১৯৯২ চনৰ সাহিত্য অকাডেমিৰ পুৰস্কাৰ গ্ৰহণ
১৯৯২ চনৰ সাহিত্য অকাডেমিৰ পুৰস্কাৰ গ্ৰহণ
সভাপতি ডাঙৰীয়া, সাহিত্য অকাডেমিৰ উপস্থিত সদস্যবৃন্দ আৰু সমজুৱাসকল, মই মাতৃভাষাৰ কবি। আইৰ ভাষা ঠাইৰো ভাষা। মোৰ চিৰ চেনেহী ভাষাৰে মই সমুখৰ এই মানুহ নিসৰ্গৰ হাত ধৰি পৃথিৱীৰ বাটলৈ ওলাই আহিছোঁ।
লেখক সদায় পাঠক অভিমুখী। পাঠকৰ মনৰ ঘৰৰ আলহী হোৱাৰ হেঁপাহ সকলো লেখকৰেই আছে।
পাঠক একাধাৰে সাহিত্যৰ ধাৰক আৰু সংগঠক। পাঠতেই সাহিত্যৰ জীৱন। সৃজনশীল পাঠে মুকলি কৰে সাহিত্যৰ নতুন বাট।
পাঠকেই প্ৰকৃততে লেখকৰ সকলো কৃতিৰ উত্তৰাধিকাৰী।
জীৱন লৈয়েই কবিতা। সমাজেই হৈছে জীৱনৰ বাস্তৱ পটভূমি। কবিৰ জীৱনৰ আশা-নিৰাশা লৈয়েই কবিতাৰ জীৱন। কবিৰ জীৱন-চেতনাৰ উজ্জ্বলতাই হৈছে কবিতাৰ শাণিত সময়।
লেখক সততে সমাজৰ সপক্ষে। সমাজৰ প্ৰতি লেখকৰ দায়-দায়িত্ব আছে। মই লেখকৰ এই দায়বদ্ধতাৰ প্রতি শ্রদ্ধাশীল।
আজি সাহিত্য অকাডেমিয়ে যচা এই সন্মানীয় পুৰস্কাৰ গ্ৰহণ কৰাৰ পৰত মই মোৰ সকলো পাঠকলৈ হিয়া-ভৰা সম্ভাষণ জনোৱাৰ লগতে আপোনালোকলৈ আন্তৰিক কৃতজ্ঞতা জনালোঁ।
হীৰেন ভট্টাচার্য
Comments
Post a Comment