অশান্ত প্ৰহৰ
🍁Assamese Film song of Bhupen Hazarika, Samar Hazarika, Madhumoti Goswami and Others.
🍁Lyrics, Melody and Music by Bhupen Hazarika
🍁Film: Asanta Prohor (অশান্ত প্ৰহৰ)
🍁কাঞ্চন বৰুৱাৰ উপন্যাস 'অশান্ত প্ৰহৰ' ক শিৱপ্ৰসাদ ঠাকুৰে চিত্ৰনাট্যৰ ৰূপ দিছিল।
🍁Lyrics of the song:
নামি আহা সুন্দৰৰে সেনা শিল্পী দল
এৰা সপোন ধেমালি..
বাধা যদি নিদিয়া পিশাচী এন্ধাৰক
ধৰা হ'ব ৰণেৰে ৰাঙলী।
বাটে-পথে যায় চোৱা
সৌৱা পালে পাল
মুমূর্ষু জীৱিত নৰকঙ্কাল
সিহঁতৰ কাৰণে আশাৰ গীত গোৱা
জীৱনত সিহঁতৰ ৰহণ বোলোৱা
আজি মৰণক মষিমূৰি
জীৱনৰ জেউতিৰে জ্বলোৱা দীপাৱলী
বাধা যদি নিদিয়া পিশাচী এন্ধাৰক
ধৰা হ'ব ৰণেৰে ৰাঙলী।
অ'..অ'..অ'..অ'..
শঙ্কৰে যুঁজিলে সুৰৰে বৈৰী
নিশাচৰ যতমান পলালে লৱৰি
আজি জীৱনৰ নাটকৰ দৃশ্য দেখুওৱা
আজি ৰণৰ অগনিক সুৰৰে নুমোৱা
নহ'লে তীক্ষ্ণ নখেৰে সিহঁতে
শিশুৰ কলিজা খাব ফালি
সমাজৰ নাটঘৰ সজোৱা-পৰোৱা
সাম্যৰ ৰহণ ঢালি শান্তিৰ ৰহণ ঢালি
বাধা যদি নিদিয়া পিশাচী এন্ধাৰক
ধৰা হ'ব ৰণেৰে ৰাঙলী।
Comments
Post a Comment