এৰি অহা দিনবোৰ



দেৱী,নলিনীবালা(১৯৯৪)।এৰি অহা দিনবোৰ।লয়াৰ্ছ বুক ষ্টল,পৃষ্ঠা

১.আকাশে-বতাহে উপচি পৰা মৰমৰ সোঁতত উটি বুৰি মৰমৰ গধুৰ বোজা দাঙিব নোৱাৰা হলোঁ। আচৰিত হৈ ভাবোঁ, এই অশান্ত, অযোগ্য, ভাগ্যহীন জীৱনলৈ ধাৰাসাৰে বৈ অহা সর্বভাৰতৰ আদৰৰ চেনেহৰ ধাৰ এই ক্ষুদ্রতম জীৱনে কেনেকৈ পৰিশোধ কৰিব? মোৰ মাটিৰ মাতৃৰ চেনেহৰ ধৰুৱা হৈয়ে এই পৃথিৱী এৰি যাব লাগিব। তথাপি জানো এই সীমাহীন মানৱ সত্তাৰ শান্তি আছে? জিৰণি আছে? নাই! নাই! সীমাহীন মানৱ সত্তাৰ, বিশ্ব-কর্মস্রোতৰ পৰিসমাপ্তি নাই। কোনোবা অনাদি কালৰে পৰা কর্মসোঁতত উটি-বুৰি বিৰাম নোলোৱা এই মানৱ সত্তাৰ জিৰণি নাই। 

২.কৰমৰ ধৰুৱা অশান্ত জীৱন পুনৰ ঘূৰি আহিব লাগিব মাটিৰ পৃথিৱীলৈ। পৃথিৱীৰ আধৰুৱা কৰমৰ ভাৰ বান্ধি লৈ প্ৰেমৰ অৱদানৰ সম্বল বোকোচাত লৈ হৃদয়ত কর্মসেৱাৰ পৰম আত্ম- প্রশান্তিৰ প্রসাদৰ তৃপ্তি বুকুত বান্ধি এই যুগমীয়া অশান্ত আত্মাই বিশ্ব পৰিক্ৰমাৰ আৱৰ্তনৰ মহাযাত্রীৰূপে আগবাঢ়ি গৈ থাকিব লাগিব সীমাহীন অনন্তলৈ। এয়ে হ'ব পৰিসমাপ্তি, এয়ে হ'ব অশান্ত জীৱনৰ পৰম শান্তি, জীৱনৰ পৰম প্রশান্তি।মনলৈ অহা কথাবোৰ, কৰমপথৰ সোঁৱৰণবোৰ, চিত্ৰবোৰ আঁকি যাবলৈ কৰা যত্নত অভিজ্ঞতাবিহীন লিখনিৰ হেজাৰ ত্রুটিৰ, হেজাৰ ভুলৰ মোৰ মৰমী দেশৰ ৰাইজৰ ওচৰত নতশিৰে ক্ষমা মাগিলোঁ।

৩.সময়ৰ বালিত খোজ পেলাই পেলাই- বহুকাল আগতে এৰি অহা দিনবোৰলৈ উভতি চাইছো, তিনি কুৰি তেৰ বছৰ কালৰ বাট বুলনিত-চকুৰ আগত জিলিকি উঠিছে-এখনি ৰহস্যপূর্ণ জীৱন-নাটিকাৰ দৃশ্য।

৪.পাহৰণি-কুঁৱলীৰ আঁৰে আৰে চকা-মকা সোঁৱৰণিবোৰে মনৰ মাজত ভূমুকি মাৰিছেহি। অস্তগামী জীৱন-বেলি বুৰ যাওঁ যাওঁ, জীয়ন-নৈৰ পাৰঘাটত বহি আছো; মূৰত কদমফুলীয়া চুলি, চকুৰ মণি জ্যোতিহীন, সোমাই-অহা এন্ধাৰ সন্ধিয়াত বহি মাথোঁন মনৰ চকুৰে-অতীতত এৰি অহা দিনবোৰৰ সোঁৱৰণিৰ পাতবোৰ এটি এটিকে লুটিয়াই গৈ আছো। মনত পৰিছে সুদূৰ অতীতৰ সোণোৱালী ল'ৰালি কালৰ সেই মনোমোহা দিনবোৰলৈ।

