সাৰল্যতাৰ বুকুত জী থকা মানুহবোৰ....
সাৰল্যতাৰ বুকুত জী থকা মানুহবোৰ....♥️
এই পৃথিৱীত আমি এটা মাত্ৰ ক্ষুদ্ৰ বিন্দু(.)।ঠিক ইমানখিনিয়েই আমাৰ অস্তিত্ব,হয়্তুবা ইয়াতকৈও কম।মানুহ মোৰ বাবে খুবেই এটা প্রিয় বিষয়।মানুহক পঢ়ি ভাল লাগে ঠিক আথে-বেথে,আলফুলকৈ সোণাৰীয়ে দুগদুগীত সৰু-সৰু বাখৰ বহুৱাৰ নিচিনাকৈ।তেওঁলোক মোৰ বাবে কেতিয়াবা যদি কবিতা,কেতিয়াবা গল্প কিম্বা উপন্যাসৰ একো একোটা ৰঙীন পৃষ্ঠা।
জীৱন গৈ থাকে জীৱনৰ নিয়মত।
জীৱনবীক্ষাক সৰল কৰি ৰখা মানুহবোৰ মোৰ সাংঘাতিক প্রিয়।সকলো থকাৰ,সকলো পোৱাৰ পাছতো বিনম্ৰতাক আভূষণ কৰা মানুহবোৰ প্রিয়।
চিন্তাশীলতা,প্ৰাণশক্তি, শিক্ষা,জ্ঞান আৰু বুদ্ধিমত্তাৰ সমন্বয়ৰ পাছতো একো একোজোপা ফলৰ ভৰত দো খাই থকা গছ হেন মানুহবোৰ প্রিয়।
নাজানো এনে মানুহৰ ঠিকনা ক'ত?যাৰ বাবে বিনম্ৰতা জীৱনৰ উপাসনা।
এনে মানুহৰ সংখ্যা কম তথাপি আমাৰ বিশ্বাস,এদিন আমি তেওঁলোকক লগ পাম...।
বিনম্ৰ জীৱনৰ কুশল প্ৰাৰ্থনা কৰা প্ৰতিজন মানুহলৈ বসন্তৰ শুভেচ্ছা।কৃত্রিমতাৰ ভোগবাদী পৃথিৱীত তেওঁলোক ৰ'দ হৈ উমলি থাকক,এৰা গছৰ সলনি একোজোপা বৰগছ হওঁক, সৰলতাৰ বৰগছ,অথবা হৈ পৰক শিল্পিত এখনি নৈ,য'ত বিনম্ৰতা মন্দাকিনি হৈ বৈ ৰওক।
উজ্জ্বয়িনী🌻
Comments
Post a Comment