নিয়ৰৰে ফুল শীৰ্ষক গীতৰ আঁৰৰ কথা


নিয়ৰৰে ফুল

এপাহ ফুলিল,

এপাহ সৰিল কেনি?

কথা:নৱকান্ত বৰুৱা

কণ্ঠ:ড° ভূপেন হাজৰিকা

সংগীত:ড° ভূপেন হাজৰিকা

"অলপ পাচতে এগৰাকী ছোৱালীয়ে মোক ভৰিত ধৰিবলৈ যাওঁতেই মই বাধা দি ক'লোঁ- কোন তুমি? দাদা, মই আইনু। গা-মন শিয়ৰি গ'ল। নৱকান্ত বৰুৱাদেৱৰ কন্যা আইনু - দেখিলোঁ আইনু এতিয়া সেই আইনু নহয়। - এতিয়া ভদ্রমহিলা। তেতিয়া? মধুচয়নিকা যুগৰ কথা- যেতিয়া নৱকান্ত বৰৱাৰ সৈতে আমি প্রায়েই আড্ডা মাৰিছিলোঁ। এদিন বৰুৱাদেৱৰ ঘৰত তেওঁৰ সহধৰ্ম্মিণী বীণাই কোলাত লৈ আহিছিল এজনী অকণমাণি ছোৱালী। নাম? আইনু। বৰুৱাদেৱে ক'লে, 'হাজৰিকা, এটি গীত লিখিছোঁ।' -মোৰ এই চিন্তা ভাগি গ'ল। 'বিবেকানন্দ কেন্দ্র'ত মই বহি আছোঁ- নৱকান্ত বৰুৱাৰ সৈতে। হঠাৎ মোৰ সহকাৰী কমল কটকীক ক'লোঁ, নিয়ৰৰে ফুল'টো গোৱাঁচোন। কমল গীটাৰিষ্টহে। তথাপি মাজে মাজে গীত গায়। মই ক'লোঁ গোৱাঁ। কমলে গালে। সভাগৃহ নিস্তব্ধ হ'ল। বাৰে বাৰে মোক আঘাত কৰিছিল- এশাৰী কথাই আইনুজনীৰ চকুৰ মণি-নিয়ৰৰে ফুল/এপাহ ফুলিল/এপাহ সৰিল কেনি?

ওচৰতে বহি থকা কবি নৱকান্ত নহয়, পিতৃ নৱকান্ত। কিয় জানো- তেওঁ লিখিছিল- নিয়ৰৰে ফুল এপাহ ফুলিল এপাহ সৰিল কেনি?

বহুতে নাজানে- নৱকান্ত বৰুৱাৰ ছোৱালী আইনুৰ পাচত আৰু এগৰাকী ছোৱালী জন্মিছিল(জুনুকা)। পাচত তাইৰ গাভৰু কালতে অকাল মৃত্যু হ'ল। এপাহ সৰিল লিখাৰ সময়ত তেওঁৰ দ্বিতীয় ছোৱালী যে জন্ম হ'ব, নাজানিছিল।

মোৰ মনত পৰিল ষাঠিৰ দশকত (আমাৰ 'মধুচয়নিকা' যুগত) অল ইণ্ডিয়া ৰেডিঅ'ত স্বর্গীয় মুকুল বৰুৱাই প্ৰযোজনা কৰা কবি নৱকান্ত ৰচিত নতুন কবিতা মই অভিনৱ সুৰেৰে সজাই জনপ্রিয় কৰিছিলোঁ। আইনু সুন্দৰভাৱে আজিও আছে। আৰু? কিন্তু নাই। সোঁশৰীৰে নাই যদিও মই গোৱা এই গীতটোৰে সেই সৰি পৰা ফুলপাহ চিৰযুগমীয়া হৈ থাকিব যেন। প্রায় একক প্রচেষ্টাত।"

উৎস:মই এটি যাযাবৰ

"ভূপেন হাজৰিকাৰ বাবে বিশেষভাৱে লিখিত গান বুলিয়েই ক'ব পাৰি। গানটো তেখেতক দি মই কৈছিলোঁ, গান এটা দিলে ছোৱালী এজনী উলিয়াই দিয়া যেন লাগে। উত্তৰত কৈছিল - ভয় নকৰিব, মই দূৰৈকৈ পুখুৰী খন্দাই নিদিওঁ।" 

উৎস: 'নৱকান্ত বৰুৱাৰ গান: দিন ৰাতি ঋতু আৰু মনৰ খবৰ,'

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)