শব্দ-কণ্ঠৰ মায়াময় যাত্ৰা-০১
উৎস-ইণ্টাৰনেট
"ওরাতো সব পথের মানুষ
তুমি পথের ধারের।"
অর্থাৎ সিহঁততো সকলো বাটৰ মানুহ,তুমি বাটৰ দাঁতিৰ।
~ৰবীন্দ্ৰনাথ ঠাকুৰ
🍁জীৱনক জীৱনৰ দৰে ৰাখিবলৈ মানুহক প্ৰেম লাগে,সংগীত লাগে।সংগীত মোৰ বাবে এক জুৰণি।সংগীত বুলি ক'লেই শৈশৱৰ পৰাই মোৰ মন মগজুত শিপাই থকা এটাই নাম আছিল-জুবিন গাৰ্গ।ভাষাৰে বুজাব নোৱাৰিম তেওঁৰ সৃষ্টি কিমান আদৰৰ,কিমান মৰমৰ।
তুমি মাত্ৰ কুশলে থাকিবা।জীৱনৰ শেষ দিনটোলৈকে আমি তোমাক,তোমাৰ সৃষ্টিক আলফুলে ৰাখিম।তুমি সংগীতৰ এজাক মুষলধাৰ বৰষুণ।এতিয়া তোমাৰ সৃষ্টিয়েই আমাৰ জীয়াই থকাৰ অনুপান।
(জনা-বুজা হোৱাৰ পৰাই তেওঁৰ গানেৰেই মোৰ আৰম্ভ আৰু শেষ হয় জীৱনৰ প্ৰতিটো দিন।পঢ়া মনত নৰ'লেও তেওঁৰ গানৰ কথা সদায় ওঁঠৰ আগত থাকে।গানবোৰ বাৰে বাৰে শুনি বুকুত টোকৰ মৰা প্ৰতিটো শব্দ,প্রিয় শাৰী নিজে মন গ'লেই পঢ়িব পৰাকৈ আগৰে পৰা লিখি ৰাখিছিলোঁ।এতিয়া ভয় হ'ল,কিজানি কেতিয়াবা সময়ৰ সোঁতত ডায়েৰীবোৰ নোহোৱা হয়।এতিয়াৰ পৰা তেওঁৰ গানৰ সুৱদী শব্দবোৰ ,প্রিয় বাক্যবোৰ ইয়াতেই শৃংখলিত ৰূপত সাঁচি থ'ম।)
(০১)
মায়াবিনী ৰাতিৰ বুকুত...
কথাছবি: দাগ
মায়াবিনী ৰাতিৰ বুকুত
দেখা পালোঁ তোমাৰ ছবি
ধৰা দিলা গোপনে আহি হিয়াৰ কোণত
তুমি যে মোৰ শুকান মনত
নিয়ৰৰে চেঁচা সোপান
নামি অহা ৰ'দৰে নৈ
মোৰ দেহত প্রতি পুৱা
ধুমুহাৰ স'তে মোৰ বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন
নিজানৰ গান মোৰ শেষ হ'ব
ভাবোঁ তোমাৰ বুকুত।।
প্রতি শৰতৰ প্ৰভাতী ফুলে
ক'ব তোমাকেই মোৰ কথা
প্রতি মেঘালী নিশা জোনে ক'ব তোমাকেই মোৰ কথা।।
ধুমুহাৰ.... ভাবোঁ তোমাৰ বুকুত।।
দুচকুতে তোমাৰ চালে
সপোন আঁতৰি দিঠক নামে
চুব খুজিলেই মোৰ দুহাতে
দিঠক আঁতৰি সপোন আহে
ধুমুহাৰ স'তে... ভাবোঁ তোমাৰ বুকুত।।
মায়াবিনী ...।।
প্রিয় শব্দ:মায়াবিনী,হিয়াৰ কোণত,শুকান মনত,নিয়ৰ,চেঁচা সোপান,ৰ'দৰে নৈ,প্ৰভাতী ফুল,মেঘালী,নিশা জোন
