গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ:চাহেবপুৰাৰ বৰষুণ(০২)
অনুৰাধা শৰ্মা পূজাৰী।

■মুকুতাবুলীয়া সাহিত্যিক সৃষ্টিৰাজি সমূহে পাঠকৰ পৰাণ জুৰায়, সৃষ্টিৰ বন্যাৰে এই মৰততে  মৰমী সৰগ ৰচে আৰু পাঠকৰ মন দেউলত সৃষ্টি কৰে অমৃতময় ঢৌৰ।অসমীয়া সাহিত্য জগতলৈ আশাৰ জেউতিৰ অনুৰণন তোলা এখন উপন্যাস আছিল নিজস্ব সাধনাৰে সিদ্ধি লাভ কৰা অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ জনপ্ৰিয় উপন্যাস-চাহেবপুৰাৰ বৰষুণ।কল্পনা আৰু বাস্তৱৰ আলম লৈ বুটাবছা ৰিহাখনিৰ দৰেই  অসীম ধৈৰ্য আৰু প্ৰচুৰ সাধনাৰে পাঠকৰ পৰাণত জুৰণি ঢালিব পৰাকৈ লিখি উলিওৱা চাহেবপুৰাৰ বৰষুণ লেখিকাৰ এক মনোগ্ৰাহী সৃষ্টি।

■উক্ত উপন্যাসখনত বিহাৰ ৰাজ্যৰ বিভিন্ন খৰাং পীড়িত অঞ্চলৰ সমান্তৰালভাৱে অসমৰ ঐতিহ্যমণ্ডিত ইতিহাস প্ৰসিদ্ধ অসমৰ নদীদ্বীপ মাজুলী আৰু ইয়াৰ অন্তৰ্গত বৰ্ণিল সংস্কৃতিৰ সোণসেৰীয়া বিৱৰণ উপলব্ধ হয়।গ্ৰন্থখনৰ আৰম্ভণিতে ১৬ দিনৰ পিছত নিজৰ হ'বলগীয়া বিবাহ উপলক্ষে আমেৰিকাত কৰ্মৰত প্ৰান্তিক আৰু দিল্লীত অধ্যয়নৰত বৰ্ষা নামৰ দুই প্ৰেমিক যুগলৰ স্ব-গৃহ অসম অভিমুখে ৰাওনা হোৱা ৰে'লযাত্ৰাৰ মাজৰ অন্তহীন কথোকথন আৰু মাজে মাজে দুই প্ৰেমিক যুগলৰ মাজত বিভিন্ন বিষয়ক লৈ হোৱা যুক্তি তৰ্কক লেখিকাই সাৱলীলভাৱে উপস্থাপন কৰিছে।

■বিহাৰ ৰাজ্য পোৱাৰ কিছুদূৰ পূৰ্বেই চাহেবপুৰা নামৰ এখন ঠাইত বৰ্ষা আৰু প্ৰান্তিক যাত্ৰী হিচাপে অহা ৰে'লখন দুৰ্ঘটনাগ্ৰস্ত হয় সেই স্থানতেই বৰ্ষা 'insight' নামৰ এটি স্বেচ্ছাসেৱী সংগঠনৰ সৈতে জড়িত হৈ থকা শ্বেখৰ হুছেইনৰ সৈতে মুখামুখি হয়।উপন্যাস খনত 'Insight' নামৰ স্বেচ্ছাসেৱী সংগঠনৰ বিস্তৃত বৰ্ণনা উপলব্ধ হয়।সময়ৰ শিকলিৰে বান্ধি ৰখা প্ৰতিজন মানুহে ব্যস্ততাৰ ধামখুমীয়াত হেৰুৱাই পেলাই নিজৰেই অস্তিত্ব তথাপিও এনে বহু লোক আছে যি কেৱল নিচলা, আর্তজন অথবা বিভিন্ন শাৰীৰিক,মানসিক সমস্যাৰে ভাৰাক্ৰান্ত সকলৰ বাবে হৈ পৰিছে আশ্বাসৰ দুখনি হাত।'Insight' ও আছিল বহুজনৰ বাবে আশ্বাস আৰু বিশ্বাসৰ ভেঁটিত প্ৰতিষ্ঠিত মনোময় ঘৰ,সেউজীয়া এমুঠি সুবাস।লেখিকাই উল্লেখ কৰাৰ দৰেই "হিংসা-বিভেদ,সাম্প্ৰদায়িকতাই মানুহক মানুহৰ পৰা আঁতৰাই নিয়া ক্ষণত,এমুঠি মানুহে হৃদয়ৰ তাৰণাৰে ভৌগোলিক সীমা,শ্ৰেণী,জাত-পাত সকলোকে সমন্বয় কৰিবলৈ অহৰহ চেষ্টা কৰি থকা মই দেখিছোঁ,তেওঁলোক দেশ নেতা নহয় অথচ তেওঁলোক বিভিন্ন অঞ্চলত হৈ পৰিছে মানুহৰ হৃদয়ৰ নেতা।"

■চাহেবপুৰাত হোৱা ৰে'ল দুৰ্ঘটনাৰ পাছতেই কাহিনীয়ে এক নৱ গতি লাভ কৰে।কিছুসময়ৰ বাবে বৰ্ষা শ্বেখৰ হুছেইনৰ সৈতে insight ৰ কেম্পলৈ গৈ কৰ্মীসকলৰ সৈতে কথাৰ আদান প্ৰদান কৰে আৰু বৰ্ষাই গ্ৰহণ কৰে জীৱনৰ সবাতোকৈ ডাঙৰ সিদ্ধান্ত।বৰ্ষাই insight ৰ সৈতে কাম কৰাৰ মানসিকতা পোষণ কৰি প্ৰান্তিকক বিদায় জনায় আৰু নিৰ্ধাৰিত তাৰিখতেই প্ৰান্তিক বৰ্ষাৰ ভগ্নীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।

■উপন্যাসখনিত বিহাৰৰ দৰিদ্ৰতা, শোষণ-নিষ্পেষনেৰে জৰ্জৰিত ভিতৰুৱা অঞ্চলৰ লগতে মাজুলীৰ এক বিশেষ বৰ্ণনা উপলব্ধ হয়।Insight ৰ কৰ্মীসকলৰো আছে(সঞ্জীৱ,ৰাখি,বিদ্যা,যোচেফ)সুকীয়া কাহিনী।শেষত সঞ্জীৱৰ মৃত্যুৰ কাহিনীৰ সৈতে উপন্যাসখনৰ কৰুণ সামৰণি পৰে।

পাপৰি বৰা।

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)