৫.শুৱনি কল্পনাৰে ভৰপূৰ সপোন সপোন লগা সেই দিনবোৰ ক'লৈ গ'ল? আজি বাৰে বাবে মনত পৰিছে, কোন অতীজতে লীন হৈ যোৱা সোণালী শৈশৱৰ ফুল-পখিলাৰদৰে পৱিত্র যুক্ত হাঁহি- আনন্দেৰে ওপচা সেই দিনবোৰলৈ।


৬.পাহৰণিৰ আঁৰত বুৰ যোৱা এৰি অহা তিনিকুৰি ওঠৰ বছৰৰ দীঘলীয়া বাট-বুলনিত বাটৰ দুকাষৰ নানান চিত্রবোৰ ছাঁয়াছবিৰ দৰে মনৰ দাপোণত জিলিকি উঠিছে। সীমিত নির্ধাৰিত কক্ষত ঘূৰি ফুৰা এটি পপীয়া তৰাৰ দৰেই মানুহ জীৱন-জীৱনৰ কৰ্ম পৰিধিত ঘূৰি ঘূৰি এদিন শূন্যৰ মাজত তাৰ ক্ষীণ জ্যোতি শেষ হৈ যায়।

৭.মানুহে জীৱনৰ বাটত বাট বুলোতে জীৱনৰ হেজাৰ সংঘাতৰ কোব খাই স্মৃতিৰ ভঁৰালত বহু অভিজ্ঞতা আত্মপ্রত্যয় লাভ কৰা মানুহসত্তা পূর্ণ কৰি তোলাত সহায় কৰে। বৈচিত্র্যহীন এই দীঘলীয়া জীৱনৰ বাতৰি পাবলৈ উঠি অহা তৰুণবোৰে উৎসুকতাৰে মোক হেজাৰ প্রশ্ন কৰে-মোৰ জীৱনৰ ঘটনাবোৰ লেখি থ'বলৈ সদায় সকীয়াই থাকে। প্রথিতযশা সুসাহিত্যিক শ্রীবীৰেন্দ্র কুমাৰ ভট্টাচার্য্যই আহি এদিন ক'লেহি, "জেঠাই! আপোনাৰ জীৱনৰ বিষয়ে কিবা লিখা আছে যদি মোক দিয়ক, 'নৱযুগ' কাকতত প্রকাশ কৰিম।"

৮.দীঘলীয়া জীৱনৰ এই কাহিনীখিনি নৱজীৱন প্রেছে মুদ্রণ কৰিবলৈ লোৱাত আৰু মোৰ পুত্রোপম শ্রীখগেন্দ্রনাৰায়ণ দত্তবৰুৱাই আগ গুৰি ধৰি সহায় কৰাতহে পুথিখনি প্রকাশ পোৱাটো সম্ভৱ হ'ল। এওঁলোকলৈ মোৰ আন্তৰিক চেনেহ-আশীর্বাদ যাচিলোঁ। বহুতে প্রশ্ন কৰে, দীঘলীয়া জীৱনৰ কালছোৱাত মই কি দেখিলোঁ, মই কি পালোঁ? ক'বলগীয়া হয় বহুত দেখিলোঁ, বহুত শুনিলো। দেখিলোঁ উনৈশ শতিকাৰ বৃটিছ শাসকৰ বেলি মাৰ নোযোৱা ৰাজত্বৰ ৰূপ-বগা চাহাবৰ ভয়ত আমঠু কঁপা মানুহে চাহাববোৰক দেৱতা যেন দেখা দিনবোৰ। মোৰ বিশাল অসমী আইৰ পর্বত-ভৈয়ামৰ ঋষি-মুনিৰ আশ্ৰমৰ দৰে তপোবন, ৰূপৰ শান্তিময় পুণ্য পৰিবেশ। প্রাচুর্য্যৰে উপচি পৰা শস্যে-মৎস্যে উভৈনদী অসমীয়া মানুহে ভোগ কৰি ওৰ পেলাব নোৱাৰা-দুখ দৰিদ্রতাৰ ভূ-নোপোৱা সেই দিনত জনমি জীৱনৰ বাল্যকাল কটালোঁ; উপভোগ কৰিলোঁ-আজিৰ এই যুগৰ লগত তুলনা নোহোৱা অসমীৰ অতুল সম্পদৰাশি।(০৪)

