Songs of the Village❤️
বৰ আন্তৰিকতাৰে এটা শান্তিপূৰ্ণ, কলাত্মক জীৱন জিয়াব বিচাৰে সি।বহুত বেছি কলাত্মক,বহুত বেছি জীৱন্ত, ঠিক আনে জিয়াব বিচৰা ধৰণৰ...।সেইখন তাৰ সোণৰ পৃথিৱী,বুকুজুৰি লৈ ফুৰা হেঁপাহৰ পৃথিৱী।
কথাৰ মাজে-মাজে সি নিজৰ মজি থকা পৃথিৱী খনৰ কথা প্ৰায়ে আনক কয়।"এনেদৰে সাধনা কৰিম যাতে আই-পিতাইয়ে দিয়া মোৰ এই নামটো নিজেই এটা ডাঙৰ 'compliment' হয়।তাৰ কথাত আকৌ আমাৰ গাঁৱৰ দদাইটি হঁতে বৰ ৰস পায়।শুকুৰা বৰদেউতাই মাজে-মাজে কয়-আমাৰ হৰেনৰ ঘৰত এইবিধ সঁচ ক'ৰ পৰানো গজিল জানো পাই।বৰ অহৌবলীয়া কথাবোৰ কয় দেখোন।আমি বোৰে পঢ়া-শুনা নকৰিলোঁ, চৰকাৰৰ ধন খাবলৈ সেই হেতুকে নাপালোঁ।এতিয়া আৰু আমাৰ ইহঁতবোৰে পঢ়া-শুনা কৰি চাকৰি এটা ঘটক,গাড়ী-ঘোঁৰা লওঁক, সেইয়াইতো আমাৰ আশা।
কিন্তু এই হৰেনৰ পুতেকৰ সপোনবোৰ দেখোন কিবা পাকলগা।কয় বোলে চাকৰি কৰি গোটেই দৰমহাৰ টকা হেনো আনক বিলাই দিব।আয়ৈ পইচা মানুহে নিজৰ ঘৰখন ভাল হওঁক বুলিহে ঘটে।আমি হ'লে এনেকৈয়ে বুজোঁ।মাজতে আমাৰ ভদি ককায়ে মাত দিয়ে-হেৰৌ তাৰ বোলে লক্ষ্য নাই,কিবা ভিজিন(vision)আছে।হেৰৌ থ থ ,সেইটো আকৌ কি বস্তু,এইটোক পঢ়াই মূৰতহে ধৰিলে হ'ব পাই।সেইকাৰণেই কওঁ,বেছি পঢ়িলে মানুহ পগলা হয়।
বি.দ্ৰ:(জীৱনক সজাব পাৰি,যিমানেই বিচাৰা,সিমানেই ধুনীয়া কৰি গৈ থাকিব পাৰি।দৃষ্টি থাকিলে লক্ষ্য নেহেৰায়।লক্ষ্যতকৈ দৃষ্টি শ্ৰেয়।দৃষ্টিৰ পৰিসৰ সীমাহীন।লক্ষ্যই মানুহক সীমাবদ্ধ কৰে আৰু দৃষ্টি,দৃষ্টি সাগৰৰ দৰে বহল,উদাৰ,আকৰ্ষণীয়।হৰেণৰ পুতেকৰ খবৰ মাজে-মাজে দি থকা হ'ব।কিনো তাৰ ভিজিন😊(vision) তাৰ কথাও লিখা হ'ব...।হৰেণৰ পুতেকলৈ দেধাৰ শুভেচ্ছা।)
উজ্জ্বয়িনী🌻
Comments
Post a Comment