এৰা বাটৰ সুৰ
"শুৱনিকৈ অসমীৰে একতাৰে সূতাবোৰে মহুৰাতে ল'লেহি পাক"
'এৰাবাটৰ সুৰ খনত মোৰ জীৱন-চিত্রখিনিকে দাঙি ধৰিব খুজিছিলোঁ। নিশা ফুকন নামৰ এজনী ছোৱালীক জয়ন্ত দুৱৰাই বিয়া কৰাম বুলি ক'লে। নিশা ফুকনৰ লগত সি নিমিলিলে। গতিকে, এৰাবাটৰ সুৰ বিচাৰিয়েই 'অসমৰ মাটিয়ে মোক ভুল নুবুজেতো'- এইবুলি কৈ সি গুচি গ'ল। এইখন মোৰ সম্পূৰ্ণ আত্ম-জীৱনীমূলক ছবি। আজি মই সেই কাহিনীকে লৈ উপন্যাস লিখিব পাৰিলোঁহেঁতেন, নিলিখিলোঁ। মই কিতাপ লিখিবলৈ ল'লোঁ মোশ্বন পিকচাৰ কেমেৰাৰে।
'এৰাবাটৰ সুৰ'ত ঠিক কৰিলোঁ যে মই মিনিৰ মুখত লতা মঙ্গেশকাৰৰ গান দিম। তেতিয়ালৈকে লতাক মই চিনিও নাপাওঁ। মই আমেৰিকাত থাকোঁতেই লতা শীর্ষস্থানলৈ উঠিছিল। মই হেমন্ত মুখার্জীক ক'লোঁ যে লতাক লাগিব 'জোনাকৰে ৰাতি' গানটো আৰু 'ৰ'দ পুৱাবৰ কাৰণে' কোৰাছটো গোৱাবলৈ। কোৰাছটোত তিনিটা Voice লাগিব।
চাৰিখন ছবিত লতাৰ কণ্ঠত গীত গোওৱাৰ মোৰ সৌভাগ্য হৈছিল। গীত শিকোঁতে বিজুলীবেগে শিকে, গাওঁতেও বিজুলীৰ দৰে জিলিকে।
-'জোনাকৰে ৰাতি অসমীৰে মাটি' গোৱাৰ আগতে, মোৰপৰা অৰ্থটো বুজি যেতিয়া অপূৰ্ব্বভাবে ৰেকর্ডিং কৰিলে, তেতিয়া মই অলপ নিমাত হৈ থাকি সুধিছিলো: 'লতা, ইমান ধুনীয়াকৈ তুমি আমাৰ ভাষাৰ গানটো নিখুঁতভাৱে প্রকাশ কৰা দেখি ময়েই তবধ মানিছোঁ।' নম্রভাবে ক'লে, 'এই গীতটো গোৱাৰ সময়ত মই নিজকে অসমীয়া ছোৱালী বুলি ভাবি অসমৰ মাটিত পৰা জোনাক উপভোগ কৰিছিলোঁ।' মোক এদিন লতাই ৰসিকতা কৰি কৈছিল: আপোনাৰ নাকটো ঘোৰ খোৱা, মাৰাঠী নাকৰ দৰে। নামটো ভূপেন্দ্রকুমাৰ হাজৰিকা নুবুলি ভূপেন্দ্ৰ ৰাও কৰিলে সাইলাখ মাৰাঠী ল'ৰা হৈ যাব। মই উত্তৰত কৈছিলোঁ তুমি 'ৰ'দ পুৱাবৰ কাৰণে মাতিবানো কাক' গোৱা শুনিলে অসমীয়া ৰাইজে তোমাক লতা শইকীয়া বা লতা হাজৰিকা বুলি ক'লেও বিশ্বাস কৰিব। শাস্ত্রীয় আৰু আধুনিক গীত আয়ত্ত সমানে যেনেকৈ কৰিছে, ঠিক তেনেকৈয়ে উদাৰতা, স্বার্থত্যাগ আৰু মহানুভৱতাক এই শিল্পীগৰাকীয়ে নম্ৰতাৰে আৱৰি ৰাখিছে। লতাই মাৰাঠী ভাষাত আৰু হিন্দীতো অতি ধুনীয়াকৈ লিখে।
