গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)

উপন্যাস:বিভ্ৰান্ত বাস্তৱ(০১)
ৰীতা চৌধুৰী।




গ্ৰন্থখনৰ প্রিয় সংলাপ:

ভাললগা শব্দৰ সুগন্ধি এবাৰ নাকত লাগিলে আঁতৰ কৰিবলৈ টান।জনপ্ৰিয় সাহিত্যিক ৰীতা চৌধুৰী বাইদেউৰ বিভ্ৰান্ত বাস্তৱ উপন্যাস খনৰ হৃদয় আলোড়িত কৰা বাক্যবোৰ....

১.সূৰ্যৰ ওচৰত আঁঠু লোৱাই ৰাতিৰ জোনৰ কাম।


২.অপযশৰ দাগ লগা ছোৱালীৰ সমাজত কোনো দাম নাথাকে।মোৰ চকুত চকু পৰা প্ৰতিজন মানুহৰে চকুৰ চাৱনিয়ে এই কথা কৈছিল।কিন্তু মই ভাবিছিলোঁ-তোমালোকে যাক দাম বুলি কোৱা,মোৰ কাৰণে সেইয়া হেলাৰঙে দলিয়াই দিব পৰা,হাঁহি উঠা তুচ্ছতা...।

৩.কৰবাত সকলো মানুহ নিসংগ আৰু নিৰূপায়।কিছুমানে নিঃসংগতা আৰু নিৰূপায়তা আছে বুলি স্বীকাৰ কৰে আৰু কিছুমানে নকৰে,ইমানেই পার্থক্য।

৪.এই পৃথিৱীত সভ্যতাৰ আদিৰ পৰা আজিলৈ হাজাৰ মানুহে হাজাৰ বাস্তৱ,হাজাৰ সত্য নিজৰ সৈতে মৃত্যুলৈ লৈ গৈছে।মৃত্যুৰ সময়ত যি দুটোপাল চকুপানী নিগৰি ওলাই,সেইবোৰেই হয়তো সেই নিজৰ লগত লৈ যাব লগীয়া নোকোৱা কথাবোৰ বা অভিমানবোৰ,যিবোৰ নিজৰ ভিতৰত জন্ম হৈ অকলেই ৰৈ যায়।

৫.সকলো মানুহে নিজৰ ভিতৰত কঢ়িয়াই ফুৰে বাস্তৱৰ আঁৰৰ বাস্তৱ।যি কেতিয়াও কাকো দেখুৱা নাযায়,কেতিয়াও কাকো কোৱা নাযায়।নিজৰ ভিতৰত নিশ্চুপ হৈ থাকি মৃত্যুৰ আন্ধাৰত হেৰাই যোৱা কিছু অনুচ্চাৰিত সত্য।

৬.সাফল্যৰ সৈতেই ঢৌ হৈ আহে শ্ৰদ্ধা,প্রশংসা আৰু সমাজৰ আগশাৰীৰ আসন।সফলতা বিফলতাৰ সৈতেই সনাসনি হৈ থাকে পোহৰ আৰু অন্ধকাৰ।সফলতা যেন এখন ৰঙীন আইনা,যাৰ মাজেদি পোহৰ সৰকি ৰঙীন কৰি তোলে বৰ্ণহীন চৌপাশ।

৭.এডাল এডালকৈ বাটৰ বাধা গুচাই গুচাই,বাৰে বাৰে শুদা ভৰিত পোত যোৱা কাঁইটবোৰ উঘালি উঘালি তেজ লগা ভৰি আৰু উচ্চ শিৰৰ দিনলিপিৰ মাজেৰে গায়ত্ৰী উঠি আহিছে পোহৰ উজ্জল গিৰি শীর্ষলৈ।

৮.সমাজৰ সন্মুখত সফল মানুহ হিচাপে থিয় দিবলৈ নাৰীক আৰু বহু বিষয় লাগে।

৯.ভালপোৱাত জানো প্ৰশ্নৰ ঠাই থাকে,ভালপোৱাত জানো থাকে অভিমানৰ নামত আঘাত দিয়া হিংস্ৰতা।ভালপোৱা জানো মৃত্যুৰ পৰা ঘুৰাই আনিব পৰা এক প্ৰাণদায়িনী শক্তি নহয়।


১০.সলনি হবলৈ মানুহক মাত্ৰ এটা মুহুৰ্তৰ প্ৰয়োজন।এটা মুহূৰ্ত লাগে কোৱাল লৈ এখনে গতিপথ সলনি কৰিবলৈ।

১১.সত্যৰ শেষটো  আৰু সত্য থাকে।বাস্তৱৰ শেষটো থাকে অন্য বাস্তৱ।মুখৰ পিছতো থাকে মুখ।

12.সাফল্যৰ উজ্জ্বল পোহৰেৰে বেষ্টিত এই জীৱনৰ মাজত তুমিও জানো অনুভৱ কৰিব পৰা একান্ত মুহূৰ্তত সাগৰৰ ওখ ওখ ঢৌবোৰে যে মোক বাৰে বাৰে খুন্দিয়ায়? মোক যে বুৰাই বুৰাই থৈ যায় লুণীয়া পানীৰে? তুমিও হয়তো নাজানা এই মানুহৰ ভিতৰত আৰু কোন মানুহ আছে,কি বাস্তৱ আছে  এই বাস্তৱৰ বাহিৰত।

