অপেক্ষা মানেই সম্ভাৱনা:

 

Photo credit:Photo_Store

অপেক্ষা মানেই সম্ভাৱনা:

আজিৰ দ্ৰুতগতিত চলি থকা পৃথিৱীখনত অপেক্ষা কৰাটো সময়ৰ অপচয়ৰ দৰেই অনুভৱ হয়।কিন্তু অপেক্ষা মানেই এক পৰম শক্তি।অপেক্ষা মানেই সম্ভাৱনা।অপেক্ষা মানেই পোহৰমুখী একোটা ধুনীয়া বাট।এই শক্তিক আমি ইচ্ছা কৰিলেই অফুৰন্ত সম্ভাৱনালৈ উন্নীত কৰিব পাৰোঁ।বৰ্তমানৰ পৃথিৱীখনত,য’ত আমি কেৱল তাৎক্ষণিক সন্তুষ্টি আৰু দ্ৰুত সমাধানৰ পিছত অহৰহ দৌৰি ফুৰোঁ,তেনে এক সন্ধিক্ষণত অপেক্ষা কৰাটো এক অসহনীয় মানসিক অৱস্থালৈ  পৰিণত হৈছে।এই পৃথিৱীত আমি কেৱল বিচাৰিয়েই আছোঁ,যেতিয়াই বিচৰা কিবা এটা পোৱাৰ ক্ষেত্ৰত কিছু পলম হয়,আমাৰ  ধৈৰ্যৰ সকলো সীমা শেষ হৈ যোৱা যেন উপক্ৰম হয়।আমি ভাঙি পৰোঁ।কিন্তু প্ৰকৃতিয়ে যেন নীৰৱে আমাক কৈ যায়-অপেক্ষাৰ সৌন্দৰ্যতাৰ বিষয়ে।এটা বীজৰ পৰা বৃক্ষলৈ,বসন্তৰ পৰা শীতলৈ যোৱাৰ এই যাত্ৰাই আমাক শিকায় যায়-অপেক্ষা কৰাটো কেৱল এটা নিষ্ক্ৰিয় কাৰ্য্য নহয়, বৰঞ্চ অপৰিসীম শক্তি ধাৰণ কৰা এক সক্ৰিয় প্ৰক্ৰিয়া।কিবা এটা পাবলৈ অপেক্ষা কৰিছোঁ মানেই আমি আত্মনিয়ন্ত্ৰণ আৰু আৱেগিক নিয়ন্ত্ৰণৰ সদ প্ৰয়োগ কৰাৰ কলা আহৰণ কৰিছোঁ, সন্তুষ্টিৰ মূল্য শিকিছোঁ যিটো দীৰ্ঘম্যাদী সফলতাৰ বাবে অতিকৈ প্ৰয়োজনীয়।


