (জয়ন্ত হাজৰিকাই) গানটোত সুৰ দিব আৰু নিজেই গাব বুলি খেলৰ আৰম্ভণিতে ঠিক হৈছিল। তেওঁ সেই সময়ত যৌৱনৰ দুৱাৰডলিত। ৰাণাৰ মনৰ মানসতাৰ লগত মিলাকৈ মোৰ মনলৈ তৎক্ষণাৎ কেইটামান শাৰী আহিল-

আগলি বতাহে কঁপালে কলৰে পাত,

মন উৰণীয়া হেৰালে বাটৰে আঁত।

বুজোঁ কি নুবুজোঁ 

চিনাকি কুলিৰে মাত 

মেলো কি নেমেলো 

আকাশে চুবলৈ হাত 

হেৰালে বাটৰে আঁত।

এটি মাথোঁ ফুল মনৰে ডালতে কঁপে 

এটি মাথোঁ পখী এই উৰে উৰে 

কিনো ফুল সিটি 

কিনো পখী সিটি 

জিৰাব কিহৰে ছাঁত 

হেৰালে বাটৰে আঁত।

তিনি মিনিটত গানটো সম্পূর্ণ হ'ল। জয়ন্তই লগে-লগে গানটোত সুৰ দিলে। পাছত অৱশ্যে সুৰটোত হাত ফুৰোৱা হ'ল। গানটোৰ কথাত হাত ফুৰাবৰ আৱশ্যক নহ'ল। এই গানটো ৰাণাই কলিকতাত গৈ H.M.V.ত ৰেকৰ্ড কৰিলেগৈ। গানটো ৰেকৰ্ডত বজাৰত ওলোৱাৰ পাছত ইমান জনপ্রিয়তা বাঢ়িল যে ই হেনো গানৰ বিক্ৰিৰ সকলো অভিলেখ ভংগ কৰিলে। জয়ন্তৰ শতকৰা ৯৫ ভাগ গীতেই মই লিখিছোঁ। প্রতিটো গীতৰ নেপথ্যত কিমান যে কথা!"

উৎস:জীৱন জীৱন বৰ অনুপম🌷

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)