১৩.কোমল হাতৰ তলত লুকুৱাই অনা দীঘল নখেৰে বাৰে বাৰে মোক ক্ষত বিক্ষত কৰা মানুহবোৰে মোৰ চকুত জন্ম দি থৈ গৈছে অন্য এক দৃষ্টি।মুখা পাৰ  হৈ মুখ চিনাৰ দৃষ্টি।বাস্তৱ পাৰ হৈ বাস্তৱক চিনাৰ দৃষ্টি।

১৪.মই আৰু কেতিয়াও হৃদয় খুলি কাকো ভালপোৱা দিব নোৱাৰিম।মই কেতিয়াও কাৰো বাবে খুলি দিব নোৱাৰিম হৃদয়ৰ দুৰ্গ।সেই কাৰণে মই নিৰাপদ।মই সফল।শক্তিশালী।আৱেগৰ গোপন দুৱাৰেৰে সোমাই মোৰ লগত কোনেও আৰু মলিয়ন ধেমালি কৰিব নোৱাৰে।

১৫.আক্ষেপ আৰু বিষাদৰ বাবে ,অশ্ৰু আৰু সন্তাপৰ বাবে সময়ে সদায় ঠাই নিদিয়ে।অপেক্ষাৰ কাৰণেও নিদিয়ে।সকলো যুদ্ধৰ এদিন সমাপ্তি ঘটে।অন্ত হয় সকলো অভিমানৰ।অনন্ত এন্ধাৰ আৰু নীৰৱতাত সমাধিস্থ হৈ পৰে বুকুৱে কঢ়িয়াই লৈ ফুৰা সকলোখিনি।

16.মাজে মাজে ভাব হয় কাক কৈ থৈ যাব খুজিছোঁ কথাবোৰ?কোনে আহি মোৰ কলমৰ পৰা ওলোৱা শব্দবোৰ জুখি জুখি মোৰ বিষাদৰ ওজন উলিয়াব?কোনে বিচাৰি চাব মোৰ লিখনিৰ শাৰীবোৰৰ মাজত লুকাই থকা কথাবোৰ?কি অৰ্থ আছে এই প্ৰয়াসৰ?মই জানো জীয়াই থাকিব খোজো কোনোবা পাঠকৰ বুকুৰ পৰা সৰি পৰা হুমুনিয়াহৰ মাজত?

17.সময় হল ঈশ্বৰ।সময়ে তোমাক যলৈ নিব লাগে নিব।তুমি মাত্ৰ নিজক হেৰুৱাই নেপেলাবা।নিজৰ ভৰিৰ ওপৰত যি থিয় হৈ থাকে,শিপাহীন মানুহে সেই মানুহৰ ওচৰতেই মূৰ দোৱায়।

18.তুমি যেতিয়া পখিলা হবা, যেতিয়া ফুলবোৰে তোমাক বিচাৰিব,যেতিয়া তোমাক সকলোৱে প্ৰশংসা কৰিব,তোমালৈ মুগ্ধ হৈ চাব,তেতিয়া দেখিবা পখিলা পাখিৰ ৰং বোৰে কেনেকৈ তোমাৰ এতিয়াৰ ৰং নোহোৱা জগতখন ৰঙীন কৰি তুলিছে।

19.আপুনি যিবোৰ কথা কয়, যেনেকৈ কয় এনে লাগে আপোনাৰ সমান শক্তিশালী কোনো নাই।কিন্তু এনে যেনো লাগে,আপুনিও যেন মোৰ দৰেই জুইৰ মাজেদি খোজ কাঢ়ি আহিছিল।আপুনিও মোৰ দৰে লেটাত সোমাই পখিলা হৈ ওলাইছিল।

20.নিসংগ যুঁজাৰুৰ যে টোপনিৰ সুযোগ নাথাকে।নিসংগ যোদ্ধাৰ কাৰণে যে নাথাকে কোনো বিশ্বস্ত গাৰখীয়া, নিসংগ যোদ্ধাৰ যে অসতর্ক হোৱাৰ বাবে নাথাকে কোনো অৱসৰ।

21.সহজ পৃথিৱীৰ মানুহে যোদ্ধাক বুজিব নোৱাৰে।বুজিব নোৱাৰে ঘৰহীন মানুহৰ যন্ত্ৰনাক।সহজ সংসাৰ যাৰ,সি বুজিব নোৱাৰে সংগীহীন বিচনাৰ শীতলতা আৰু নিৰ্জনতাক,সি অনুভৱ কৰিব নোৱাৰে উজাগৰী ৰাতিৰ নৈশব্দক।
22.মই আকাশক স্পৰ্শ কৰিব খোজা মানুহ।শিকলি দেখিলে মইতো পলাবলৈ খুজিম।

23.আকাশত উৰিব খোজা মানুহে শিকলি সুলুকাই লব লাগে।

24.সমাপ্তিৰ জানো সঁচাকৈয়ে প্ৰয়োজন আছে?চিনেমাত সমাপ্তি থাকিবই লাগিব বুলি জানো কিবা বাধ্য বাধকতা আছে?

25.বুকুৰ মাজত থকা মুকুটাটো যাক দিয়া যায়, তাৰ পৰা আৰু ঘূৰাই আনিব নোৱাৰি।ঘূৰাই আনিব খুজিলে মুকুতা আৰু মুকুতা হৈ নাথাকে।

পাপৰি বৰাৰ দ্বাৰা সংগ্ৰহিত।




Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