অনুভৱৰ এপৃষ্ঠা:এটা ভাললগা সুবাসৰ দৰেই মনত ৰৈ গ'ল বিশ্ববিদ্যালয়ৰ পহিলা দিনকেইটা...

অনুভৱৰ এপৃষ্ঠা:এটা ভাললগা সুবাসৰ দৰেই মনত ৰৈ গ'ল বিশ্ববিদ্যালয়ৰ পহিলা দিনকেইটা... "তোৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ, অব্যৰ্থ আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ স্বাগত স্বাগত সতীৰ্থ।" ২০২১ বৰ্ষ,পহিলা জানুৱাৰী, শুক্ৰবাৰ এটি নিৰ্মল পুৱা... নতুন জীৱনৰ উকমুকনি.... 'জ্ঞানৰ প্ৰাচুৰ্য' আৰু 'প্ৰাণৰ প্ৰাচুৰ্য' ৰ মিলনস্থল 'ডিব্ৰুগড় বিশ্ববিদ্যালয়' ৰ প্ৰাঙ্গন 'জ্যোতি বাটচ'ৰা' ত যিদিনা প্ৰথমবাৰৰ বাবে খোজ দিছিলোঁ,মোৰ হৃদয়ৰ চৰাই চুবুৰিত পখিলা খেদা বয়সৰ পৰাই আতোলতোলকৈ পাখি মেলা সপোনটোৱে পূৰ্ণতা পোৱাত চকুযুৰি আৱেগ মিহলি আনন্দত যেন সামান্য জিলমিলাই উঠিছিল। ৩১ ডিচেম্বৰৰ নিশা,যিদিনা সোণালী দিনৰ সোঁৱৰণৰ ৰি-ৰিয়া বতাহে লাহে লাহে চুই গৈছিল মনৰ অৰণ্য,ঠিক সেইদিনাই এজাক নতুন সপোনে ভিৰ কৰিছিলহি মোৰ বুকুৰ মোহনাত। "ডিব্ৰুগড় বিশ্ববিদ্যালয়": এই সমুজ্জল,ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়ৰ বাকৰিত পাৰ কৰিম দুটাকৈ বসন্ত,চকুত জিলমিলাইছিল কেৱল আৰু কেৱল সপোন আৰু আনন্দ। নাহৰ ফুলৰ গোন্ধ,কুঁহিপাতৰ ৰং মুঠৰ ওপৰত নাহ...