Posts

Showing posts from June, 2024

দুচকুত সপোন ওপঙি থকা মানুহবোৰক বৰ ধুনীয়া দেখি.....❣️

  দুচকুত সপোন ওপঙি থকা মানুহবোৰক বৰ ধুনীয়া দেখি.....❣️

"পূবৰ বেলিয়ে দিবহি হেঁপাহৰ ৰুণ....।"

Image
"পূবৰ বেলিয়ে দিবহি হেঁপাহৰ ৰুণ....।" তোমাৰ সপোনৰ গছজোপা ক্ৰমশঃ বাঢ়ি গৈ থাকক। প্ৰথমবাৰতেই সফল হ'ব লাগিব বুলি কোনো কথা নাই।এইয়া এক ৰ'দ ঘাই যাত্ৰা,কাৰোবাৰ বাবে এদিনৰ,কাৰোবাৰ বাবে দিনৰ পিছত দিন কৰা সাধনাৰ যাত্ৰা।তুমি মাত্ৰ গৈ থাকা।এই গোটেই সময়খিনিত নিজৰ সৈতে সামৰি ৰাখা  নিজৰ ওপৰত কিছু ভৰসা,কিছু ধৈৰ্য আৰু কিছু অপেক্ষা।এই যাত্ৰাই তোমাক যেনেকৈ কন্দুৱাব,নিচুকাব তেনেকৈয়ে।আৰু এদিন চাবা,সাফল্যৰ নিয়ৰে ধুৱাই লৈ যাব তোমাৰ ব্যৰ্থতাৰ সকলো দাগ। গৈ থকাৰ হেঁপাহকণ মাত্ৰ কুশলে ৰাখা।গৈ থকা মানুহক নঞৰ্থক কোনো কথাই চুব নোৱাৰে। উজ্জ্বয়িনী🌻

সাৰল্যতাৰ বুকুত জী থকা মানুহবোৰ....

Image
সাৰল্যতাৰ বুকুত জী থকা মানুহবোৰ....♥️ এই পৃথিৱীত আমি এটা মাত্ৰ ক্ষুদ্ৰ বিন্দু(.)।ঠিক ইমানখিনিয়েই আমাৰ অস্তিত্ব,হয়্তুবা ইয়াতকৈও কম।মানুহ মোৰ বাবে খুবেই এটা প্রিয় বিষয়।মানুহক পঢ়ি ভাল লাগে ঠিক আথে-বেথে,আলফুলকৈ সোণাৰীয়ে দুগদুগীত সৰু-সৰু বাখৰ বহুৱাৰ নিচিনাকৈ।তেওঁলোক মোৰ বাবে কেতিয়াবা যদি কবিতা,কেতিয়াবা গল্প কিম্বা উপন্যাসৰ একো একোটা ৰঙীন পৃষ্ঠা। জীৱন গৈ থাকে জীৱনৰ নিয়মত। জীৱনবীক্ষাক সৰল কৰি ৰখা মানুহবোৰ মোৰ সাংঘাতিক প্রিয়।সকলো থকাৰ,সকলো পোৱাৰ পাছতো বিনম্ৰতাক আভূষণ কৰা মানুহবোৰ প্রিয়। চিন্তাশীলতা,প্ৰাণশক্তি, শিক্ষা,জ্ঞান আৰু বুদ্ধিমত্তাৰ সমন্বয়ৰ পাছতো একো একোজোপা ফলৰ ভৰত দো খাই থকা গছ হেন মানুহবোৰ প্রিয়। নাজানো এনে মানুহৰ ঠিকনা ক'ত?যাৰ বাবে বিনম্ৰতা জীৱনৰ উপাসনা। এনে মানুহৰ সংখ্যা কম তথাপি আমাৰ বিশ্বাস,এদিন আমি তেওঁলোকক লগ পাম...। বিনম্ৰ জীৱনৰ কুশল প্ৰাৰ্থনা কৰা প্ৰতিজন মানুহলৈ বসন্তৰ শুভেচ্ছা।কৃত্রিমতাৰ ভোগবাদী পৃথিৱীত তেওঁলোক ৰ'দ হৈ উমলি থাকক,এৰা গছৰ সলনি একোজোপা বৰগছ হওঁক, সৰলতাৰ বৰগছ,অথবা হৈ পৰক শিল্পিত এখনি নৈ,য'ত বিনম্ৰতা মন্দাকিনি হৈ  বৈ ৰওক। উজ্জ্বয়িনী🌻

Songs of the Village❤️

Image
বৰ আন্তৰিকতাৰে এটা শান্তিপূৰ্ণ, কলাত্মক জীৱন জিয়াব বিচাৰে সি।বহুত বেছি কলাত্মক,বহুত বেছি জীৱন্ত, ঠিক আনে জিয়াব বিচৰা ধৰণৰ...।সেইখন তাৰ সোণৰ পৃথিৱী,বুকুজুৰি লৈ ফুৰা হেঁপাহৰ পৃথিৱী। কথাৰ মাজে-মাজে সি নিজৰ মজি থকা পৃথিৱী খনৰ কথা প্ৰায়ে আনক কয়।"এনেদৰে সাধনা কৰিম যাতে আই-পিতাইয়ে দিয়া মোৰ এই নামটো নিজেই এটা ডাঙৰ 'compliment' হয়।তাৰ কথাত আকৌ আমাৰ গাঁৱৰ দদাইটি হঁতে বৰ ৰস পায়।শুকুৰা বৰদেউতাই মাজে-মাজে কয়-আমাৰ হৰেনৰ ঘৰত এইবিধ সঁচ ক'ৰ পৰানো গজিল জানো পাই।বৰ অহৌবলীয়া কথাবোৰ কয় দেখোন।আমি বোৰে পঢ়া-শুনা নকৰিলোঁ, চৰকাৰৰ ধন খাবলৈ সেই হেতুকে নাপালোঁ।এতিয়া আৰু আমাৰ ইহঁতবোৰে পঢ়া-শুনা কৰি চাকৰি এটা ঘটক,গাড়ী-ঘোঁৰা লওঁক, সেইয়াইতো আমাৰ আশা। কিন্তু এই হৰেনৰ পুতেকৰ সপোনবোৰ দেখোন কিবা পাকলগা।কয় বোলে চাকৰি কৰি গোটেই দৰমহাৰ টকা হেনো আনক বিলাই দিব।আয়ৈ পইচা মানুহে নিজৰ ঘৰখন ভাল হওঁক বুলিহে ঘটে।আমি হ'লে এনেকৈয়ে বুজোঁ।মাজতে আমাৰ ভদি ককায়ে মাত দিয়ে-হেৰৌ তাৰ বোলে লক্ষ্য নাই,কিবা ভিজিন(vision)আছে।হেৰৌ থ থ ,সেইটো আকৌ কি বস্তু,এইটোক পঢ়াই মূৰতহে ধৰিলে হ'ব পাই।সেইকাৰণেই কওঁ,বেছি পঢ়িলে মানুহ পগলা হয়। ...