'ত'ত্ত'-চ্চান' আৰু মোৰ সপোনৰ বিদ্যালয়খন

'ত'ত্ত'-চ্চান' আৰু মোৰ সপোনৰ বিদ্যালয়খন: শৈশৱতেই 'ত'ত্ত'-চ্চান' শীৰ্ষক গ্ৰন্থখনে মনৰ গহন কোণত সাংঘাটিক ধৰণেৰে প্ৰভাৱিত কৰিছিল।কল্পনাৰ ৰঙীণ তুলিকাৰে মনৰ কেনভাচত নিজৰ ইচ্ছা অনুসৰি আঁকি গৈছিলোঁ,তেনে এখন শিক্ষানুষ্ঠানৰ কাল্পনিক ছবি।এনেকুৱা এখন শিক্ষানুষ্ঠানৰ আমি কল্পনা কৰিব পাৰোঁনে-য'ত ছাত্ৰ-ছাত্ৰী সকল স্বেচ্ছাই শ্ৰেণীকোঠালৈ আহিব,য'ত শিশুসকলে আনন্দৰে অংক-বিজ্ঞানৰ জটিল তত্ব শিকিব।যি বিদ্যাই শিশুসকলক নিজক পাৰ হৈ সপোন দেখাৰ বাট দেখুৱাব,সংকুচিত জীৱনৰ পৰিৱৰ্তে বিশালতাৰ পথ প্ৰশস্ত কৰিব,সৎ কৰ্মৰ প্ৰতি তেওঁলোকৰ চিন্তাক প্ৰবুদ্ধ কৰিব,য'ত গুৰু শিষ্যৰ মাজত এক আন্তৰিকতাৰে ভৰা সৌহাদ্যপূৰ্ণ সম্পৰ্ক থাকিব,য'ত প্ৰতিগৰাকী শিক্ষক পেছাগতভাৱে শিক্ষক নহৈ,হৃদয়েৰে, আন্তৰিকতাৰে শিক্ষক হ'বলৈ আগবাঢ়ি আহিব। জাপানৰ লেখিকা তেৎছুকো কুৰ'য়ানাগি ৰ বহুল সমাদৃত আত্মজীৱনীমূলক গ্রন্থ "ত'ত্ত'-চ্চান" পঢ়াৰ পিছত মনলৈ এনে ভাৱেই আহিছিল আৰু ভাবিছিলোঁ এনেকুৱা এখন বিদ্যালয়ত পঢ়াৰ সৌভাগ্য কেতিয়াবা হোৱা হ'লে!সেই আশা মনতে মৰহিলেও আমি নতুন প্ৰজন্মৰ বাবে তেনে এখন ...