৯.আকৌ দেখিলোঁ-কুৰি শতিকাৰ জাগৰণ, বহুদিন বৃটিছ শাসনত পৰাধীনা ভাৰত মাতৃৰ যুক্তিৰ আত্মজাগৰণৰ দিনবোৰৰ মনবলিয়া কৰা মুক্তি যু'জৰ দিনবোৰ। জাগ্রত ভাৰতৰ তেত্রিশ কোটি ভাৰতবাসীব ঐক্যময় যুক্তি-শঙ্খৰ যোৰ নিনাদ, অহিংস যুদ্ধত আত্মোৎসর্গ। মুক্তিৰ বলিয়াবানত জাপ দি সাঁতুৰি-নাদুৰি পাৰ উঠিলো। এই যুক্তিযুদ্ধত দেখিলোঁ-মানৱত্বৰ মহান মহিমা। প্রেম আৰু ত্যাগেৰে, আত্মসংযম আৰু তপস্যাৰে হিংসাক জয় কৰা দিনবোৰ। ভাৰতবৰ্ষৰ বহুযুগৰ তপস্যাৰ ফলত পালোঁ জাতিৰ চিৰ বাঞ্ছিত স্বাধীনতা।(০৪)

১০.প্রতিমা বিসর্জন দি সকলো দর্শক খোজকাঢ়ি ঘৰাঘৰি যায়। ওপৰত দশমীৰ জোনাক। জোনাকে বুৰাই পেলোৱা পথাৰবোৰৰ মাজেৰে জাক পাতি খোজকাঢ়ি আহি কি যে ভাল লাগে। হায় সেই আনন্দ, সেই মিলাপ্রীতি, সেই নির্ভয় বিশ্বাস আজি ক'ত হেৰাল? দেশৰ অগ্রগতিৰ ধূলিয়ে মানুহৰ মনবোৰতো ধূলিৰ ঢাকনি পেলাই অতীতৰ নির্মল পৱিত্র 'স্মৃতিবোৰ মচ খুৱাই পেলালে।সুৱঁৰিছোঁ আজি পাহৰিব নোৱাৰা সেই দিনবোৰৰ কথা।(১৪)

১১.পুৱাৰ নির্মল পোহৰত সাৰ পাই নিয়ৰ গছকি ফুৰিবলৈ লৰ মাৰো। হাতত কুকি লৈ তলসৰা শেৱালি বুটলি স্থলপদ্মবোৰ কুকি ওপচাই আনি গোসাঁই ঘৰত থওঁ। মালা গাথোঁ বিধে বিধে। মনৰ মাজত সুৰৰ গুঞ্জন অবিৰাম চলি থাকে। সুৰৰ আৱেশে পুৱাৰ প্রকৃতিৰ ধুনীয়া পৰিৱেশত শিশুমনত কি যে অপূর্ব পুলক জগাই তোলে। মুখত উলাহৰ জেউতি লৈ দৈনন্দিন কামবোৰ কৰে।(১৯)

১২.শৈশৱ যৌৱনৰ দোমোজাত ভৰি দিছো। নৱ বসন্তৰ আগমনে কিশোৰী মনত ৰং সানিছে। কেউপিনে উলাহ আনন্দ ৰসে গন্ধে ভৰা পৃথিৱী সোণোৱালী ৰ'দালিৰ জিলমিলনিত জিলিকি উঠিছে। গছে-পাতে নৈয়ে-বিলে যেনিয়েই চাওঁ তেনিয়েই দেখো নতুন ৰং, নতুন ৰূপ। ফাগুনী বতাহৰ সতে পাতলীয়া মন উৰো উৰো কৰে।(৩৫)


১৩.দুখৰ সংঘাতে ক্ষণিক জীৱনৰ সুখ অভিলাষ আলসুৱা ভাববোৰ অভিমান অহঙ্কাৰ পুৰি পুৰি ছাই কৰে। সেয়েহে ভাবো দুখ মানুহৰ পৰম বন্ধু। দুখ নাপালে মানুহৰ জীৱনত প্রকৃত শিক্ষা নহয়, দুখক পৰম প্রিয়ৰ দান বুলি সাদৰি ল'বলৈ মানুহ-জীৱন প্রস্তুত হ'ব লাগিব। স্বামীজীৰ 'বেদবাণী'ত এয়া অমোঘ মন্ত্র। দুখ মানুহৰ পৰম বন্ধু। দুখে মানুহক অহঙ্কাৰমুক্ত কৰি ভগৱানৰ চৰণত আত্মসমর্পণ কৰিবলৈ শিকায়। দুখৰ সংঘাতে মানুহৰ আত্মা শুদ্ধ কৰে; বিনয়ী, সহিষ্ণু আৰু ধৈর্য্যশীল কৰি তোলে। দুখ মানুহ-জীৱনৰ সত্য পথ প্রদর্শক, 'বেদবাণী'।(৬২)


