'ত'ত্ত'-চ্চান' আৰু মোৰ সপোনৰ বিদ্যালয়খন


'ত'ত্ত'-চ্চান' আৰু মোৰ সপোনৰ বিদ্যালয়খন:

শৈশৱতেই 'ত'ত্ত'-চ্চান' শীৰ্ষক গ্ৰন্থখনে মনৰ গহন কোণত সাংঘাটিক ধৰণেৰে প্ৰভাৱিত কৰিছিল।কল্পনাৰ ৰঙীণ তুলিকাৰে মনৰ কেনভাচত নিজৰ ইচ্ছা অনুসৰি আঁকি গৈছিলোঁ,তেনে এখন শিক্ষানুষ্ঠানৰ কাল্পনিক ছবি।এনেকুৱা এখন শিক্ষানুষ্ঠানৰ আমি কল্পনা কৰিব পাৰোঁনে-য'ত ছাত্ৰ-ছাত্ৰী সকল স্বেচ্ছাই শ্ৰেণীকোঠালৈ আহিব,য'ত শিশুসকলে আনন্দৰে অংক-বিজ্ঞানৰ জটিল তত্ব শিকিব।যি বিদ্যাই শিশুসকলক নিজক পাৰ হৈ সপোন দেখাৰ বাট দেখুৱাব,সংকুচিত জীৱনৰ পৰিৱৰ্তে বিশালতাৰ পথ প্ৰশস্ত কৰিব,সৎ কৰ্মৰ প্ৰতি তেওঁলোকৰ চিন্তাক প্ৰবুদ্ধ কৰিব,য'ত গুৰু শিষ্যৰ মাজত এক আন্তৰিকতাৰে ভৰা সৌহাদ্যপূৰ্ণ সম্পৰ্ক থাকিব,য'ত প্ৰতিগৰাকী শিক্ষক পেছাগতভাৱে শিক্ষক নহৈ,হৃদয়েৰে, আন্তৰিকতাৰে শিক্ষক হ'বলৈ আগবাঢ়ি আহিব।

জাপানৰ লেখিকা তেৎছুকো কুৰ'য়ানাগিৰ বহুল সমাদৃত আত্মজীৱনীমূলক গ্রন্থ "ত'ত্ত'-চ্চান" পঢ়াৰ পিছত মনলৈ এনে ভাৱেই আহিছিল আৰু ভাবিছিলোঁ এনেকুৱা এখন বিদ্যালয়ত পঢ়াৰ সৌভাগ্য কেতিয়াবা হোৱা হ'লে!সেই আশা মনতে মৰহিলেও আমি নতুন প্ৰজন্মৰ বাবে তেনে এখন শিক্ষানুষ্ঠান গঢ়ি তুলিব পাৰোঁ,অন্তৰেৰে এগৰাকী শিক্ষক হোৱাৰ কচৰৎ কৰিব পাৰোঁ।জন দিউয়ে(John Dewey)কৈছিল "Education is not preparation for life; education is life itself."

প্ৰতিটো শিশুৱেই ঈশ্বৰৰ সন্তান।প্ৰতিটো শিশুৱেই বৰ বিশেষ,ৰঙীন।তেওঁলোকে আনৰ পৰা কিছু আদৰ বিচাৰে।ত'ত্ত'-চান আছিল তেনে এগৰাকী  শিশু,যিগৰাকী শিশুক প্ৰথমে অধ্যয়ন কৰা বিদ্যালয়খনত নানাধৰণৰ মানসিক শাস্তি প্ৰদান কৰা হৈছিল।পৰৱৰ্তী সময়ত ত'ত্ত'-চান হৈ পৰিছিল তম' গাকুৱেন(Tomoe Gakuen)নামৰ এখন সুকীয়া,ব্যতিক্ৰমী শিক্ষানুষ্ঠানৰ এগৰাকী ছাত্ৰী।সেইখন যেন এখন বিদ্যালয় নাছিল,বৰং সেইয়া আছিল এখন মায়াময় স্বপ্নপুৰী।য'ত প্ৰতিটো শিশুৱেই স্ব-ইচ্ছাৰে জীৱনৰ সৌন্দৰ্য প্ৰাণ ভৰি উপভোগ কৰিছিল।


