অনুভৱৰ এপৃষ্ঠা:এটা ভাললগা সুবাসৰ দৰেই মনত ৰৈ গ'ল বিশ্ববিদ্যালয়ৰ পহিলা দিনকেইটা...
অনুভৱৰ এপৃষ্ঠা:এটা ভাললগা সুবাসৰ দৰেই মনত ৰৈ গ'ল বিশ্ববিদ্যালয়ৰ পহিলা দিনকেইটা...
"তোৰে মোৰে আলোকৰে যাত্ৰা
অব্যৰ্থ, অব্যৰ্থ
আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ
স্বাগত স্বাগত সতীৰ্থ।"
২০২১ বৰ্ষ,পহিলা জানুৱাৰী, শুক্ৰবাৰ
এটি নিৰ্মল পুৱা...
নতুন জীৱনৰ উকমুকনি....
'জ্ঞানৰ প্ৰাচুৰ্য' আৰু 'প্ৰাণৰ প্ৰাচুৰ্য' ৰ মিলনস্থল 'ডিব্ৰুগড় বিশ্ববিদ্যালয়' ৰ প্ৰাঙ্গন 'জ্যোতি বাটচ'ৰা' ত যিদিনা প্ৰথমবাৰৰ বাবে খোজ দিছিলোঁ,মোৰ হৃদয়ৰ চৰাই চুবুৰিত পখিলা খেদা বয়সৰ পৰাই আতোলতোলকৈ পাখি মেলা সপোনটোৱে পূৰ্ণতা পোৱাত চকুযুৰি আৱেগ মিহলি আনন্দত যেন সামান্য জিলমিলাই উঠিছিল।
৩১ ডিচেম্বৰৰ নিশা,যিদিনা সোণালী দিনৰ সোঁৱৰণৰ ৰি-ৰিয়া বতাহে লাহে লাহে চুই গৈছিল মনৰ অৰণ্য,ঠিক সেইদিনাই এজাক নতুন সপোনে ভিৰ কৰিছিলহি মোৰ বুকুৰ মোহনাত।
"ডিব্ৰুগড় বিশ্ববিদ্যালয়": এই সমুজ্জল,ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়ৰ বাকৰিত পাৰ কৰিম দুটাকৈ বসন্ত,চকুত জিলমিলাইছিল কেৱল আৰু কেৱল সপোন আৰু আনন্দ।
নাহৰ ফুলৰ গোন্ধ,কুঁহিপাতৰ ৰং মুঠৰ ওপৰত নাহৰ গছৰ প্ৰতি কিবা এক অদ্ভুত মুগ্ধতাই শৈশৱৰ পৰাই নাহৰৰ দেশলৈ হাত বাউল দি মাতিছিল।
লেখ নোহোৱা শাৰী শাৰী নাহৰৰ মাজে মাজে এখুজি দুখুজি খোজেৰে দুৱৰা চুকৰ পৰা আহি পোৱা পকী খুঁটাৰ মাজৰ ঠেক বাটটোৱেদি বান্ধৱী নৱনীতাৰ সৈতে আগুৱালোঁ। প্ৰথমেই পোৱা ডঃ ভূপেন হাজৰিকা পৰিৱেশ্য কলা কেন্দ্ৰৰ বিনন্দ বিল্লাস পৰিৱেশে অজানিতেই মনটো পুলকিত কৰিছিল.... প্ৰথমদিনা অৰ্থনীতি বিভাগৰ মাজেৰে যোৱা চমু বাটেৰেই নিজৰ বিভাগলৈ বুলি খোজ দিলোঁ।বিল্ডিং টোৰ সন্মুখত এখন ফলকত ডাঙৰকৈ লিখা আছিল- "ৰাজনীতি বিজ্ঞান"বিভাগ। মোৰ অলক্ষিতে মোৰ কাষেৰেই পাৰ হৈ গ'ল স্বপ্নসন্ধানি এজাকমান লৰিয়লী চৰাই।
বিভাগৰ আশে পাশে,ছাত্ৰ ছাত্ৰীৰ অৱস্থিতি সেইদিনা কিছু সেৰেঙা আছিল।যিহেতু সেইদিনা আছিল নৱবৰ্ষৰ প্ৰথমটো দিন। উক্তদিনা বিভাগলৈ প্ৰৱেশ কৰাৰ আগতে 'Covid-negative report' জমা দিয়াৰ নিয়ম ৰখা হৈছিল যদিও অসাৱধানবশত: ঘৰৰ পৰা লগত আনিও ক্লাছলৈ যোৱাৰ পৰত ৰুমৰ পৰা নিবলৈ পাহৰাত পুনৰ নৱনীতাক লগত লৈ ৰুমলৈ ঘূৰি আহিলোঁ।covid negative report জমা দি শ্ৰেণীকোঠালৈ বুলি ধপলিয়াই যাওঁতেই বেৰত ওলোমাই ৰখা বিভাগৰ বিশাল প্ৰাচীৰ পত্ৰিকা খনত মোৰ চকু নিবদ্ধ হ'ল।'পোহৰ'-ইমান ধুনীয়া নাম... সঁচাই কেৱল জোন বেলিৰ পোহৰেই নহয়,মানুহৰ পোহৰেও এজনে আনজনক শুভ্ৰম কৰি ৰাখিব পাৰে।