গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ


গ্ৰন্থ:বিভ্ৰান্ত বাস্তৱ(০১)
ৰীতা চৌধুৰী।

#বিভ্ৰান্ত বাস্তৱ উপন্যাসখনৰ চমু বিৱৰণ:

অপ্ৰতিম বাখৰ খটোৱা সাহিত্যিক কৰ্মৰাজীৰে পাঠকৰ হৃদয়ৰ প্ৰতিটো কোঠা হিল্লোলিত কৰি ৰখা অসমীয়া সাহিত্য জগতৰ এটি শুভ্ৰম আৰু চিনাকি নাম-ডঃ ৰীতা চৌধুৰী।একোখন ভাল উপন্যাসে পাঠকৰ মনৰ গহন কোণত ভাৱৰ উদ্দীপনী শিখা প্ৰজ্বলিত কৰে।মই লিখিবলৈ লোৱা,মোৰ বুকুৰ বৰঘৰ মুখৰ কৰি ৰখা এখন জনপ্ৰিয় উপন্যাস হৈছে ডঃ ৰীতা চৌধুৰী বাইদেউৰ 'বিভ্ৰান্ত বাস্তৱ'।

●"সকলো মানুহে নিজৰ ভিতৰত কঢ়িয়াই লৈ ফুৰে বাস্তৱৰ আঁৰৰ বাস্তৱ।যি কেতিয়াও কাকো দেখুওৱা নাযায়, কেতিয়াও কাকো কোৱা নাযায়।নিজৰ ভিতৰত নিশ্চুপ হৈ থাকি মৃত্যুৰ আন্ধাৰত হেৰাই যোৱা কিছু অনুচ্চাৰিত সত্য।" উপন্যাসখন পঢ়ি উঠাৰ পিছত উপন্যাসখনৰ প্ৰতিটো শব্দই মোক চহকী কৰিছিল আৰু গায়ত্ৰী নামৰ সেই বিশেষ সৰলমনা আৰু নম্ৰ গুণৰ জেউতিসমৃদ্ধ চৰিত্ৰটিয়ে বাৰে-বাৰে চকুৰ আগত অগা-দেৱা কৰিছিল।যৌৱনে কৃষ্ণচূড়াৰ ফুলৰ দৰে সপোন,কল্পনা আৰু ৰঙৰ পোহাৰ মেলি দিয়াৰ সময়তেই গায়ত্ৰীয়ে দেখা পাইছিল অন্য এক বাস্তৱ,বাস্তৱৰ আঁৰৰ বাস্তৱ আৰু মুখৰ পিছত থকা মুখ।প্ৰেমক প্ৰধান হাতিয়াৰ হিচাপে লৈ কিদৰে এজন হৃদয়হীন ব্যক্তিয়ে আৱেগৰ গোপন দুৱাৰেৰে সোমাই আহি মলিয়ন খেল খেলি গায়ত্ৰীক নৰক যন্ত্ৰণা ভুগিবলৈ বাধ্য কৰোৱাৰ পিছতো মনচক্ষুৰ গভীৰতম উপলব্ধি আৰু আত্মশক্তিৰে জীৱনক অনন্য উদ্দীপনাৰে উজ্জীৱিত আৰু সাহসী হ'ব পৰাকৈ গঢ়ি তুলিছিল তাৰেই অন্তৰপৰশি যোৱা সাৱলীল উপস্থাপনে মোক বাৰুকৈয়ে আপ্লুত কৰিলে।