১৪.মানুহৰ জীৱনত এনে ধৰণৰ ব্যাকুলতা কেতিয়াবা আহে। এই জীৱনলৈ অহা অমৃত মুহূর্তৰ অনুভূতিবোৰেই কবিতাৰূপে সত্যপথৰ সন্ধান দিলে। দীঘলীয়া জীৱনত বিচাৰি ফুৰা শান্তিপথৰ সন্ধানে মনৰ মাজত নানা অনুভূতিৰ পৰশ বুলালে, যি অনুভূতিৰ কঁপনিয়ে ছন্দৰূপ ল'লে। মনত দৃঢ়বিশ্বাস হ'ল, জীৱনজোৰা দুখে পুৰি হৃদয় শুদ্ধ কৰি তোলে, জাগতিক কামনা-বাসনা, ভোগ-বিলাসৰ স্পৃহা মনৰপৰা আঁতৰি যায়; সকলো কৰ্মৰ মাজতে চিৰসুন্দৰৰ অনুভূতি জাগ্রত হয়। জীৱনত দুখ-কষ্টৰ মাজেৰেহে মনুষ্যত্বৰ প্রকৃত স্বৰূপ পৰিস্ফুট হ'বলৈ সুবিধা পায়। নিজৰ সুখ তুচ্ছ কৰি আনৰ কল্যাণ, সমাজৰ কল্যাণ চিন্তা কৰিবলৈ যত্ন কৰিলে মানুহে জীৱনত বিমল আনন্দ লাভ কৰিব পাৰে।(২১৩)


