২০০৯ চনৰ গণেশ গগৈ স্মৃতি সন্মান গ্রহণ কৰি


২০০৯ চনৰ গণেশ গগৈ স্মৃতি সন্মান গ্রহণ কৰি

সন্মানীয় সভাপতি আৰু সমবেত দর্শকসকল,

মানুহ কবিতাৰ প্ৰেৰণা। কবিতাৰেই কবি জীয়াই থাকে। কবিতা কবিৰ চিৰ- জাগৰূক কণ্ঠ। এজন কবি এটা জাতিৰ আলোকিত অর্জন। কবি গণেশ গগৈ অসমীয়া সাহিত্যৰ এটি জীৱন-মুগ্ধ প্রতিভা। অকাল প্রয়াত এই কবিগৰাকীয়ে কবিতা নাটক গানেৰে আমাৰ সাহিত্য সমৃদ্ধ কৰি গৈছে। 'পাপৰি' তেখেতৰ বেদনা-ভৰা সৌন্দৰ্যৰ বাণী বন্দনা; প্রেম-ভৰা চকুলোৰ আকুলতা। এইজনা সতেজ-সঁজাল কবিৰ কবিতাৰ উৎসই হৈছে জীৱন। জীৱন ভালপোৱাৰ বিপুল চানেকী সূচীত তেখেতৰ দ্বিধাহীন সৃজন; পাৰ-ভঙা সোঁতৰ খলকনি। এই গৰাকী কবিৰ প্ৰতি আজিৰ শ্ৰদ্ধাঞ্জলি আমাৰ আদর্শিক চেতনাৰে সার্থক হওঁক। আজি সাম্প্রদায়িকতা আৰু ধর্মান্ধতাই আবৰি ধৰিছে দেশৰ চৌপাশ। বাৰুদে-বিস্ফোৰণে সন্ত্ৰাসৰ বিশ্বায়ন ঘটিছে। হেৰাই গৈছে মানৱতা। চৰম সংকটৰ মুখামুখি মানুহ; মানুহৰ সংস্কৃতি, মানুহৰ শুভবোধ। আশাৰ কথা, এই বৈৰী পৰিৱেশ নেওচি দেশ নির্বিশেষে মানুহৰ চেতনাৰ গণতান্ত্রিক ভূমিকাই আমাৰ আশাৰ ৰেঙণি কঢ়িয়াই আনিছে। মানুহ অমানবিকতাৰ চিৰ প্ৰতিবাদী। আজি কবি গণেশ গগৈৰ সোঁৱৰণত অসম চৰকাৰে আমালৈ যচা এই সাহিত্য সম্মান মই অতি শ্ৰদ্ধাৰে গ্ৰহণ কৰিলোঁ। আশা কৰিছোঁ এই পুৰস্কাৰে মোৰ লগতে অসমীয়া কবিতাৰ পাঠককো সমানে আনন্দ দিব। সেয়েই পুৰস্কাৰৰ সাৰ্থকতা। পুৰস্কাৰ কবিৰ আনন্দৰহে অলঙ্কাৰ। এইখিনি কৈয়েই মোৰ কথা এটা কবিতাৰে সামৰিলোঁ-

তেজ-মুয়ে ধৰিছে মোক, এন্ধাৰ দেখিছোঁ তই কাষতে থাকিবি, তোেক পালে মোৰ সাহ বাঢ়ে।

মোৰ ভিতৰখন তেনেই ঠুনুকা। ভাঙি পৰিছে টুকুৰাটুকুৰে, খোলাকটিৰ দৰে। চাওঁ, ওচৰ চাপি আহ-

তোৰ পেঁপা বলা উমাল হাতখন মই হাতৰ মুঠিত লৈ ডাঠ কৰি লওঁ মন! চাৰিওফালে ধুমুহা-বিজুলীৰ তাণ্ডৱ...

২১ আগষ্ট ২০০৯

গুৱাহাটী

হীৰেন ভট্টাচার্য

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)