সৃজনীশীলতা:অৰ্থপূৰ্ণ জীৱনৰ মহৌষধ


সৃজনীশীলতা:অৰ্থপূৰ্ণ জীৱনৰ মহৌষধ


"ক্ষুধাৰ জ্বালা প্ৰশমিত কৰা যায় অন্নৰে, পিপাসাৰ জ্বালা উপশমিত কৰা যায় সুশীতল জলেৰে, কিন্তু বিৰহৰ জ্বালাৰ নাই একোতে উপশম, নাই একোতে ব্যতিক্ৰম ৷ তাতে হয় মন বিক্ষিপ্ত,হৃদয় উৎক্ষিপ্ত ৷ তাৰ জ্বালা নিবাৰণাৰ্থে যোগীয়ে আশ্ৰয় লয় সাধনাৰ, সাধুৱে লয় ধৰ্মৰ , শিল্পীয়ে শিল্পৰ,ভাৱপ্ৰৱণে সাহিত্যৰ,আৱেগপ্ৰৱণে সঙ্গীতৰ,কৰ্মবীৰে লয় জন-সেৱাৰ আৰু নিতান্ত মূঢ়জনে আশ্ৰয় লয় জুইৰ, পানীৰ,জৰীৰ।" 

~হিতেশ ডেকা

সপোন আৰু সৃজনীশীলতাই মানুহক জীৱনমুখী কৰে।জীৱন অৰ্থবহ কৰি তোলে।কৰি ভালপোৱা কামবোৰ দৰাচলতে জীৱনৰ মূলবিন্দুত উপনীত হ'বৰ বাবে আগবঢ়োৱা একো একোটা বিমুক্ত খোজ।এই কৰি ভালপোৱা কামবোৰেই মানুহক প্ৰশান্তি দিয়ে,জীৱন বাটত খোজ দিবলৈ দুগুণে সাহস দিয়ে।প্ৰদান কৰে অমল সুখ।এই সুখৰ তুলনা নাই,এই সুখৰ অনাবিল আনন্দত মানুহে পাহৰি যাব পাৰে নিজৰ সমস্ত যন্ত্ৰণা।সৃজনীশীলতাত এক অনির্বচনীয় শক্তি আছে।ই মানুহৰ আত্মাক সমৃদ্ধ কৰে।

সৃষ্টিশীলতা হৈছে সেই স্ফুলিংগ যিয়ে আমাৰ জীৱনত উদ্দেশ্য আৰু পূৰ্ণতাৰ অনুভূতি জগাই তোলে।  যেতিয়া আমি সৃজনাত্মক কাৰ্য্যকলাপৰ সৈতে জড়িত হওঁ,এই প্ৰক্ৰিয়াই আমাৰ জীৱনক গভীৰভাৱে ৰূপান্তৰিত কৰে, ইয়াক অধিক অৰ্থপূৰ্ণ আৰু সমৃদ্ধ কৰি তোলে।এটি শিশুৱে সৰুৰে পৰাই বিভিন্ন চিন্তা,কাৰুকাৰ্যৰ মাধ্যমেৰে নিজৰ সৃজনীশীল মনটোৰ পৰিচয় দাঙি ধৰে।কোনো কোনোৱে সেই শিশুটিৰ সৃজনশীল মনটো অনুধাৱন কৰি সেই দিশত আগবাঢ়ি যোৱাত প্ৰেৰণা যোগায়,অন্যহাতে আন বহুলোকে সেই মনটিক কলিতেই মোহাৰি পেলায়।এটা সময় আছিল,যেতিয়া বেছিভাগ লোকেই ভাৱিছিল যে কেৱলমাত্ৰ অধ্যয়ন আৰু পৰীক্ষাৰ নম্বৰেহে  এজন ল'ৰা বা ছোৱালীৰ সুন্দৰ ভৱিষ্যতৰ বাট সুগম কৰিব।সেয়েহে পাঠ্যক্ৰম আৰু নম্বৰৰ দৌৰত যদি সেই বিশেষ ছাত্ৰ বা ছাত্ৰী গৰাকীৰ কিবা সৃজনাত্মক প্ৰতিভা আছিলেও, সেই প্ৰতিভাক বিকশিত কৰাৰ থল নাইকিয়া কৰা হয়।অৰ্থাৎ এটা সময়ত এগৰাকী ব্যক্তিৰ ৰুচিবোধৰ ওপৰত নিচেই কম গুৰুত্ব প্ৰদান কৰা হৈছিল।সৃজনাত্মক প্ৰতিভাসমূহ কেৱল আজৰি সময় কটোৱাৰ হে একমাত্ৰ উপায় আছিল।লাহে লাহে সময়ৰ পৰিক্ৰমাত সৃজনাত্মক কলাৰ গুৰুত্ব বৃদ্ধি পালে।যিকোনো ক্ষেত্ৰতেই এগৰাকী ছাত্র বা ছাত্ৰীয়ে ভৱিষ্যতে নিজক প্ৰতিষ্ঠা কৰিব পাৰে,সেই বিশ্বাস আৰু মানসিকতা গঢ় লৈ উঠিল।যিটো অতিকৈ ধনাত্মক কথা।সৃষ্টিশীল সাধনাই আমাক আনন্দ দিয়ে,নঞৰ্থক সকলো চিন্তাৰ পৰা মুক্ত কৰি ৰাখে, মানসিক চাপ হ্ৰাস কৰে। সৃজনীশীল কাৰ্য্যকলাপ একপ্ৰকাৰৰ ধ্যান(Meditation)।সৃষ্টিশীলতাই এক শক্তিশালী মানসিক চাপ-নিৰাময়কাৰী হিচাপে কাম কৰে, যাৰ ফলত ব্যক্তিয়ে নেতিবাচক চিন্তাত গুৰুত্ব নিদি নিজৰ আৱেগ আৰু শক্তিক সৃজনশীল কামত নিয়োজিত কৰে।

