ড° ভূপেন হাজৰিকা
সশ্ৰদ্ধ স্মৰণ...
ড° ভূপেন হাজৰিকাৰ কথাৰে-
"এটা সময়ত মই ভাৱিছিলোঁ যে নোপোৱাৰ বেদনা মোৰ বহুতো আছে। কিন্তু এতিয়া অনুভৱ কৰিছোঁ যে নোপোৱাৰ বেদনা আৰু একোৱেই নাই। এতিয়া কোনো বেদনা, কোনো আঘাতেই মোক আগৰ দৰে আমনি নকৰে। সেয়ে, এই আঘাতবোৰৰ নাম দিছো মিঠা আঘাত, মিঠা দুখ। এইটোও সঁচা যে আজিও মোৰ হৃদয়ৰ কোনোবা এটা চুকত সেই মিঠা দুখবোৰ ৰৈ গৈছে। সেই মিঠা দুখবোৰ ৰৈ গ'ল মাথোঁ প্ৰেমৰ স্মৃতি হৈ। সেই কাৰণেইতো মই গীতেৰে কৈছোঁ-
'হয়তো নিতৌ হেজাৰ জনৰ
হেজাৰ শৰাই পাওঁ
তথাপি কিয় বিশেষজনৰ
মৰম বিচাৰি যাওঁ।'
এনেকুৱা এটি মৰম-বলিয়া মনেৰে মই প্রায়েই অনুভৱ কৰোঁ, প্রেমে যেন মোৰ সৰ্ব্বসত্তাক পৰিচালনা কৰি আছে। সেয়েহে মই প্রেমিক। সেই কাৰণেই মই প্রাণ ঢালি ভাল পাওঁ মাছলৈ যোৱা ৰংমনক, ভাল পাওঁ এন্ধাৰ কাতিৰ নিশা সন্তান হেৰুৱাই উচুপি থকা দুখুনী মাতৃক, ভাল পাওঁ শীতৰ সেমেকা ৰাতি কঁপি থকা বস্ত্রহীন খেতিয়কক, ভাল পাওঁ দিচাংমুখৰ নিশা পেঁপা বজোৱা মিছিং ডেকাক, ভাল পাওঁ মোক সাবটি ধৰা মনবৰ ককাইটিক আৰু মোৰ মৰমৰ ৰূপহী অসমী আইক- যাক লৈ মই গাইছোঁ-
লৌহিত্যৰ বহল পাৰক প্ৰণিপাত কৰোঁ
জন্ম ল'লোঁ ইয়াতেই ইয়াতে যেন মৰোঁ।
এই সকলোবোৰ কোমল অনুভূতি লৈয়ে মোৰ প্ৰেমৰ অপৰাজেয় সাম্রাজ্য আজিও বিৰাজমান। সেয়েহে মোৰ মৰমৰ সকলোকে হেৰুৱাই ১৯৬৩ চনত মই যেতিয়া একেবাৰে অকলশৰীয়া হৈ পৰিলোঁ, তেতিয়া মোৰ সেই একাকিত্ব দূৰ কৰিবৰ কাৰণে গীতৰ মাজতেই ডুবি থাকিলোঁ। নিষ্ঠুৰ জীৱন-সংগ্রামত কাৰোপৰাই একোকে নিবিচাৰিলোঁ - অকল নিচেই আপোন বুলি ভবাজনৰপৰাহে বিচাৰিলোঁ এষাৰি মৰমসনা মিঠা মাত। অন্তৰৰ এই অনুভূতিক মই গীতেৰে প্ৰকাশ কৰি লিখিলোঁ-
আকাশীগঙ্গা বিচৰা নাই
নাই বিচৰা স্বর্ণ অলঙ্কাৰ।
নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত
বিচাৰোঁ মৰমৰ মাত এষাৰ।।
মহা মহা সাগৰৰে
কতনা লহৰ লেখিলোঁ।
মহা মহা নগৰীতে
কতনা বাট হেৰুৱালোঁ।।
মৰম-জ্যোতিৰ পম খেদি খেদি
বোৱালোঁ গুপুতে অশ্রুধাৰ।
নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত
বিচাৰোঁ মৰমৰ মাত এষাৰ।।
হয়তো নিতৌ হেজাৰ জনৰ
হেজাৰ শৰাই পাওঁ।
তথাপি কিয় বিশেষজনৰ
মৰম বিচাৰি যাওঁ।।
মহা মহা নাট ঘৰে ঘৰে
কণ্ঠ-শোণিত নিগৰালোঁ।
মহা মহা শ্রোতা জনতাৰে
মুখত হাঁহি বিৰিঙালোঁ ।।
ক্ষণিক মৌন পৰত কোনেনো
পাতলাব মোৰ দুখৰে ভাৰ?
নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত
বিচাৰোঁ মৰমৰ মাত এষাৰ।।
পাইছোঁও। জীৱনত মই আন একো নেপালেও মানুহৰ মৰম পিচে সদায়েই পাই আহিছোঁ। দিয়াতকৈ পাইছোঁ বহুত বেছি- বিচাৰি পাইছোঁ আগুৱাই যোৱাৰ প্ৰেৰণা সৃষ্টিৰ প্ৰেৰণা।"
কথাৰ উৎস:মই এটি যাযাবৰ
Photo Credit: Pinterest
Comments
Post a Comment