তম' গাকুৱেন(Tomoe Gakuen) নামৰ শিক্ষানুষ্ঠানখনৰ শিক্ষক ' শ্বচাকু ক'বায়সী (Sosako Kobayashi)ৰ ভূমিকা আছিল আটাইতকৈ শক্তিশালী।যিসমূহ কথাৰ বাবে ত'ত্ত'-চ্চানক পূৰ্বৰ বিদ্যালয়ত শাস্তি বিহা হৈছিল তাৰ পৰিৱৰ্তে 'তমে' নামৰ শিক্ষানুষ্ঠানখনত ত'ত্ত'-চ্চানৰ প্ৰতিটো কথা শিক্ষকগৰাকীয়ে বন্ধুসুলভ ভাৱে মনোযোগেৰে শুনিছিল।সেইয়া ত'ত্ত'-চ্চানৰ শিশু মনটিৰ বাবে বৰষুণৰ মাজত ৰ'দ চেৰেঙাৰ দৰেই ভাল লগা কথা আছিল।তমেৰ প্ৰতিটো দিশেই খুবেই ব্যতিক্রমী, কলাত্মক আৰু আকৰ্ষণীয় আছিল।সকলোবোৰ ৰঙীণ আছিল,যেন চাৰিওফালে প্ৰতিপল এখিনি ধনাত্মকতা বিৰাজ কৰিছিল।য'ত প্ৰতিগৰাকী শিশুৰ নিজস্ব ৰুচি আৰু চিন্তাৰ স্বতন্ত্ৰতাক সন্মান জনোৱা হৈছিল।ছাত্ৰ-শিক্ষকৰ মাজত এক আন্তৰিকতা পূৰ্ণ সম্পৰ্ক আছিল,য'ত ভয় নাছিল বৰং শিক্ষকৰ প্ৰতি আছিল অপৰিসীম সমীহ আৰু শ্ৰদ্ধা।ছাত্র-ছাত্ৰীক সকলো কথা ব্যৱহাৰিকভাৱে শিকোৱাৰ চেষ্টা কৰা হৈছিল।শিক্ষকগৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ পাঠগ্রহণ প্রক্রিয়াটো খুব আনন্দময় কৰি তোলাৰ প্ৰয়াস কৰিছিল।প্ৰতিদিনেই ছাত্ৰ-ছাত্ৰীসকলক নতুন নতুন পৰীক্ষণ কৰিবলৈ দিছিল।বিফলতাও যে জীৱনৰ আটাইতকৈ ধুনীয়া অংশ,কোনো বিফলতা যে জীৱনতকৈ ডাঙৰ হ'ব নোৱাৰে,জীৱনৰ ৰং নোহোৱা কৰিব নোৱাৰে,সেই কথা উপলব্ধি কৰাবলৈ সৰুৰে পৰাই চেষ্টা কৰিছিল।দ্বিতীয় বিশ্বযুদ্ধত আহত সৈনিক সকলক দেখুৱাবলৈ ছাত্র-ছাত্রী সকলক চিকিৎসালয়লৈও লৈ গৈছিল যাতে শিশুসকলৰ  মনত দয়া,মমতা,বিনম্ৰতা,সহৃদয়তা,বদান্যতা,পৰোপকাৰিতাআদি মানৱীয় প্ৰমূল্যবোধসমূহৰ বিকাশ সাধন হয়। 

