ড° ভূপেন হাজৰিকা

সশ্ৰদ্ধ স্মৰণ... ড° ভূপেন হাজৰিকাৰ কথাৰে- "এটা সময়ত মই ভাৱিছিলোঁ যে নোপোৱাৰ বেদনা মোৰ বহুতো আছে। কিন্তু এতিয়া অনুভৱ কৰিছোঁ যে নোপোৱাৰ বেদনা আৰু একোৱেই নাই। এতিয়া কোনো বেদনা, কোনো আঘাতেই মোক আগৰ দৰে আমনি নকৰে। সেয়ে, এই আঘাতবোৰৰ নাম দিছো মিঠা আঘাত, মিঠা দুখ। এইটোও সঁচা যে আজিও মোৰ হৃদয়ৰ কোনোবা এটা চুকত সেই মিঠা দুখবোৰ ৰৈ গৈছে। সেই মিঠা দুখবোৰ ৰৈ গ'ল মাথোঁ প্ৰেমৰ স্মৃতি হৈ। সেই কাৰণেইতো মই গীতেৰে কৈছোঁ- 'হয়তো নিতৌ হেজাৰ জনৰ হেজাৰ শৰাই পাওঁ তথাপি কিয় বিশেষজনৰ মৰম বিচাৰি যাওঁ।' এনেকুৱা এটি মৰম-বলিয়া মনেৰে মই প্রায়েই অনুভৱ কৰোঁ, প্রেমে যেন মোৰ সৰ্ব্বসত্তাক পৰিচালনা কৰি আছে। সেয়েহে মই প্রেমিক। সেই কাৰণেই মই প্রাণ ঢালি ভাল পাওঁ মাছলৈ যোৱা ৰংমনক, ভাল পাওঁ এন্ধাৰ কাতিৰ নিশা সন্তান হেৰুৱাই উচুপি থকা দুখুনী মাতৃক, ভাল পাওঁ শীতৰ সেমেকা ৰাতি কঁপি থকা বস্ত্রহীন খেতিয়কক, ভাল পাওঁ দিচাংমুখৰ নিশা পেঁপা বজোৱা মিছিং ডেকাক, ভাল পাওঁ মোক সাবটি ধৰা মনবৰ ককাইটিক আৰু মোৰ মৰমৰ ৰূপহী অসমী আইক- যাক লৈ মই গাইছোঁ- লৌহিত্যৰ বহল পাৰক প্ৰণিপাত কৰোঁ জন্ম ল'লোঁ ইয়াতেই ইয়াতে যেন মৰোঁ। এই সকলোবোৰ ক...