শব্দ-কণ্ঠৰ মায়াময় যাত্ৰা-০২
(০১)
গানে কি আনে...
কথা:হীৰেন ভট্টাচাৰ্য
সুৰ:জুবিন
●গানে কি আনে, সুৰৰ সোপানে সোপানে
●সোপান
●গানে শাওণৰ আকাশৰ দৰে কান্দে,
গানে ৰূপহী বিজুলী চমকেৰে হাঁহে।
(০২)
হাঁহিলে তুমি...
কথা/সুৰ:জুবিন
প্রিয় শব্দ:মুকুতামণি,মৰমৰ সুবাসেৰে,অনামিকা,মন মাধুৰী, সোণসৰা সপোন
●"সেউজীয়া এটি ছবি মনৰে মাজতে আঁকি,
ৰৈ আছোঁ অনামিকা।"
(০৩)
প্ৰীতিৰ সুবাসে
কথা:ৰেণু শৰ্মা
সুৰ:জুবিন
প্রিয় শব্দ:প্ৰীতিৰ সুবাস,ৰজনীগন্ধা,শাৰদী জোনাক,অলকানন্দা
(০৪)
পথে-পথে জোনাকে...
কথা:সবিতা শৰ্মা
সুৰ:জুবিন
●"নিশাৰ পলে পলে মোৰ
প্ৰীতিৰ হিয়া ফুলে।"
●"আন্ধাৰ আঁউসী মাজত
আকাশ জোনাকী হাঁহি।"
(০৫)
শুনা শুনা...
কথা/সুৰ:জুবিন
●"এন্ধাৰ ৰাতিৰ জোনাকী তুমি
মোৰ জীৱনৰ ছবি
মনৰ হেঁপাহো তুমি বহু ৰহণ আঁকি
নীৰৱে মোৰ কাষত আছা।"
●"বুজিও নুবুজা কিয় নয়নৰ প্ৰকাশ,জানিও নাজানা কিয় মনৰ অভিলাষ"
●"আছিলা যেতিয়া দূৰত মেঘৰ সিপাৰত"
●"জীৱনে মোৰ নজনাকে চেনেহ বুলালে"
(০৬)
আশা মোৰ আশা
কথা/সুৰ:জুবিন
●আশা মোৰ আশা
এখনি সৰৱ নৈ
●মোৰ গানত আছে
অনামিকা,মায়া
সপোনৰ সুৰৰ
নুবুজা আশা।
●মোৰ গানে আনে বহুতো প্ৰকাশ
পোৱা নোপোৱাৰ মনৰ জোনাক।
●মোৰ গানত আছে
বৰষাৰ অনল
সেমেকা শীতৰ
ৰ'দালি কোমল।
●মোৰ গানে দিব
নতুন ভাষা
নতুনৰ জোনাক
নতুন নিশা
●ক্লান্ত বুকুজুৰি ব'ব
সৃষ্টিৰ এই অমল বতাহ।
(০৭)
হিয়া দহে
কথা:সবিতা শৰ্মা
সুৰ:জুবিন
প্রিয় শব্দ:মায়াবী সপোন,ৰূপালী মন,মন গহন,প্ৰেমৰ জোনাকী
(০৮)
মনৰ নিজনত
কথা/সুৰ:জুবিন
প্রিয় শব্দ:পোহৰৰ ফুলনি,নীলিমা,জীৱন সুৰভি,মৰুভূমিৰ মায়া
●হৃদয়ে আৱেগক নোৱাৰে সহিব,
চকুলো বাগৰে নীৰৱে।
(০৯)
মায়া মায়া মাথোঁ মায়া
কথা:কপিল ঠাকুৰ
সুৰ:জুবিন
●দূৰণিৰে জোনাকী
●নানিবা সেমেকা ৰাতি
নেলাগে মোক সোঁৱৰণী
●মায়াবিনী সেই ৰাতি।
●হাঁহি হাঁহি সাৱটিলোঁ,অশ্ৰুভৰা অনুভূতিবোৰ মনত গোপনে।
●মৰমৰ মায়াৱী তৃষা
(১০)
জোনাক গলা জাৰৰ নিশা
কথা:কপিল ঠাকুৰ
সুৰ:জুবিন
●আছে কিমান চকুৰ পানী
সুখৰ চিকুণ মণি
●মৰম চেনেহ তেনেই তাকৰ
