Dr Boikuntha Nath Gogoi
ডাঃ বৈকুণ্ঠ নাথ গগৈ অসমীয়া সংগীত জগতৰ এগৰাকী নীৰৱ সাধক।তেখেত পেছাত এগৰাকী পশু চিকিৎসক আছিল।স্বভাৱত কিছু প্ৰচাৰ বিমুখ ডাঃ গগৈয়ে বহুবোৰ অসমীয়া গীতত নিজৰ কণ্ঠ আৰু সুৰ প্ৰদান কৰিছিল যদিও সংৰক্ষণৰ অভাৱত তেখেতৰ মহীয়ান কণ্ঠ আৰু সৃষ্টিৰাজি সমূহ আজিৰ তাৰিখত অৱহেলিত হৈ ৰৈছে।
ডা: বৈকুণ্ঠ নাথ গগৈৰ সবাতোকৈ জনপ্ৰিয় গীত আছিল-ফুল ফুলক ৰ'দৰে ফুল।প্ৰখ্যাত গীতিকাৰ দ্বিজেন্দ্ৰ মোহন শৰ্মা আৰু সুৰকাৰ হীৰেন গোহাঁইৰ দেৱৰ এই যুগজয়ী সৃষ্টিত কণ্ঠদান কৰিছিল ডাঃ বৈকুণ্ঠ নাথ গগৈয়ে।আন এটি প্ৰখ্যাত গীত আছিল মন দোলে ফাগুণৰে বা।তাহানিৰ ৰেডিঅ'ৰ গীতিমালিকা অনুষ্ঠানত এই সুবাসভৰা গীতসমূহৰ সাংঘাতিক জনপ্ৰিয়তা আছিল।
Dr. Baikuntha Nath Gogoi was a silent devotee in the Assamese music world. By profession, he was a veterinarian. Although he was shy of publicity, Gogoi had lent his voice and music to many Assamese songs. However, due to lack of preservation, his magnificent voice and creations are neglected today. Dr. Baikuntha Nath Gogoi's most popular song was 'Phul Phulok Rodore Phul'. This timeless creation by renowned lyricist Dwijendra Mohan Sharma and composer Hiren Gohain was sung by Dr. Gogoi. Another famous song was 'Mon Dolé Phagunare Ba'. These fragrant songs had immense popularity in the Radio's Geetimalika program.
ফুল ফুলক ৰ’দৰে ফুল,
হৃদয় সেউজী ধৰা
ফুল ফুলক সূৰ্য্যমূখী ফুল প্ৰিয়তমা,
তোমাৰ খোপাত।
নাহৰ পাতত,
মেঘৰ ছাঁয়াই নাচক আজি,
মন আকাশত
ডাৱৰৰে ফুল ফুলক আজি।
প্ৰজাপতি মেলা পোহৰ পাখি
মুগ্ধ হিয়াত,ফুল ফুলক
সূৰ্য্মূখী ফুল প্ৰিয়তমা
তোমাৰ খোপাত।
এৰি অহা বাট ঢাকি থ'
এখিলা শুকান সৰাপাত,
সমূখত প্ৰণয়ৰ তীৰ্থপথ
পখিলা পাখি মেলি থাক।
বাঁহীৰ সুৰত নিশাৰ তৰাই
নাচক আজি,দুটি নয়নত
মধু জোন জ্বলক আজি।
সূৰ্যমূখী মেলা সপোন পাহি
মোৰেই হিয়াত,
ফুল ফুলক সূৰ্য্যমূখী ফুল প্ৰিয়তমা,
তোমাৰ খোপাত…।
Photo Credit: Pinterest ♥️
Comments
Post a Comment