যেতিয়া আমি অপেক্ষা কৰিবলৈ শিকো তেতিয়া আমি নিজকেই আত্মচিন্তা কৰাৰ এক  সুযোগ প্ৰদান কৰোঁ।আমি বস্তুবোৰক যিদৰে আছে তেনেদৰেই গ্ৰহণ(Acceptance) কৰিবলৈ শিকো আৰু তাৎক্ষণিক সন্তুষ্টিৰ প্ৰয়োজনীয়তা এৰি দিওঁ।অপেক্ষাৰ শক্তিক অনুধাৱন কৰি আমি অধিক আভ্যন্তৰীণ শান্তি আৰু আৱেগিক স্থিতিস্থাপকতাৰ অনুভূতি গঢ়ি তুলিব পাৰোঁ।সফলতাৰ এটা মূল উপাদান হৈছে ধৈৰ্য্য। অপেক্ষা আৰু নিজৰ স্থিতিত অটল থাকিব পৰা ক্ষমতাৰ বাবেই বহু ব্যক্তিয়ে হাজাৰ প্ৰত্যাহ্বানকো নেওচি বিজয়ৰ গান ৰচিবলৈ সক্ষম হয়।অপেক্ষাৰ শক্তিক আঁকোৱালি লৈ আমি আমাৰ লক্ষ্যৰ প্ৰতি দায়বদ্ধ হৈ থাকিব পাৰো, বাধাসমূহ অতিক্ৰম কৰিব পাৰো আৰু শেষত আমাৰ সম্পূৰ্ণ সম্ভাৱনাত উপনীত হ’ব পাৰো।অপেক্ষাৰ এই গোটেই যাত্ৰাটোক আমি সদৰ্থক দৃষ্টিৰে গ্ৰহণ কৰাৰ মানসিকতা প্ৰথমেই গঢ়ি ল'ব লাগিব।ইউচিএলএৰ মনোৰোগ চিকিৎসাৰ ক্লিনিকেল অধ্যাপক ডাঃ ডেন ছিগেলে কয় যে অপেক্ষা কৰাটো জীৱনৰ এটা গুৰুত্বপূৰ্ণ দিশ, আৰু গঠনমূলকভাৱে অপেক্ষা কৰিবলৈ শিকাটো অতি প্ৰয়োজনীয়।  যেতিয়া আমি অপেক্ষা কৰো, আমি কেৱল সময় অপচয় কৰা নাই বৰং আমি ধৈৰ্য্য, আত্মসচেতনতা আৰু আভ্যন্তৰীণ শক্তিৰ কচৰৎ কৰাৰ কলা আহৰণ কৰোঁ।


"Waiting is an act of surrender," 

 মনোৰোগ বিশেষজ্ঞ তথা লেখক ডাঃ মাৰ্ক এপষ্টেইনে কয় ~অপেক্ষা কৰাটো আত্মসমৰ্পণৰ কাৰ্য্য।’-অপেক্ষাই অভিযোজন ক্ষমতা আৰু অধ্যৱসায় গুণৰ বিকাশ সাধন কৰাত সহায় কৰে।অপেক্ষাই আমাক চিন্তা কৰিবলৈ, আত্মনিৰীক্ষণ কৰিবলৈ আৰু নিজকে ভালদৰে বুজিবলৈ সুযোগ প্ৰদান কৰে।সহানুভূতিশীলতাক উৎসাহিত কৰে,অপেক্ষাই আমাক  যাত্ৰাৰ শলাগ ল'বলৈ আৰু প্ৰক্ৰিয়াটোক বিশ্বাস কৰিবলৈ শিকায়।অপেক্ষাই ধৈৰ্য গুণৰ বিকাশ সাধন কৰে।ৰৈ যোৱা মানেই স্থবিৰতাক নুবুজায়, ৰৈ যোৱাটোৱে সজীৱতা, ন উদ্যমেৰে আগবাঢ়ি অহাটোকো নিৰ্দেশ কৰে।অপেক্ষাৰত সেই সময় হ'ব পাৰে-জীৱনৰ সৌন্দৰ্য উদযাপনৰ এক সুবৰ্ণ সুযোগ।এই সুযোগ হাজাৰ সম্ভাৱনালৈ উন্নীত হ'ব পাৰে।


