আশাফুল-০৩

১.নিয়মীয়া বার্তাত প্ৰকাশিত আপোনাৰ 'জীৱনৰ উপহাৰবোৰ গ্ৰহণ কৰোঁ আহক' পঢ়ি ভাল লাগিল।ডাঙৰ অট্টালিকাৰ তলত বহা অন্ধ ভিক্ষাৰীজনৰ কাহিনীটোৱে মনত সাঁচ বহুৱায়।আপোনালৈ মাঘ বিহুৰ হিয়াভৰা শুভেচ্ছা জনালো।

~স্বপ্নিল নয়ন

২.নমস্কাৰ বাইদেউ,

নমস্কাৰ গ্ৰহণ কৰিব। নিয়মীয়া বাৰ্তাৰ দেওবৰীয়া বিচিত্ৰাত আপোনাৰ প্ৰবন্ধ " জীৱনৰ উপহাৰবোৰ গ্ৰহণ কৰোঁ আহক" পঢ়িলোঁ, পঢ়ি বৰ ভাল লাগিল। সঁচাকৈ আপুনি ঠিকে কৈছে, কৃতজ্ঞতা জীৱনৰ আভূষণ, কৃতজ্ঞতাই সদায় পোহৰৰ বাট এটাৰ কথাই কয়।সহজ ভাষাত ক'বলৈ গ'লে, কৃতজ্ঞতা এটা অভ্যাস। কৃতজ্ঞতাই জীৱনক পূর্ণতা প্রদান কৰে।

৩.আপোনাৰ লেখাটো পঢ়ি ভাল পালোঁ।

"আপোনাৰ যি আছে তাৰ বাবে কৃতজ্ঞ হোৱা উচিত, অকৃতজ্ঞ হলে আপোনাৰ যি আছে তাক হেৰুৱাব।" এই শক্তিশালী বাক্যশাৰীৰে যেন প্রয়োজন আছিল মোক এইখিনি সময়ত। আপোনাৰ লেখাটোৱে সাহস দিলে। আজিৰ এই লেখাটো পঢ়াৰ সুযোগ পোৱাৰ বাবে মইও কৃতজ্ঞ। ধন্যবাদ।

মই ডাঃ গৌৰাংগ শৰ্মা। মোৰ বৰ্তমান হস্পিতালত ডিউটি চলি আছে। ডিউটিৰ মাজতেই আপোনাৰ লেখাটো পঢ়িলোঁ। ইপিনে বিহুৰ বন্ধ পোৱা নাই। লেখাটো পঢ়ি মনটো ভাল লাগিল।


Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)