প্ৰেমৰ প্ৰতীক সম্বলিত এই গীত সঁচাই মোহনীয়।প্ৰেম কৰা নাযায়,প্ৰেম হৈ যায়।"You never know,when it strikes."তেওঁতকৈ ভালকৈ প্ৰেম আন কোনেও প্ৰকাশ কৰিব নোৱাৰে।এইখিনি সময়ত যেন নিয়ৰৰ চেঁচা টোপালত নহয়,অসমৰ প্ৰতিজন ব্যক্তিৰ দুনয়নৰ চকুপানীৰ টোপালত আপোনাৰ মুখখনি...।
(০২)
আজিও যে নুবুজো একোকে
প্রিয় শাৰী:
●নুবুজা কিয় বুজাব নোৱাৰা কথাবোৰ,প্ৰাণৰ ভাষাৰে ক'ব খোজা
●আশাৰ ৰঙীণ পোহাৰ
●জোনৰ দৰে জ্বলি ৰ'ম,তোমাৰ মন আকাশত,জোনাকৰ অমিয়া সুৰ বিলাই
●জীৱন পথত কাহানিবা যদি হাৰো
দিবা প্ৰেৰণা মোক যুঁজিবলৈ।
●এন্ধাৰ পথত,জ্বলি ৰ'বা
তুমি চাকি হৈ
তেজৰ প্ৰভাতক আনিবলৈ।
●প্ৰেমৰ হেনো কোনো কালে নাথাকে সীমনা, তথাপি আমি যেন মেঘৰ আঁৰত।
●সুদূৰত আছে ৰৈ নীৰৱ তৃষা
●এন্ধাৰ পথত জ্বলি ৰ'ম মই জুই হৈ,তোমাৰ মৰমৰ প্ৰেৰণাৰে।
●জানিছিলোঁ তুমি মোৰ নোহোৱা,তথাপিটো মই ৰ'ম...❤️
কথাৰ আঁৰৰ কথা:
এই গীতৰ প্ৰতিটো শব্দই বুকুত খুন্দা মাৰে।কত জনৰ বহু উজাগৰী নিশাৰ সংগী এই গান।প্ৰিয় পুৰুষ/প্রিয় নাৰীগৰাকী গুচি যায়,অথচ মানুহবোৰ ৰৈ যায়,কিবা এটা আশাত...।এই গানৰ প্ৰতিটো শব্দই হেৰুৱাৰ বেদনাক বাৰুকৈয়ে চুই যায়।প্ৰতিটো শাৰীত যেন একোটা এৰি অহা বেদনাৰ টোপোলা ভৰি আছে।
(০৩)
বিভাৱৰী আমাৰে মিলনৰ
লাই হালে জালে ফুল চন্দন তুলসী
আবেলিৰ বতাহে ফুল চন্দন তুলসী
লফা হালে জালে তাতে হে
ফুল চন্দন তুলসী ভৰিলনে নভৰিল
ৰাধা তোমাৰ কলচী।
বিভাৱৰী আমাৰে মিলনৰ
উজাগৰী ৰঙীন সপোনৰ
খিৰিকীৰে জুমি জোনাকে
গীত গাই শুভ প্ৰণয়ৰ
ৰজনীগন্ধাৰ মালা দূৰতে
খুলি থোৱা মৰমী
মিছাতে যাব ছিঙি
আজিৰতো সুৰভি মাথোঁ তুমি
বিভাৱৰী...
দুটি ওঁঠতে দুয়ো হাততে
কি মৰম থওঁ তোমাত
উঠা নমা বুকুৰে কথা
কিদৰেনো কওঁ তোমাক।
দুয়োৰে মাজৰে দূৰ দূৰতে থওঁ
তোমাকে সাবটি সকলো পাহৰি।
ফুলে ফুলে কিনো সুৰভি
যি এই দেহত
ৰাতিৰ কোলাতে কিনো জিৰণি
যি এই বুকুত তোমাৰ।
উশাহৰে পৰিচয় পোৱা উশাহতে
ভাগৰি নাভাগৰি বাগৰি নাবাগৰি
বিভাৱৰী....।
প্রিয় শব্দ:বিভাৱৰী,শুভ প্ৰণয়,ৰজনীগন্ধা,মৰমী,সুৰভি
কথাৰ আঁৰৰ কথা:
মিলনৰ নিশা এটাৰ ইমান সোণসৰা বৰ্ণন।"ৰাতিৰ কোলাতে কিনো জিৰণি,যি এই বুকুত তোমাৰ..."