নীলিম তোমাৰ চকুৰ বাখৰ
●পোহৰাবানে আহি
খিৰিকীমুখৰ সাঁজৰ তৰাটি হৈ।
(১১)
নিৰিবিলি গধূলি
কথা:হীৰেন ভট্টাচাৰ্য
সুৰ:জুবিন
●সপোন মাধুৰী
●গছে-বনে বাজে আজি
মিলনৰ সুৰ সুৱদী।
●মধুৰাতি আছে বাকী তাৰ স'তে তৰালি।
●"আৰু আছে জোনালী,নিৰিবিলি গধূলি।"
●কামনাৰে প্রজাপতি
●"সিঁচি দিয়া মৰমেৰে,নতুনৰে শেৱালি।"
(১২)
জোনাকে কাণে কাণে আহি ক'লে
কথা:কপিল ঠাকুৰ
সুৰ:জুবিন
●জোনাকে কাণে কাণে আহি ক'লে
নিবিড় অবুজ ভাষাৰে
তুমি মোৰ মাথোঁ মোৰ
●ফুলৰ পাহে পাহে,মেঘৰ আঁৰে আঁৰে
তুমি আছা প্ৰীতি হৈ
●তুমি অহাৰ পৰত ফুলে হিয়াৰ পাহি
(১৩)
আমি যেন
কথা/সুৰ:জুবিন
●সোণালী ৰ'দ, বালিঘৰ
(১৪)
কিয় জানো
কথা/সুৰ:জুবিন
প্রিয় শব্দ:মৰমৰ মৌ,নিয়ৰসনা জোনাক,কজলা ৰাতি
●তুমি যেন এমুঠি কামনাৰে ফাকু
●সকলো পাহৰি তোমাৰ কাষত আছোঁ।জোনাকী হিয়াৰ স্মৃতি হৈ
কিয় জানো...।
(১৫)
অন্ধ আকাশ
কথা/সুৰ:জুবিন
প্রিয় শব্দ:ৰুদ্ধ বতাহ,ত্ৰস্ত ৰাতি,স্তব্ধ জোনাক,স্বপ্ন বাহক,মগ্ন বিভোৰ,শান্তিৰ শুভ্ৰ ৰথ,মুকুতিৰ শুদ্ধ পথ,শান্তিৰ সুৰুজ, মুকুতিৰ সুৰুজ,কবিতাৰ ৰাতিৰ স্নিগ্ধ জোনাক,
●মুকুতি আজি আহি দুচকুত সাৰে ৰয়,বুকুৱে বুকুৱে বয় শান্তিৰ ধল।
(১৬)
অবাক অবাক
●পোহৰ পোহৰ আজি মন
●দাপোণ দাপোণ এই হৃদয়
●অবুজ অবুজ আশাৰ নাচোন,সজীৱ সজীৱ হিয়াৰ সপোন
●নীলিম নীলিম চকুৰ নাচোন
●অসীম অসীম তৰাৰ সপোন
●একেই হাতৰ খেলা নিপুণ
একেই পথৰ পথিক তৰুণ।
(১৭)
মেঘৰ বৰণ ৰ'দৰ বৰণ
কথা/সুৰ:জুবিন
●এতিয়া যে তুমি মোৰ মোৰ
তথাপিতো তুমি দূৰ দূৰ
এন্ধাৰৰ গান বহু গালোঁ
বাট চাওঁতেই শিল হ'লোঁ।
●সপোন আহে যায় দুখ নিগৰা মন
নিথৰ নিথৰ প্ৰতিক্ষণ।
●মোৰ এই গান মোৰ উন্মেষ
মোৰ এই সুৰ তোমাতেই শেষ
তুমি হাঁহি তুমি অশ্রু
মোৰ সৃষ্টি মোৰ মৃত্যু
আঁতৰোৱা তুমি এই অৱগুন্ঠন
কাতৰ আশাৰ গুঞ্জন।
প্রিয় শব্দ:উন্মেষ, অৱগুণ্ঠন,আশাৰ গুঞ্জন
এনেকুৱা এটা দিন যোৱা নাই,যিদিনা মই তেওঁৰ গান শুনা নাই।সপোনৰ দেশলৈ উৰি যায় মনটো।এক বুজাব নোৱাৰা আকৰ্ষণ অনুভৱ কৰোঁ।তোমাৰ গানৰ মাজতেই তোমাৰ সুবাস,সান্নিধ্য,সকলো....।
Comments
Post a Comment