কেৱল নিজলৈ অৰ্জা খ্যাতি, অৰ্থপূৰ্ণ জীৱন হ'ব নোৱাৰে।যিজন ব্যক্তিয়ে নিজৰ জীৱনটো ব্যক্তিগত খ্যাতি, পদবী ইত্যাদিৰ সংকীৰ্ণতাৰ পৰা নিজকে নিলগাই আনি আনৰ বাবে কিবা এটা কৰাৰ সপোন দেখা নাই,সৰলতাৰ মূল্য বুজা নাই,সেই জীৱন কেতিয়াও সাৰ্থক জীৱন হ'ব নোৱাৰে।নিজতেই সীমাবদ্ধ জীৱনে মানুহক নিজতকৈ সৰু কৰে।প্ৰকৃত শিক্ষাই এই কথাই আমাক সোঁৱৰাই দিয়ে।বৰ্তমান সময়ত আমাৰ মন-মগজুত এই কথাই বেছিকৈ ক্ৰিয়া কৰে যে-সাম্প্ৰতিক সময়ত চৰকাৰী খণ্ডৰ শিক্ষাৰ মানদণ্ড নিম্নগামী হৈছে আৰু তাৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান সমূহৰ জয় জয় ময় ময় হৈছে।শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বিষয়টো কেৱল ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ মাজতেই সীমাবদ্ধ বিষয় নহয়,বৰং পাৰস্পৰিক সহযোগিতাৰ মাধ্যমেৰে কিদৰে শিক্ষাৰ সামগ্ৰিক মান বৃদ্ধি কৰিব পাৰি তাৰ ওপৰত মনোনিৱেশ কৰা উচিত।আজিৰ তাৰিখত তুলনামূলকভাৱে খুব কম শিক্ষক,অভিভাৱক আৰু ছাত্ৰ ছাত্ৰী থাকে যিসকলে শিক্ষাৰ উদ্দেশ্য আৰু ইয়াৰ আভ্যন্তৰীণ তাৎপৰ্য্য জানিবলৈ,বুজিবলৈ প্ৰয়াস কৰে।শিক্ষা মানে আজিও কেৱল এটা চাকৰিৰ বাবে গ্ৰহণ কৰা বিষয় হৈ আছে।কিন্তু প্ৰকৃতাৰ্থত,শিক্ষাই আমাক এটা ভাল জীৱনৰ বাবে সাজু কৰে।আজিৰ সময়ত,এটা ভাল কৌশল হাতত নথকাৰ অভাৱত হাজাৰ ডিগ্ৰী থকাৰ পিছতো মানুহ হতাশ হয়।জীৱন আৰু জীৱিকাৰ যুদ্ধখন বৰ কঠোৰ। সৰুৰেপৰাই ফলমুখী মানসিকতাৰ পৰিবর্তে কর্মমুখী সংস্কৃতি গঢ়ি তোলাৰ লগতে বৃত্তিমুখী শিক্ষাৰ ধাৰণা নিম্নস্তৰৰ পৰাই বিকাশ সাধন কৰিলে হয়তো নিবনুৱা সমস্যাকো কিছু পৰিমাণে হ্রাস কৰিব পৰা যায়। যিহেতু আনুষ্ঠানিক শিক্ষা গ্রহণ কৰা সকলোৱেই চাকৰি পোৱাৰ সম্ভাৱনা নাথাকে গতিকে বর্তমান সময়ত আন কেতবোৰ বৃত্তিমুখী কৌশল প্রাথমিক পৰ্যায়ৰ পৰাই বিকশিত কৰাৰ ওপৰত প্রাধান্যতা আৰোপ কৰিব লাগে।এই খিনিতে অনুৰাধা শর্মা পূজাৰী জনপ্রিয় উপন্যাস 'সোণ হৰিণৰ চেকুৰ' ত সন্নিবিষ্ট প্রণব কুমাৰ বৰ্মন দেৱৰ 'চুইচাইড নোট' কবিতাটিৰ এটা পংক্তিলৈ মনত পৰিছে..

'...ৰোহনতকৈ মোৰ মেধা কম নহয় পাপা, দীক্ষিতাতকৈ মোৰ বুজাব সক্ষমতা অধিক, ৰাজাতকৈ মোৰ হেণ্ড ৰাইটিং ভাল মা। সিহঁতে ৰিলেটিভিটো জানে, মই জানো আইনষ্টাইন, ডাৰউইনৰ বিস্তৃত বিশাল জীৱন, তথাপিও পৰীক্ষাত মোৰ নম্বৰ কম...।

শিক্ষাদান আৰু শিক্ষাগ্ৰহণ  এটা হাঁহিমুখীয়া কামো হ'ব পাৰে,মানুহৰ মুখৰ হাঁহি লৈ যোৱা শিক্ষা,কেতিয়াও প্ৰকৃত শিক্ষা হ'ব নোৱাৰে।পেছাগতভাৱে বহুত শিক্ষক আছে,আমাক হৃদয়েৰে, আন্তৰিকতাৰে শিক্ষকতা কৰা শিক্ষক লাগে,শিক্ষানুষ্ঠানসমূহ প্ৰাণহীন কাৰখানাৰ সলনি জীৱন্ত অনুষ্ঠানলৈ পৰ্যবেক্ষিত হ'ব লাগে।ছিলেবাছ আৰু পৰীক্ষা পতাতে শিক্ষকৰ দায়িত্ব শেষ নহয়,প্ৰকৃত শিক্ষাই আমাক জীৱনৰ প্ৰতিটো খোজৰ বাবে প্ৰস্তুত কৰি তোলে।বেজবৰুৱাই 'মুক্তি' গল্পত উল্লেখ কৰিছে "আজিকালিৰ স্কুল আগৰ দিনৰ নিচিনা বিদ্যার্থীক পৱিত্ৰ বিদ্যা দান দিয়া পঢ়াশালি নহয়। সি চকী, মেজ, বেঞ্চ, ঘড়ী, চকীদাৰ আদিৰে বিভূষিত আৰু গুৰু শিষ্যৰ আন্তৰিকতা শূন্য ক্ষন্তেকীয়া সমন্ধেৰে সমন্ধ লগা নির্মম মহলা লোৱা কাৰখানাহে। তাত ছাতৰৰ মানসিক সুবৃত্তিবোৰ পৰিৱৰ্দ্ধিত নহৈ জাঁতত চাউল পিহ খোৱাদি পিহ খোৱাৰহে বন্দোবস্ত।”