"ৰজনীগন্ধাৰ মালা দূৰতে খুলি থোৱা মৰমী"।যেতিয়াই শুনো,তেতিয়াই হৃদয়ত নৱ জোৱাৰ তোলে।গীতটিৰ লেখক কৃতজ্ঞতাৰ পাত্ৰ।
(০৪)
সপোন ৰঙৰ জীৱন তুমি
সপোন ৰঙৰ জীৱন তুমি
আকৌ এবাৰ আহিবানে
নিশা মোক জগাবলে
বহু যুগৰ তৃষা তুমি
বহু যুগৰ তৃষা তুমি
নাহা কিয় ঘনে ঘনে
সপোন ৰঙৰ জীৱন তুমি
আকৌ এবাৰ আহিবানে
দিনে দিনে গলি আছোঁ
জ্বলি থকা মমৰ দৰে
জীৱনৰ হেপাহঁত…
উজাগৰে থাকে মানে
পাৰ ভঙা দুখৰ সোঁতে
কন্দুৱাই নিতে মোক
দুখৰ দিনৰ স্মৃতি মধু
দুখৰ দিনৰ স্মৃতি মধু
বুকুত ৰোৱা সুখৰ বাখৰ
সপোন ৰঙৰ জীৱন তুমি
আকৌ এবাৰ আহিবানে
নিশা মোক জগাবলে
নৈয়ে নৈয়ে উপঙিছো
উটি অহা জাঁজিৰ দৰে
সাগৰ ক’ত সমুখত
উৰো উৰো মোৰো যে মন
আকাশ পিনে উৰিবলে
আকাশ শেষ হ’ব ক’ত
দুখৰ দিনৰ সপোন গধুৰ
দুখৰ দিনৰ সপোন গধুৰ
বুকুত বোৱা নিমাত চাদৰ
সপোন ৰঙৰ জীৱন তুমি
আকৌ এবাৰ আহিবানে
নিশা মোক জগাবলে
বহু যুগৰ তৃষা তুমি
বহু যুগৰ তৃষা তুমি
নাহা কিয় ঘনে ঘনে
প্রিয় শব্দ:তৃষা,সুখৰ বাখৰ, বুকুত বোৱা নিমাত চাদৰ
উফ!ভাষাহীন।
গানৰ কথা ইমান মিঠা।আমনি নলগাকৈ শুনি থাকিব পৰা গান।এইবোৰ গানৰ মাদকতা সুকীয়া।জীয়াই থকা লৈকে শুনিয়েই থাকিম।আমাৰ সপোন ৰঙৰ জীৱন আপুনি আছিল।
(০৫)
দিয়া ঘূৰাই দিয়া...
কথা/সুৰ: জুবিন, 'শিশু'
দিয়া ঘুৰাই দিয়া, পৃথিৱীৰ আমাৰ আমাৰ
আইতাৰে সাধু, তৰালি ভৰা চোতাল
আনা ঘুৰাই আনা, ধৰা নিভাঁজ হিয়াৰ
শেৱালি পাহিত দুভৰি থুনুক-থানাক
সেয়াই লাগে আমাক
নালাগে ওলোটা পৃথিৱী
অ' আমি আমিয়েই চোন
পৃথিৱী ভঙা আৰু গঢ়াৰ সপোন নতুন।
ক. খ. গ, ঘ আৰু ঙ
পাটিগণিত আৰু কুঁহিপাঠ
পঢ়ালা পঢ়ি আছোঁ শিকালা শিকি আছোঁ
এতিয়া কিয় দিয়া মৰণ আঘাত
বুৰঞ্জীৰে পাত লুটিয়ালে
আমাৰে মৰমে দিব সকিয়াই
যদিহে আমাৰ অস্তিত্ব নাই
তেনে বুৰঞ্জী কোনেও নেচায়।
প্রিয় শব্দ:আইতাৰে সাধু, তৰালি ভৰা চোতাল,শেৱালি পাহি,থুনুক-থানাক,পাটিগণিত, কুঁহিপাঠ
এইবোৰ গান শুনিলে জীৱনে যেন নকৈ প্ৰাণ পায়। ইয়াকেই চাগে কয়-যাদুকৰী কথা,যাদুকৰী কণ্ঠ।আমাৰ উত্তৰ প্ৰজন্মক এইসমূহ গীত চিনাকি কৰি দিয়াৰ দায়িত্ব আমাৰ।
আগলৈ...

Comments
Post a Comment