'অস্ত আকাশৰে সপোন ৰহণ সানি' গীতটোৰ সুৰত বাংলা গীত 'অস্ত আকাশে দিনেৰ চিতা জ্বলে' তেওঁৰদ্বাৰা ৰেকর্ডিং কৰাই আহি কলিকতা পোৱাৰ পাছত তেওঁ মোলৈ লিখা চিঠি এখনত তেওঁৰ 'ৱাল্কেশ্বৰ'ৰ বাসস্থানৰ (এতিয়া সেই ঘৰ এৰিছে) পৰা সাগৰ আৰু আকাশ মিলা ঠাইৰ সন্ধিয়া দেখি এইদৰে বৰ্ণাইছে- 'ক'ৰ সূৰুযে অন্ত আকাশক, গালত, কিঞ্চিৎ ৰক্তিম আভা যাচি আকৌ এন্ধাৰত থৈ গুচি গ'ল?' হেজাৰৰ প্রশ্ন: লতাই বিবাহপাশত আবদ্ধা হ'ব নেকি? তাৰ উত্তৰত লতাই এবাৰ এজনক কৈছিল : 'মোৰ বিয়া হৈ গ'ল সঙ্গীতৰ সৈতে।'
ৰ'দ পুৱাবৰ কাৰণে মাতিবানো কাক?
ওলাই দেখোন আহিলেই ৰহদৈৰে জাক
লগে লগে ল'ৰি আহিল সেউতীহঁতৰ মাক
পাহাৰ বগাই নামি আহিল ডালিমীৰে জাক
শুৱনীকৈ অসমীৰে একতাৰে সূতাবোৰে
মহুৰাতে ল'লেহি পাক।
অ' আইতা আইতা অ'
এনেই আইতা নাচনী তাতে নাতিনীৰে বিয়া।
অসম আকাশ পোহৰ হ'ব উৰুলিটি দিয়া।
তেজীমলা কোন?
সোৱণশিৰিৰ সোণ
সোণ চেঁকুৰা মাটিতে সিঁচি
দোকমোকালিতে চোতাল মচি
আজি হেনো দেখিছে গাঁৱৰে কঠীয়াতলীত
পোহৰ শিশুৰ কোমল হাঁহি
নতুন দিনৰ ধুনীয়া সপোন
চেৰেকীতকৈ চৰিছে যে আইতাৰ হে পাক।
আজিৰ মূলা গাভৰুৱে দপদপাই ওলালে
হেংদানে মাকো দেখি ক'ৰবাতে লুকালে
মূলাই আজি সমাজ শালত চেনেহ চেলেং লগালে
সজাবলৈ পৰাবলৈ কাক?
মকৰাৰে পুৰণি জালবোৰৰ এলান্ধু
সাৰি-পুচি নিবলৈ আহিল বতাহ এছাটি
তাতে উৰে হেজাৰ কপৌৰ জাক
পৃথিৱীৰে আকাশৰে শুকুলাকৈ ডাৱৰে
উলাহেৰে সাৱটিছে তাক।
অসমীৰে চোতালত ৰ'দ কাঁচলিত বহি বহি
ব তোলাই ব তোলে বাটি কঢ়াই কাঢ়ে
আমাৰ দেশৰ চেলেংখনিৰ নতুন ৰহণ চৰে
সজাবলৈ হেজাৰ জনতাক
আনন্দতে পুৱাই উৰিল
হেজাৰ হেজাৰ কপৌৰে জাক
ধিয়াই মাথোঁ ৰঙা বেলিৰ
জীৱন যচা তাপ।
~মই এটি যাযাবৰ
Comments
Post a Comment