অসম সাহিত্য সভাৰ ৫২তম অধিবেশনৰ কবি সম্মিলনৰ সভাপতিৰ অভিভাষণ
অসম সাহিত্য সভাৰ ৫২তম অধিবেশনৰ কবি সম্মিলনৰ সভাপতিৰ অভিভাষণ
শ্রদ্ধেয় ৰাইজ,
"অসম সাহিত্য সভাৰ ৫২তম অধিৱেশন উপলক্ষে আয়োজিত আজিৰ এই কবি সম্মিলনৰ সন্মানিত আসনখন মোলৈ আগবঢ়োৱা বাবে অসম সাহিত্য সভাৰ সভাপতি প্রমুখ্যে সকলোকে মই মোৰ শ্রদ্ধা আৰু কৃতজ্ঞতা জনালোঁ।
মই সাধাৰণ কবি। মোৰ পৰা আপোনালোকে অধ্যয়নপুষ্ট বুদ্ধিদীপ্ত অভিভাষণ আশা নকৰিব। মই মাথোন আপোনালোকৰ সঙ্গ বিচাৰিয়েই এই সভালৈ আহিছোঁ, আৰু সঙ্গ-সাহসতেই দু-আষাৰ ক'বলৈ আগবাঢ়িছোঁ।
কবিতা এক বাক্ বিশেষ। কবিৰ অনুভূতি আৰু অভিজ্ঞতাজাত স্মৃতিৰ শিল্পীত ৰূপ। যিদৰে ৰং-ৰেখাৰ অবিহনে চিত্ৰৰ কথা বা তাল-মান-লয় অবিহনে সংগীতৰ কথা ভাবিব নোৱাৰি, সিদৰে শব্দৰ অবিহনে কবিতাৰ কথাও মনলৈ নাহে।
কবি-দেশ কাল মানুহৰ ইতিহাস চেতনাই সৃষ্টি কৰা এক বিশিষ্ট কণ্ঠ। সমাজ আশ্ৰয় কৰিয়েই গঢ়ি উঠে শিল্প-সাহিত্য। সমাজ কবিৰ পাঠশালা, জীৱন যাৰ প্ৰধান শিক্ষক।
ভাষা সমাজৰ দান। শব্দ ভাষাৰ উপাদান। শব্দ-ছন্দ-উপমা-বাক-প্রতিমা লৈয়েই কবিৰ ভাষা। কবিতাৰ ভাষা। এই ভাষা কবিৰ বৰ্তমান আৰু অতীতৰ দানেৰে সক্রিয় আৰু সমৃদ্ধ। গ্রহণে-বর্জনে বহু শ্রম আৰু সাধনাৰে কবিয়ে আয়ত্ত কৰে এই ভাষা।
কবিতা শব্দেৰে নিৰ্মিত ভাষাৰ শিল্প। ভাবে নিজৰ প্ৰয়োজনতেই নিজৰ বিকাশৰ তাড়নাতেই নিৰ্মাণ কৰে শব্দ।
শব্দ কবিৰ অস্ত্র। প্রত্যেক কবিৰেই আছে শব্দৰ নিজস্ব ভুৱন। তেওঁলোকে আৱিষ্কাৰ কৰে নতুন শব্দ, প্রতিষ্ঠা কৰে প্ৰচলিত গ্রামীণ শ্রুতিদুষ্ট শব্দৰ নতুন অর্থমূল্য, নতুন ভাব অনুষঙ্গ। শব্দৰ পুনৰ গঠন আৰু পুনৰ নির্মাণেই হৈছে কবিৰ বিশিষ্ট চৰিত্ৰ।
কবিতাৰ শব্দ কেৱল শব্দই নহয়, ই ধ্বনিও। কবিকণ্ঠৰ এটা শব্দ যেতিয়া প্রতিধ্বনি হৈ আমাৰ কাষলৈ উভতি আহে সি জানো সেই পুৰণি অৱয়বেই? শব্দৰ এই বাঢ়ি অহাকণেই হৈছে কবিৰ নিৰ্মাণ। শব্দৰ এই ব্যাপ্তিতেই কবিৰ কাংক্ষিত মুক্তি। শব্দ চয়ন, শব্দ বয়নেই হৈছে কবিৰ নিপুণতাৰ চিনাকি। কিন্তু শব্দই জানো কবিতা? শব্দৰ অর্থই জানো কবিতা? শব্দৰ আভিধানিক অর্থই যদি কবিতাৰ অভ্যন্তৰ প্ৰৱেশৰ সঁচাৰ-কাঠি হ'লহেঁতেন, তেনেহ'লে আজিৰ কবিতাৰ দুৰূহতাৰ বহু অভিযোগৰ অৱকাশ নেথাকিলহেঁতেন। কবিয়ে জীবন পাত কৰে তেনে শব্দ সন্ধানত যাৰ আৱাহনী ক্রিয়াই আনি দিব পাৰে কবিতাৰ নতুন মাত্রা।
