শব্দই সাহ♥️
🍁ভাল লগা কথা বোৰ বুকুত থাকি যায়,ভাললগা শব্দবোৰ বুকুতে ৰৈ যায়।শব্দবোৰ,কথাবোৰ কেতিয়াবা সেমেকা ওঁঠৰ সেউজীয়া সমিধান অথবা জুই আঙনি যেন খৰাং বাট।শব্দই নিমিষতে ভাঙি দিব পাৰে তোমাৰ বুকুৰ ভিতৰৰ ঘৰ দুৱাৰ।
🍁ভিতৰি ভিতৰি মৰি যোৱা মানুহৰ বাবে কথাই সাহ।কথা পাতি লোৱা।শব্দৰ ভৰি নাই,হাত নাই অথচ কথাবোৰ বতাহত উৰে,কথাবোৰ আকাশত উৰে,শব্দই খোজ কাঢ়ে, দৌৰে।
🍁কথাৰ হাত নাই,স্পৰ্শ নাই,তথাপিও কথাই মানুহক চুব পাৰে।শব্দবোৰ অনায়াসে তোমাৰ কাষ চাপিব পাৰে।শৰীৰ য'ত যাব নোৱাৰে,শব্দবোৰ অনায়াসে তাত গৈ পায়।
🍁শব্দই চুই যায় আবেলিৰ ৰ'দ অথবা ঘনঘোৰ এন্ধাৰ।
🍁কাৰোবাক আঁকোৱালি নোলোৱাকৈয়ে কথাৰে কাৰোবাক আঁকোৱালি লোৱা যায়।
🍁কথাবোৰ আত্মা,সেয়েহে চাগৈ কাৰোবাৰ হাতখন চিৰদিনৰ বাবে ধৰাৰ আগতে কথাবোৰ মিলাটো জৰুৰী।কথা পাতিলে সকলোবোৰ ঠিক হৈ যায়।সেয়েহে কথা পতাটো জৰুৰী।
Inspired by Nayab Midha
Comments
Post a Comment