জীৱন জীৱন বৰ অনুপম


"চাবলৈ গ'লে সৃষ্টিধর্মী সাহিত্যত, উদাহৰণস্বৰূপে গীত আৰু কবিতাৰ কথাই কৈছোঁ, নিজৰ চেতন-অৱচেতন, মগ্নচেতনৰ তৰপবোৰেই জলছবিৰ দৰে উঠি আহে। দেখিলে, শুনিলে, পালে যিবোৰ অভিজ্ঞতা হয় আৰু সেই অভিজ্ঞতাই যি উপলব্ধি দিয়ে সেয়ে জীৱন, সেয়ে সাহিত্য। জীয়াই থকাৰ নামেইতো জীৱন নহয়- যদিহে উপলব্ধি নাথাকে। জীয়াই থকাৰ আনন্দ উপলব্ধিতহে। মানুহ আহাৰেৰে জীয়াই নাথাকে, কাপোৰেৰে জীয়াই নাথাকে, প্রাচুর্যৰেও জীয়াই নাথাকে- যদিহে নাথাকে উপলব্ধি। সামাজিক বৈষম্য, মানুহে মানুহক কৰা উৎপীড়ন, নিষ্ঠুৰতা দেখি, অদৃষ্টৰ পৰিহাস দেখি, যদি নাকান্দিলো, আর্ত মানৱাত্মাৰ হাহাকাৰেই যদি শুনিবলৈ নিশিকিলো, মোৰ অন্তৰ যদি শোকত তিতি নাথাকিল, মোৰ কিবা উপলব্ধি হ'লনে? মই কেউকাষৰ সকলো তৰপৰ দুখত কান্দিব পাৰিব লাগিব, সহস্ৰজনৰ আনন্দত অন্তৰ উজাৰি হাঁহিব পাৰিব লাগিব, মোৰ দেহটো সত্য নহয়। আত্মা আৰু মনটোহে সত্য। মোৰ আত্মাৰ সামান্য পোহৰ যদি অনন্ত পোহৰৰ প্ৰতি উদ্বাউল হৈছে, মোৰ মন যদি মানৱাত্মাৰ মুক্তিৰ (বিবিধ যন্ত্ৰণাৰপৰা) কাৰণে উধাও হৈছে তাতেই মোৰ জীৱনৰ সাৰ্থকতা। মোৰ একোটা গীতৰ কলিয়ে যদি উচ্চস্তৰৰ অকণ পোহৰৰ বতৰা দিব পাৰে মাদকতাময় অকণ সুবাস বিলাব পাৰে, সামান্যৰ মাজতে থকা অসামান্যক চিনাব পাৰে, প্ৰকৃতিৰ মাজত থকা ৰহস্য আৰু ঐশ্বৰ্যৰ বাতৰি দিব পাৰে জীয়াই থকাটোকে ধন্য নকৰিবনে? আমি যেতিয়া জীয়াই থাকিবই লাগিব আহা, অর্থপূর্ণভাৱে, সমূহৰ সুখ-দুখ নিজৰ বুকুলৈ আনি জীয়াই থাকোঁ।"

"জীৱন এক অনন্ত কবিতা- বুজাৰ-নুবুজাৰ, জোনাকৰ-ধুমুহাৰ, নোপোৱাৰ-পোৱাৰ, পাই হেৰুওৱাৰ, কোমলতাৰ, কঠিনতাৰ, পোহৰৰ, অন্ধকাৰৰ, নিসংগতাৰ, অসহায়তাৰ, সত্য উচ্চাৰণৰ, প্ৰতিজ্ঞাৰ, সৌন্দৰ্যৰ, স্বপ্নৰ, শোষণৰ, দগ্ধতাৰ, কাতৰতাৰ, আৰ্তনাদৰ, অশ্রৰ,......।"

"যাৰ যি ক্ষেত্ৰ তেনেকৈয়ে কৰ্ম কৰা ,কৰ্ম চিনি পাবলৈ জ্ঞানৰো প্ৰয়োজন ।ইন্দ্ৰিয়সমুহ বশলৈ আনা। তাৰদ্বাৰা মন জয় কৰা হ'ব। ইয়াৰ পিছত বুদ্ধি  উদ্ভাসিত  হ'ব। ইন্দ্ৰিয়তকৈ মন,মনতকৈ বুদ্ধি শ্ৰেষ্ঠ।কিন্তু সকলোতকৈ শ্ৰেষ্ঠ আত্মা।আত্মাৰ শক্তিত বিশ্বাস কৰা সকলো সহজ হৈ পৰিব।"


জীৱন জীৱন বৰ অনুপম♥️


ড° নিৰ্মলপ্ৰভা বৰদলৈ



Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)