১৫."মেলানি মাগিলোঁ

জীৱনৰ বেলি বুৰোঁ বুৰোঁ। এৰি অহা দীঘলীয়া তিনিকুৰি ওঠৰ বছৰ কালৰ সপোন-সোঁৱৰণিবোৰ তুলাপাতত আঁক পাৰি থ'বলৈ কৰা এটি প্রয়াস মাথোন।কোনোবা পাহৰণিৰ অতীতৰপৰা দেশৰ ভিন ভিন পৰিস্থিতিৰ লগত চিনাকি হৈ নানান অভিজ্ঞতা আৰু জীৱনৰ ব্যক্তিগত সুখ-দুখ অভিজ্ঞতাবোৰৰো আঁক পাৰি গ'লোঁ।মোৰ দেশৰ উঠি অহা সোণহঁতে মোক বাৰে বাৰে সোধে, দীঘলীয়া জীৱন-বাটত মই কি পালো? কি দেখিলোঁ? কি কৰিলো? উত্তৰত ক'বলগীয়া হয় বহুত পালোঁ।সকলোতকৈ শ্রেষ্ঠ ধন পালোঁ, মোৰ স্বর্গতো অধিক জীৱনৰ সাধনাতীর্থ জনমভূমিয়ে মোৰ শিৰত সিঁচি দিয়া স্নেহ-সিক্ত পৱিত্র পদধূলি। এই পদধূলিয়েই মোৰ জীৱনৰ পৰশমণি। এই জীৱনতে পোৱা বহু দুখ, হেজাৰ সংঘাত, শোক-বেদনা, সফলতা, বিফলতা আশাতীত সম্মানৰ মাজত প্রতি মুহূর্তে অনুভৱ কৰি আহিছোঁ মোৰ জীৱনৰ সুন্দৰ সত্তাৰ, জীৱনৰ সজাগ প্ৰহৰীজনৰ মোৰ এই অকিঞ্চিৎকৰ জীৱনৰ আঁৰে আঁৰে প্রতি চিন্তাৰ পাৰে পাৰে এটি উজ্জ্বল সুন্দৰ স্নিগ্ধ স্নেহ- কোমল দৃষ্টিৰ পৰশ। অতুলনীয় এই অনুপম দৃষ্টিয়েই মোৰ জীৱনৰ প্ৰতি কর্মৰ পথপ্রদর্শক। এই দৃষ্টি পৰশে নীৰৱ প্রাণত নীৰৱে জগাই তোলে স্বপ্নময় কাব্যসুৰ। এই অপাৰ্থিৱ সুৰজগতৰ স্পর্শত জীৱনসত্তা নিমগ্ন বিভোৰ হৈ আগবাঢ়ি গৈ আছে। এতিয়া জৰাজীর্ণ ভাগৰুৱা জীৱনে জিৰণি বিচাৰিছে, সমাপ্তি বিচাৰিছে। সেয়েহে নগৰৰ কোলাহল এৰি জাতিৰ পিতাৰ পাদপীঠত শৰণীয়া পৰ্বতৰ গাত এটি জিৰণি পঁজা সাজি শেষ বিদায়ৰ খেণ গণিছোঁ। সপোন সপোন লগা এই 'স্বপ্নাচল' পঁজাটিত বহি সৌৱা সমুখৰ নৰকাসুৰ পাহাৰলৈ উৰি যোৱা বগা-বগলিজাকে ৰিঙিয়াই গৈছে। কামাখ্যা পর্বতৰ আঁৰত সৌৱা বেলি বুৰ গ'ল। চকুৰ জেউতি নুমাই আহিছে। জিৰণি বিচাৰিছে অশান্ত আত্মাই। জীৱনৰ দিনবোৰ গৈ আছে, মোৰ প্ৰাণতকৈও মৰমী দেশৰ ওচৰত বিদায়ৰ ক্ষণ ওচৰ চাপি আহিছে, সৌৱা নীলা পাহাৰৰ গাত উৰি যোৱা বগলি জাকৰ দৰে। সকলোৱে সোধে-আইতা! আপুনি দিনবোৰ কেনেকৈ কটায়? কবিতা সদায় লিখেনে? কওঁ, সোণহঁত, পুৱতিতে শেতেলি এৰি পুৱাৰ উপাসনা কৰোঁ।চাহ খাই লিখাপঢ়াত বহোঁ। দহ এঘাৰ বজাত গা ধুই পূজা উপাসনা কৰি খাই জিৰণি লওঁ-একেটা চিন্তাকে লৈ দিনবোৰ কাটি যায়। পুৱাতেই মই লেখো।


এই পুৱা সময়তেই লেখিবলৈ বহিলে, লিখাবোৰ সহজতেই মনে সৃষ্টি কৰিব পাৰে, আন সময়ত লিখিবলৈ মই প্রেৰণা নেপাওঁ। দীঘলীয়া জীৱনত যি চিন্তাই মন অধিকাৰ কৰিছে সেই একে চিন্তাতে দিন বোৰ কাটি যায়। মনে এতিয়া অনন্ত শান্তি বিচাৰিছে। চকুৰ দৃষ্টিও ক্রমে হেৰাই গৈছে। তথাপিও প্রতিটো কর্মৰ আহ্বানত মনে জিৰণি নাপায়, সদায় লিখনি ধৰিব লগীয়া হয়। মই ভাৱোঁ চিৰ জাগ্রত মানৱৰ আত্ম- সত্ত্বাই কর্মবিহীন হৈ থাকিব নোৱাৰে।বিশ্বৰ কর্মপ্ৰৱাহে, মানুহৰ কৰিবলগীয়া কামখিনি কৰাই লৈ গৈ থাকে। সুন্দৰ কল্যাণ চিন্তাত মন অভ্যস্থ হ'লে, মানসৰ সুন্দৰ চিন্তাৰ প্রৱাহে শান্তিৰ পৰশ বুলাই থাকে। জীৱনৰ শেষ যাত্রাৰ আগলি বতৰা আহিছে। সমুখত অদীনব হাত বাউল। জীৱনৰ হেজাৰ ত্রুটিৰ ক্ষমা বিচাৰি বিদায় মাগিলো। বিদায় জন্মভূমি।"


মেলিলো প্রথম চকু

তোমাৰ কোলাতে আই জনমৰ আদিমপুৱাত,

মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত। (জনমভূমি)


উল্লেখিত কথা আৰু সংযোজিত ছবিৰ উৎস:


এৰি অহা দিনবোৰ

নলিনীবালা দেৱী









Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)