মনৰ মাজতেই প্ৰাচীৰ পত্ৰিকা খনৰ নামটো দুই তিনিবাৰ আওৰাই খৰধৰকৈ দুই এটা লেখাৰ শিৰোনাম চাই আশ্চৰ্য উন্মাদনাৰ প্ৰথমটো জোৱাৰ বুকুত সামৰি দুৱাৰখন খুলি প্ৰথম ষাণ্মাসিকৰ শ্ৰেণীকোঠাত প্ৰৱেশ কৰিলোঁ।যদিও প্ৰথম দিনা ছাত্র ছাত্ৰীৰ সংখ্যা সীমিত আছিল তথাপিও সেইদিনা উপস্থিত প্ৰতিগৰাকী শিক্ষাগুৰুৱে আমাক নিৰাশ নকৰি আমাৰ সৈতে চিনাকি হৈ ৰাজনীতি বিজ্ঞান বিভাগলৈ সস্নেহ সম্ভাষণ জনালে।শিক্ষাগুৰু সকলে বৰ আন্তৰিকতাৰে কোৱা কথাবোৰে হৃদয়ৰ ফেৰেঙনিত এপাহি দুপাহিকৈ ফুলি উঠা আশাৰ সপোনজাকক পূৰ্বতকৈ অধিক দৃঢ় কৰিলে।শ্ৰদ্ধাৰ বৰুণ দে ছাৰৰ প্ৰথম দিনাৰ সমগ্ৰ ক্লাছ টোৱেই সকলোকে অব্যক্ত ভাৱ সাগৰত বুৰাই পেলালে।ছাৰে সোধা প্রতিটো কথাৰ উত্তৰ উপস্থিত সকলোৱেই বৰ আন্তৰিকতাৰে জনালে।প্ৰথমতো ক্লাছতেই নিজৰ অনুভৱ ব্যক্ত কৰাৰ লগতে গুণগুণাইছিলোঁ সংগীত সূৰ্য ডঃ ভূপেন হাজৰিকা দেৱৰ 'অস্ত আকাশৰে সপোন ৰহণ সানি' সেই গীতটি। বিশ্ববিদ্যালয়ৰ প্ৰথম দিনাৰ স্মৃতি হৃদয়ত উম দি কঢ়িয়াই লৈ ফুৰিম চিৰদিন।বিশ্ববিদ্যালয়ৰ প্ৰথম কেইদিনমান সহপাঠী সকলক দেখি,সকলোৰে পাৰদৰ্শিতা সমূহ দেখি কিছু হীনমন্যতাত ভুগিছিলোঁ যদিও ছাৰৰ শ্ৰুতিমধুৰ,উদীপ্ত অনুপ্ৰেৰণামূলক বাক্যালাপে নিমিষতে সকলোবোৰ আঁতৰাই নিলে।সঁচাই
"তুলনাই কিজানি মানুহক অসুখী কৰে,হয়তো কোনো নিশ্চিত নহয়, অলপ সুখেৰে জীৱনটো পাৰ কৰিবলৈ মানুহক কিহৰ প্ৰয়োজন।"-অনুৰাধাৰ দেশ।
অনুভৱ কৰিলো জীৱনটোৰ প্ৰতি বিতুষ্ট নহ'বলৈ শিকোৱাটোৱেই যেন বিশ্ববিদ্যালয়ৰ নিয়ম।
মহাবিদ্যালয়ৰ পৰ্যায়লৈকে চিনিয়ৰ-জুনিয়ৰৰ ধাৰণাটো মোৰ বাবে বৰ বেছি স্পষ্ট নাছিল ।প্ৰথমাৱস্থাত কিছু আচহুৱা অনুভৱ কৰিছিলোঁ যদিও পৰৱৰ্তী সময়ত দাদা-বাইদেউ সকলে কোৱা প্ৰতিটো কথাই যেতিয়া যুক্তিসহকাৰে ফঁহিয়াই চালোঁ, তেতিয়াই অনুধাৱন কৰিলোঁ এইসমূহেই অনাগত দিনত আমাৰ বাবে হৈ পৰিব ইতিবাচক জীৱন বীক্ষাৰ প্ৰগাঢ় অনুভূতি স্বৰূপ।
কম সময়ৰ ভিতৰতেই দাদা-বাইদেউ, সহপাঠীসকলৰ সৈতে গঢ়ি উঠা অন্তৰংগতা,সহযোগিতা,আন্তৰিকতা আৰু দ্যৰ্থহীন বন্ধুত্ব আৰু আপোনত্বই আপ্লুত কৰিছে।
সময়ে দি যোৱা সকলো অনুভৱ এদিন পুৰণি হয়।কিছুমান ৰৈ যায় ,কিছুমান বৈ যায় স্মৃতি-বিস্মৃতিৰ প্ৰবাহমান জলধাৰাত।কেতিয়াবা হয়তো আচম্বিতে নিজৰ মাজত আহি ধৰা দিব।দৈনন্দিন অন্তহীন ব্যস্ততাৰ মাজত হয়তো এই অনুভৱ সমূহেই এদিন নহয় এদিন হহোৱাব অন্যথা মনে মনে কন্দুৱাব।
(স্মৃতিৰ এটা ডাঙৰ চুটকেছ লগত লৈ এদিন ঘৰমুৱা পখী হ'ম..... সময়ৰ সোঁতত সোণালী যাত্ৰাৰ এই বাখৰুৱা স্মৃতিবোৰ এদিন অ'ত ত'ত চিটিকি পৰিব...)
পাপৰি বৰা
ডিব্ৰুগড় বিশ্ববিদ্যালয়
চুটকেচটোত মই সোমাই যাম।
ReplyDeleteসুমুৱাই আনিম
Delete