প্ৰকৃতিৰ অপেক্ষা শক্তিৰ মাজত আমি নিজৰ যাত্ৰাৰ প্ৰতিফলন বিচাৰি পাওঁ।  আমিও অপেক্ষা কৰিব লাগিব,নিজক সময় দিব লাগিব-নিজৰেই সৰ্বাঙ্গীন বিকাশৰ বাবে,বিভিন্ন কলা আহৰণ কৰিবৰ বাবে ,ৰূপান্তৰৰ বাবে।অপেক্ষাৰ যাত্ৰা হৈ পৰক-প্ৰজ্ঞা আৰু সাধনাৰ যাত্ৰা,ৰূপান্তৰৰ যাত্ৰা।কাৰণ-ৰূপান্তৰেহে জগত ধুনীয়া কৰে।মানুহ প্ৰকৃতিৰ সন্তান।প্ৰকৃতি জগতৰ দৰে আমি মানৱ জাতিয়েও অপেক্ষাৰ মাজতে নিজৰ মাজতেই নিহিত হৈ থকা হাজাৰটা সম্ভাৱনাক উন্মোচিত কৰিব পাৰিব লাগিব।সকলো ধৰণৰ ৰূপান্তৰৰ বাবে অপেক্ষা আৰু ধৈৰ্যশক্তিৰ প্ৰয়োজন।অপেক্ষা যাত্ৰাৰ এক অপৰিহাৰ্য অংগ।অপেক্ষাই বৰ্তমানৰ গুৰুত্বক স্বীকাৰ কৰে।এটা সুন্দৰ ভৱিষ্যতৰ প্ৰচ্ছন্ন সম্ভাৱনাৰ জেউতি বর্তমানতেই নিহিত হৈ থাকে।সময়ে যেনে ধৰণৰ পৰিস্থিতিয়েই আমাৰ সন্মুখত তুলি নধৰে কিয়,আমি পানীৰ দৰে সেই পৰিৱেশৰ সৈতে মিলি যাব লাগিব।'বৰ্তমান'-আমাৰ শত্ৰু নহয়,এই বৰ্তমানেই আমাৰ প্ৰিয়তম বন্ধু।যিয়ে আমাক গঢ়ে,বৰ্ণময় জীৱনৰ বাট মোকোলাই দিয়ে।সমৃদ্ধিৰ উচ্চ শিখৰত উঠি পোহৰ বিলোৱাৰ যাত্ৰা এই বৰ্তমানৰ পৰাই আৰম্ভ হয়।অদমনীয় আত্মপ্ৰত্যয়ৰে, যিসকলে নিজৰ বর্তমানটো ধুনীয়া আৰু উদযাপন কৰাৰ কলা শিকি লয়,তেওঁলোকেই নিজকে সোণ হৈ জিলিকাবলৈ সক্ষম হয়।

মনোৰোগ বিশেষজ্ঞ তথা লেখক ডাঃ এণ্ড্ৰু ৱেইলে কয় যে ধৈৰ্য্য হৈছে এক দক্ষতা যিটো অনুশীলনৰ দ্বাৰা বিকশিত কৰিব পাৰি।এজন প্ৰখ্যাত মনোৰোগ বিশেষজ্ঞ ডাঃ ৰ’লো মেই এবাৰ কোৱাৰ দৰে, "ৰৈ থাকিব পৰা ক্ষমতা বুদ্ধিমত্তাৰ চিন, আৰু ধৈৰ্য্যৰে অপেক্ষা কৰাৰ ক্ষমতা মহান বুদ্ধিমত্তাৰ চিন।"

"The ability to wait is a sign of intelligence, and the ability to wait patiently is a sign of great intelligence."

গতিকে আমি ক'ব পাৰোঁ যে-অপেক্ষা মানে অপচয় নহয়।অপেক্ষা মানেই সুযোগৰ সন্ধান।অপেক্ষাৰ শক্তিৰ ওপৰত আস্থা আৰু সময়ৰ শক্তিৰ ওপৰত বিশ্বাস ৰখা লোকসকল বেছি সুখী আৰু সফল হয়।জীৱনৰ হৰা-জিকা দৌৰ খনত এনে লোক সহজে ক্লান্ত নহয়।নিজৰ ধৈৰ্যশক্তি নেহেৰুৱায়।হতাশ নহয়।সময়ক সময় দিলে সময়বোৰ বৰ ধুনীয়া হয়।সময় হ'ল ঈশ্বৰ।কিছুমান কথা সময়ৰ হাতত এৰি দিব পাৰিলে জীৱনৰ বাট সহজ হয়।সময়েই আজিৰ আমাক গঢ়িছে।সময়েই আমাৰ ভৱিষ্যত দেখিছে।আমাৰ কাম মাথোঁ গৈ থকা, গতিতেই জীৱন আছে।

~উজ্জ্বয়িনী🌻

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)