'কবিতা জীৱনৰ অন্য বিষয় কুশল, অন্য প্রত্যাশা শব্দ সংঘ ভাঙি তিৰবিৰ বন তুলসীৰ উজাৰি লুকুৱা সুগন্ধি দীঘল উপত্যকা।'
আমাৰ প্রাচীন সাহিত্যত কবিক প্রজাপতি ব্ৰহ্মাৰ সতে তুলনা কৰা হৈছিল। অর্থাৎ কবি সাধাৰণ মানুহ নহয়। অলৌকিক তেওঁলোকৰ সৃষ্টি। ৰোমাণ্টিক যুগতো কবিক কোৱা হৈছিল দ্রষ্টা-শিক্ষক। কবিতা আছিল কবিৰ বাণী।
সময় সলনি হোৱাৰ সতে কবি সম্পর্কে অভিধাও সলনি হৈছে। কবিও আন দহজনৰ দৰে দোষে-গুণে মানুহ। আৱেগ অনুভূতি একমাত্র কবিৰেই আছে এই কথা জানো ন-দি ক'ব পাৰি?
কবিৰ আটাইতকৈ ডাঙৰ গুণ হৈছে নিজৰ সৃজনশীল, মননশীল বিচিত্র ভাৱনাৰ বাহন স্বৰূপে শব্দ ব্যৱহাৰ কৰাৰ ক্ষমতা। এই প্ৰখৰ শব্দবোধেই কবিক আন মানুহৰ পৰা পৃথক কৰিছে।
কবিতা কবিৰ শ্রাব্য কল্পনা। পাঠেই কবিতাৰ জীৱন। শব্দৰ শিল্প কবিতা ছপাৰ আখৰতেই আৱদ্ধ নহয়। ই যে কণ্ঠৰো শিল্প। আমাৰ পুৰণি কবিতাত কোৱাৰ দৰে-
ওঁঠেই কাকত
জিভাই কলম
দাঁতে হৈ চিঞাহি বাকে।
কবিতাপাঠ ভাষাত 'বাচনিক শিল্প'। প্রতিভাৱান কবিৰ সুসামঞ্জস্য পাঠৰ মাজেৰেই কবিতাই লাভ কৰে মৰ্মভেদী এক সৃজনশীল অবয়ব। প্রত্যেক ভাষাৰ, প্ৰত্যেক শব্দৰেই আছে বিশিষ্ট চৰিত্ৰ। প্রত্যেক শব্দৰ ধ্বনি আৰু চিত্র- মূল্যও সুকীয়া।
কবিৰ পাঠে বৰ্ণক উন্মোচন কৰে শব্দলৈ, শব্দক ধ্বনিলৈ আৰু ধ্বনিৰ অনুৰণনে কবিতাক লৈ যায় জীৱনৰ বোধি-মূললৈ।
এইদৰে কবিয়ে সংযোজন কৰে কবিতাত নতুন মাত্রা। এনেকৈয়ে আৰম্ভ হয় কবিৰ অন্তঃশীল আৱেগৰ সতে শ্ৰোতাৰ সংলাপ। মনৰ বিনিময়। কবিতা কবিৰ জীৱন চর্চা। কবিৰ পৰিশ্ৰমৰ পুৰস্কাৰ।
আহক, আনন্দ উদ্যোগী কবিসকল, আপোনালোকৰ কবিতা পাঠ কৰক।আপোনালোকলৈ মই মোৰ আন্তৰিক সম্ভাষণ যাচিছোঁ। দীর্ঘজীৱী হওঁক আপোনালোকৰ কবিতা।"
ইতি-
হীৰেন ভট্টাচাৰ্য
Comments
Post a Comment