"পূবৰ বেলিয়ে দিবহি হেঁপাহৰ ৰুণ....।"

"পূবৰ বেলিয়ে দিবহি হেঁপাহৰ ৰুণ....।"

তোমাৰ সপোনৰ গছজোপা ক্ৰমশঃ বাঢ়ি গৈ থাকক।

প্ৰথমবাৰতেই সফল হ'ব লাগিব বুলি কোনো কথা নাই।এইয়া এক ৰ'দ ঘাই যাত্ৰা,কাৰোবাৰ বাবে এদিনৰ,কাৰোবাৰ বাবে দিনৰ পিছত দিন কৰা সাধনাৰ যাত্ৰা।তুমি মাত্ৰ গৈ থাকা।এই গোটেই সময়খিনিত নিজৰ সৈতে সামৰি ৰাখা  নিজৰ ওপৰত কিছু ভৰসা,কিছু ধৈৰ্য আৰু কিছু অপেক্ষা।এই যাত্ৰাই তোমাক যেনেকৈ কন্দুৱাব,নিচুকাব তেনেকৈয়ে।আৰু এদিন চাবা,সাফল্যৰ নিয়ৰে ধুৱাই লৈ যাব তোমাৰ ব্যৰ্থতাৰ সকলো দাগ।

গৈ থকাৰ হেঁপাহকণ মাত্ৰ কুশলে ৰাখা।গৈ থকা মানুহক নঞৰ্থক কোনো কথাই চুব নোৱাৰে।

উজ্জ্বয়িনী🌻

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)