গ্ৰন্থ(০৩):পপীয়া তৰাৰ সাধু🍂🍂🍂
গ্ৰন্থ:০৩----পপীয়া তৰাৰ সাধু(ড° ৰীতা চৌধুৰী)
☘️বুকুৰ মাজত মনৰ হাতনি পেৰাত আলফুলে সাঁচি ৰখা এখন উপন্যাস, যিখন উপন্যাসে লানি নিচিগাকৈ কৈ গৈছে প্ৰেম- অপ্ৰেমৰ কথা,প্ৰাপ্তি -অপ্ৰাপ্তিৰ কথা,জীৱনৰ বৰ্ণময়তাৰ কথা,বিবৰ্ণতাৰ কথা অথবা বাস্তৱৰ আঁৰৰ নিৰ্মম বাস্তৱৰ কথা।মই লিখিবলৈ লোৱা গ্ৰন্থখন হৈছে-অসমীয়া সাহিত্যৰ পথাৰখন অধিক বৰ্ণময় কৰি তোলা ড° ৰীতা চৌধুৰী বাইদেউৰ জনপ্ৰিয় উপন্যাস-পপীয়া তৰাৰ সাধু।
☘️উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ এগৰাকী দক্ষ সাংবাদিক হোৱাৰ অভিকাংক্ষাৰে গুৱাহাটী মহানগৰীলৈ সাংবাদিকতা পঢ়িবলৈ অহা বৰ্ণাঢ্য প্ৰতিভা আৰু সাৰল্যতাৰে অলংকৃতা,শব্দৰ সৈতে খেলি ভাল পোৱা জেউতি নামৰ এজনী সপোনপিয়াসী ছোৱালীৰ।ময়ূৰপঙ্খী সপোনবোৰে পূৰ্ণতা নাপাওঁতেই কিদৰে মূধা-ফুটা বাতৰি কাকতৰ সম্পাদক,কোমল হাতৰ তলুৱাত দীঘল নখ কঢ়িয়াই লৈ ফুৰা আন এচাম ব্যক্তিৰ ষৰযন্ত্রৰ বলি হৈ সপোনৰ বীণাত সুৰ বান্ধোতেই এটি নক্ষত্ৰ পপীয়া তৰা হৈ আকাশৰ পৰা সৰি পৰিল তাকেই সাহিত্যিক গৰাকীয়ে তেখেতৰ কলমৰ তীক্ষ্ণতাৰে বলিষ্ঠৰূপত উপস্থাপন কৰিছে।
☘️সাহিত্যৰ পথাৰখনত জেউতিয়ে অপৰ্ণা বাইদেউক এক জ্যোতিৰ্ময় সত্বা ৰূপে গণ্য কৰিছিল।গুৱাহাটীলৈ আহি জেউতিয়ে লগ পাইছিল সুবিমল ফুকন,উৎপল বৰবৰা,প্ৰীতম,নবীন দুৱৰা আদিৰ দৰে সমাজত আগস্থান পোৱা,ভদ্ৰতাৰ মুখা পিন্ধা এচাম সুবিধাবাদী লোকক,যিসকলে কেৱল প্ৰেম,আশ্বাস আৰু বিশ্বাসৰ ভেঁটি গঢ়ি জেউতিৰ সৈতে মলিয়ন খেলা খেলিছিল।
☘️মনোৰমা বৰুৱা,অলকা হাজৰিকা,নন্দিতা ইত্যাদি সুবিধাবাদী নাৰী চৰিত্ৰইও উপন্যাসখনত স্থান পাইছে।এনে সুবিধাবাদী মানসিকতাৰ মহিলাৰ আমাৰ সমাজত অভাৱ নাই।আনহাতে নবাৰুণ, শুভ্ৰ,অপূৰ্ব,সত্যেন,ৰূপালী আদি চৰিত্ৰই বেয়াৰ মাজতে থকা ভালখিনিক প্ৰতিনিধিত্ব কৰিছে।বিশ্বাসঘাটকতাৰ হাতোৰাই বাৰে বাৰে ক্ষত বিক্ষত কৰাৰ পাছত কিদৰে এগৰাকী উচ্চাকাংক্ষী, বৌদ্ধিক প্ৰাচুৰ্যৰ চিকমিকনিৰে তিৰবিৰাই থকা যুৱতীয়ে জীৱন ৰণাংগণত হাৰ মানিছিল তাৰেই কাহিনীক সাহিত্যিকগৰাকীয়ে অন্তৰ পৰশি যোৱাকৈ বৰ্ণনা কৰিছে।
🌺🌺🌺বি:দ্ৰ:এনে শ-হাজাৰ-কোটি গৰাকী 'জেউতি' আমাৰ মাজতেই আছে।কোনোৱে জীৱন যুঁজত হাৰ মানি কেতিয়াবাই এই পৃথিৱীৰ পৰা মেলানি মাগিছে।আন একাংশ 'জেউতি' আছে যাৰ কায়িকভাৱে নহ'লেও মানসিকভাৱে ইতিমধ্যেই মৃত্যু ঘটিছে অথচ তিতীক্ষা(সহনশীলতা)গুণেৰে নিজক স্পন্দিত কৰি ৰখাৰ প্ৰয়াস কৰিছে।
পাপৰি বৰা।
Comments
Post a Comment