সোণৰ খাৰু নেলাগে মোক....


"একোজন কবিয়ে সকলোৰে মনৰ কথা 'মই' 'মোৰ' বুলিয়েই কয়। তৰপে- তৰপে থকা ব্যঞ্জনা ধৰিব নোৱাৰিলে গীত বা কবিতাৰ সৌন্দৰ্য আৰু অৰ্থ বুজিব নোৱাৰি। গীত একোটা কালজয়ী এনেয়ে নহয়।


'সোণৰ খাৰু নেলাগে মোক বিয়াৰ বাবে আই' গীতটোত মই এজনী ছোৱালীৰ মনৰ কথাই কৈছোঁনে? গহনা আৰু দামী কাপোৰকে বিয়াৰ মূল কথা, মূল সম্পদ ভবা প্রতিজনী ছোৱালীয়ে ভাবিব পাৰিব লাগিব এইবোৰৰ তুচ্ছ প্রয়োজনীয়তা। নতুন ঘৰ এখনক চেনেহৰ জৰীৰে বান্ধিব পৰা মন এটা, আনৰ সেৱাত উচৰ্গিব পৰা সংকল্প এটাহে বিয়াৰ দিনাৰ আচল সাজ। পিতৃ-মাতৃয়ে সোণৰ গহনাৰে ছোৱালীজনী নসজাই, হীৰা-মুকুতাৰ দৰে বাখৰ পতোৱা শুভ-চেতনাৰেহে ছোৱালীজনীৰ মূল্য বঢ়াব লাগে। মাতৃৰ সৎ আদৰ্শৰ ছবিখনেই ছোৱালীজনীৰ সাতসৰী হৈ জিলিকি থাকিব। সততা, শুচিতা, পবিত্ৰতাইহে বিয়াৰ কইনাৰ আচল সাজ। এনেকৈয়ে হিন্দু বিয়া একোখনৰ উদ্দেশ্যপূর্ণ, মহত্ত্বপূৰ্ণ ৰূপটো মই তুলি ধৰিছিলো। গানটো যিজনী ছোৱালীয়েই গাব সেইজনী ছোৱালীৰে মনৰ কথা হৈ পৰিব। এনেকৈয়ে সমাজ একোখন উচ্চ আদর্শমুখী হ'ব- এইবোৰেই অন্তৰালৰ কথা।"

~ড° নিৰ্মলপ্ৰভা বৰদলৈ

উৎস:জীৱন জীৱন বৰ অনুপম🌷

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)