সৃষ্টিশীলতা আৰু মানসিক স্বাস্থ্য সহজাতভাৱে আন্তঃসংলগ্ন, সৃষ্টিশীল কাৰ্য্যকলাপে মানসিক সুস্থতাৰ বাবে অলেখ সুযোগ প্ৰদান কৰে।সৃষ্টিশীল চিন্তাধাৰাত লিপ্ত হ’লে মগজুক উদ্দীপিত কৰিব পাৰি, উদ্ভাৱনী চিন্তাক উৎসাহিত কৰি জ্ঞানমূলক কাৰ্য্য আৰু সমস্যা সমাধানৰ ক্ষমতা বৃদ্ধি কৰিব পাৰি। আজিৰ প্ৰেক্ষাপটত হতাশা বৰ ভয়ানক সমস্যা।ই এগৰাকী ব্যক্তিক সম্পূৰ্ণৰূপে ধ্বংসৰ গৰাহলৈ ঠেলি দিব পাৰে।যিকোনো প্ৰকাৰৰ হতাশাৰ কৱলৰ পৰা মানুহক তুলি ধৰিব পাৰে একমাত্ৰ সপোন আৰু সৃজনীশীলতাই।জোনাকী পৰুৱাৰ এধানি পোহৰে অমানিশাৰ গভীৰ এন্ধাৰত বাট দেখুওৱাৰ দৰে সৃজনীশীলতাই মানুহৰ মনত ৰামধেনুৰ সাঁতো বৰণীয়া ৰং বোলায়।সপোনৰ মাজতেই বিচাৰি পোৱা যায় এমুঠি প্ৰত্যয়,এধানমান আশা, সৃজনীশীলতাৰ পাততেই আছে সাহস,শক্তি আৰু জীয়াই থকাৰ অমোঘ মন্ত্ৰ।

এৰিষ্টটলৰ মতে কৃতকাৰ্য হ'বৰ বাবে মানুহে কৰা পৰিশ্ৰমে মানুহৰ জীৱনটোক সুন্দৰ আৰু মহৎ নকৰে। মহৎ কৰে কেৱল আজৰি সময়ত কৰা কামবোৰেহে।জীৱনৰ প্ৰতিটো পল অনুপল খুব ব্যতিক্ৰমী আৰু সৃষ্টিশীল মনোভাৱেৰে পাৰ কৰিব লাগে।প্ৰতিগৰাকী বিদুষী,ব্যতিক্ৰম আৰু বিজয়ী ব্যক্তিৰ মাজত এনেবোৰ বৈশিষ্ট বিদ্যমান।তেওঁলোকৰ উদীপ্ত ব্যক্তিত্ব,কথা-বতৰাৰ মাধ্যমেৰে এই বৈশিষ্ট্য সমূহ প্ৰতিফলিত হয়।