●নিজস্ব কৃস্ব সাধনাৰে গায়ত্ৰী কেৱল উজ্জয়ন হোৱাই নাছিল বৰং শিখাহতঁৰ দৰে বাস্তৱ পৃথিৱীত ষড়যন্ত্ৰৰ বলি হৈ অপমানিত হোৱা শত- সহস্ৰ গৰাকীৰ বাবে এক সমুজ্জল,প্ৰাণময়,শক্তিশালী সত্তালৈ পর্যবেসিত হৈছিল।লাঞ্চিতা, বঞ্চিতা সকলৰ মাজত হেৰাই যোৱা বিশ্বাস পুনৰ ফিৰাই আনি মৰুভূমিত তিষ্ঠি থকা কেকটাছৰ প্ৰৱল জীৱনীশক্তিৰে সমাদৃত কৰিছিল।গ্ৰন্থখনত উল্লেখ থকা অনুসৰি গায়ত্ৰীয়ে নিজৰ জীৱন যন্ত্ৰণাক এখনি চিত্ৰনাট্যৰ ৰূপ দিয়াৰ অভিকাংক্ষা কৰিছে।কিন্তু চিত্ৰনাট্য নিৰ্মাণ কৰিবলৈ যাওঁতে বাস্তৱ আৰু বিভ্ৰান্তিৰ সাঁকোডাল প্ৰস্তুত কৰোঁতে বাৰে বাৰে যেন গায়ত্ৰী থমকি ৰ'বলগীয়া হৈছে।উপন্যাস খনত গায়ত্ৰীৰ মাতৃয়ে কিদৰে যশস্যা,সন্মানৰ খাতিৰত নিজ কন্যাক আঁতৰাই পঠাইছিল তাক চিত্ৰায়ন কৰিছে,আমাৰ সমাজত এনে মানসিকতাৰ মহিলাৰ কোনো অভাৱ নাই।তাৰ বিপৰীতে সন্দ্বীপনৰ মামীয়েকক অনুভূতিৰ গভীৰতাৰে  সমৃদ্ধ এগৰাকী সাদৰী, হৃদয়ৱান মহিলা হিচাপে অংকিত কৰিছে আৰু মোমায়েক যাক বাস্তৱক পিঠি দি কল্পনাৰ ৰহণ সানি এজন উদাৰ,মৰমীয়াল আৰু ধেমেলীয়া অভিভাৱকৰ ৰূপত উপস্থাপন কৰিছে কিন্তু প্ৰকৃততে মোমায়েকৰ প্ৰকৃতি তেনে নাছিল।আৰু সন্দীপন,দূৰ তীৰ্থৰ নিৰ্মালি আৰু গংগাৰ পানীৰ দৰে সাঁচি ৰখাৰ পিছতো,লালসাহীন, স্বার্থহীন অন্তৰংগতা থকাৰ পিছতো গায়ত্ৰীয়ে প্ৰেমৰ অনুৰাগে ৰঞ্জিত কৰা মনটোক কোনেও নজনাকৈ নিজৰ মাজতে সাৱটি ধৰি আছিল।
"মই আৰু কেতিয়াও হৃদয় খুলি কাকো ভালপোৱা দিব নোৱাৰিম।মই কেতিয়াও কাৰো বাবে খুলি দিব নোৱাৰিম হৃদয়ৰ দুৰ্গ।সেই কাৰণে মই নিৰাপদ।মই সফল।শক্তিশালী।আৱেগৰ গোপন দুৱাৰেৰে সোমাই মোৰ লগত কোনেও আৰু মলিয়ন ধেমালি কৰিব নোৱাৰে।"সমাজত মায়া,শিখা, মঞ্জু হতঁৰ দৰে অনেকগৰাকী আশাহীন,স্বপ্নহীন বাস্তৱৰ নিসংগ যোদ্ধা আছে,যিসকল আত্মবিশ্বাসৰ প্ৰখৰ উত্তাপৰ অভাৱত জীৱন ৰণাংগনৰ পৰা বিচলিত হৈ আত্মজাহৰ দিশে ধাৱমান হয়,সেইসকলৰ বাবে উপন্যাসখন জীৱনৰ প্ৰাচুৰ্য সম্বলিত আশাৰ অমোঘ মন্ত্ৰৰ দৰেই।

●উপন্যাস খনৰ পৰা শিকিবলগীয়া দিশ:
★আশাৰ তীব্ৰতা,মনৰ ঔজ্বল্য কিম্বা মনচক্ষুৰ আত্মিক উপলব্ধি।
ভাষাৰ প্ৰাঞ্জলতা, অনুপম নিৰ্বাচনীয়তা, অনুভৱৰ সৱল প্ৰকাশ,সমাজলৈ কিছু বাৰ্তা, শব্দৰ অন্তহীন গভীৰতা, প্ৰেম-ভালপোৱা সকলো অনুভূতি দেদীপ্যমান হৈ আছে উপন্যাসখনত,এককথাত ক'বলৈ গ'লে প্ৰতিজন পাঠকৰ হিয়াৰ এচুকত ঠাই ল'ব পৰাকৈ এখন অন্তৰস্পর্শী উপন্যাস।

পাপৰি বৰা
দেৰগাঁও,ৰজাবাহৰ গাঁও





Comments

Popular posts from this blog

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)