কেৱল মানুহেই মানুহক তুলি নধৰে।মানুহক জীৱনমুখী কৰে-সপোনবোৰে, তেওঁলোকৰ সৃজনীশীলতাই।সপোন আৰু সৃজনীশীলতাই মানুহৰ জীৱনৰ মূল ইন্ধন।সৃজনীশীল মানুহৰ মনৰ বাগিচাত নানাৰঙী ফুলে জকমকাই উঠে,সেই ফুলৰ মৃগনাভ সৌৰভ সকলোতে বিয়পি পৰে,বৌদ্ধিক উজ্জ্বলতাৰে প্ৰগলভ হৈ পৰে তেওঁলোকৰ সাধনাই টলবল কৰা মুখ।সপোন দেখা মানুহৰ প্ৰাণৰ বাটচ'ৰা হাজাৰজোপা সুগন্ধিময় ফুলেৰে দোৰোল খাই থাকে।দুচকুত সপোন ওপঙি থকা মানুহবোৰক বৰ ধুনীয়া দেখি।সৃজনীশীল মানুহৰ বাবে সময় এখন সাগৰ,পুখুৰীৰ আবদ্ধ পানীৰ দৰে নহয়।সৃজনশীল মানুহবোৰে সময়ক ধুনীয়া কৰিব জানে,অৰ্থপূৰ্ণ কৰিব জানে,নিজৰ ধৰণেৰে ৰং বুলাব জানে।

"Creativity is a fundamental human impulse... It is the source of all innovation, progress, and growth."-Abraham Maslow

আব্ৰাহাম মাচলও ৱে কৈছে-সৃষ্টিশীলতা হৈছে মানৱীয় এক মৌলিক অনুভূতি, ই সকলো উদ্ভাৱন, প্ৰগতি আৰু বৃদ্ধিৰ উৎস।

সামৰণিত ক'ব পাৰি যে-সৃজনীশীলতা অক্সিজেনৰ দৰেই। ই একপ্ৰকাৰৰ মানসিক বিলাস,মানসিক আহাৰ।যি মানুহৰ সৈতে গীত,নৃত্য,সাহিত্য, সংস্কৃতি,শিল্প সাহিত্যৰ দৰে বিলাসৰ বস্তু থাকে তাৰ বাবে অন্য বিলাসৰ নিষ্প্ৰয়োজন।সপোন আৰু সৃজনীশীলতাই জীৱনটো অৰ্থপূৰ্ণ কৰি তোলে।সপোন আৰু সৃজনীশীলতাৰ বোকোচাত উঠি মানুহ বহু দূৰ যায়।কোনো এক সময়ত মানুহ হাৰে।মানুহ মাজে মাজে ভাগৰে।ক্লান্ত হয়,জীৱনৰ প্ৰতি মোহ এৰে।তেনে এক সন্ধিক্ষণত এই সৃজনীশীলতাই এন্ধাৰ বাটৰ জোনাকীৰ দৰে কাম কৰে।সৃজনশীল কলাৰ সৈতে মনে প্ৰাণে সংপৃক্ত হৈ থকা মানুহ কাহানিও মনেৰে নাহাৰে।সপোন দেখা মানুহবোৰ সহজে নাভাগৰে।হাজাৰ প্ৰত্যাহ্বানকো সুযোগ আৰু সম্ভাৱনালৈ উন্নীত কৰে।হাজাৰ ধুমুহাতো যাৰ গতি স্তব্ধ নহয়।সপোন আৰু সৃষ্টিশীলতাই মানুহক ইমান বেছি সদৰ্থক কৰি ৰাখে যে মানুহে অহৰহ যুঁজি থকাৰ,ধৈৰ্য ধৰাৰ সাহস পায়।।সপোন আৰু সৃজনীশীলতাৰ  সৈতে হাতে হাত ধৰি গৈ থাকে।জীৱনে যেতিয়া বিষ ঢালিবলৈ ধৰে,সৃজনীশীলতাই মানুহক দুহাতেৰে আলফুলকৈ তুলি ধৰে।সপোনবোৰ সাহ।সৃজনীশীলতা মানুহৰ পৰম শক্তি,প্ৰিয়তম বন্ধু।





উক্ত লেখাটি নিয়মীয়া বাৰ্তা কাকতত প্ৰকাশিত।

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)