বৰ্তমান আমাৰ ছাত্ৰসমাজ উদ্যোগী মনৰ হৈ উঠিব লাগিব।চাকৰি নহ'লেও কোনো কথা নাই,আন দহজনক সংস্থাপন দিব পৰাকৈ বিভিন্ন বৃত্তিমুখী দিশত কুশল হ'ব লাগিব।কৌশল সকলোৰে থাকে।মাত্ৰ সেইসমূহ বিকাশ হ'বলৈ কোনোৱে এক উপযুক্ত পৰিৱেশ লাভ কৰিবলৈ সক্ষম হয়,আন কোনোবা নহয়। আধ্যাত্মিকতা, মানৱীয় প্ৰমূল্যবোধসমূহক উৎসাহিত কৰিব পৰা শিক্ষা ব্যৱস্থা লাগিব,আমাৰ ছাত্র সমাজ মাটিৰ মানুহ হৈ প্ৰকৃতিৰ সৈতে একাত্মবোধ ৰক্ষা কৰিব পাৰিব লাগিব।আমাৰ ছাত্র-ছাত্ৰী সকলে সুখী আৰু সন্তুষ্ট অনুভৱ কৰিব পাৰিব লাগিব।বহুসময়ত বিদ্যায়তনিক শিক্ষা লাভ কৰাৰ পিছত উপযুক্ত সংস্থাপন লাভ নকৰাৰ অজুহাতত আমি বিবৰ্ণ হৈ পৰোঁ,হতাশ হওঁ।কিন্তু যি শিক্ষাই আনুষ্ঠানিক শিক্ষা শেষ হোৱাৰ পিছতো আমাৰ হাতত নিজে কিবা এটা কৰিব পৰাকৈ এটা কৌশল দি পঠাব,তেনে লোক কাহানিও হতাশ হ'ব নোৱাৰে।ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই তেখেতৰ আত্মজীৱনীত উল্লেখ কৰিছিল "স্কুল মোৰ মনত ভয়ৰ ভৱন নহৈ যদি আনন্দভৱন হ'লহেঁতেন আৰু মোৰ নিচিনা দুৰ্ভগীয়া 'স্কুলাতঙ্কৰোগগ্রস্ত' এশ-এটা ল'ৰাৰ পক্ষেও যদি তেনেকুৱাই হ'লহেঁতেন, তেন্তে আমাৰ দেশত কি সুস্থ সবল দেহৰ আৰু মনৰ এচাম প্ৰজাৰ (generation) সৃষ্টি হ'লহেঁতেন (মোৰ জীৱন সোঁৱৰণ, পৃষ্ঠা-৩২)।” বৰ্তমান সময়ত আমি বহুকেইখন শিক্ষানুষ্ঠানৰ উদাহৰণ দিব পাৰোঁ, যিসমূহ শিক্ষানুষ্ঠানে পৰম্পৰাগতভাৱে চলি অহা শিক্ষা ব্যৱস্থাক প্ৰত্যাহ্বান জনাই আমাৰেই সন্মুখত এক আদৰ্শ আৰু আৰ্হি হিচাপে থিয় দিছে।তাৰ ভিতৰত আমি মহাত্মা গান্ধীৰ আদৰ্শৰে চলি থকা আনন্দ নিকেতন,চনম ৱাংচুকৰ চেকমল স্কুল,'Teach For India',অসমৰ প্ৰেক্ষাপটত বহুল চৰ্চিত ড° প্ৰাঞ্জল বুঢ়াগোহাঁইৰ উৎকৃষ্ট নিদৰ্শন বিদ্যা:দ্য লিভিং স্কুল,উত্তম তেৰণৰ পাৰিজাত একাডেমী,মাজুলীৰ হামিং বাৰ্ড বিদ্যালয়ৰ কথা উল্লেখ কৰিব পাৰোঁ। জীয়াই থকাৰ নামেই জীৱন নহয়।জীৱন মানে কেৱল এটা চাকৰি নহয়,ডাঙৰ পদবী নহয়।জীৱন আন বহু কিবা কিবিৰ সমষ্টি।জীৱনৰ অৰ্থ বিশাল।আমি গ্ৰহণ কৰা শিক্ষাই,আমাক জীৱনৰ বাবে এটা দীৰ্ঘম্যাদী অৰ্থ প্ৰদান কৰিবলৈ সক্ষম হ'ব লাগিব।জীৱনৰ সফলতা,বিফলতাই জীৱনৰ অৰ্থ নিৰ্ধাৰণ নকৰে।বৰং এইসমূহ জীৱন নামৰ যাত্ৰাৰ একোটা অংশহে।জীৱনৰ অৰ্থ নিহিত হৈ থাকে কৰ্মত, আত্মিক সন্তুষ্টিত।নিজক পাৰ হৈ সপোন দেখা মানুহবোৰে জীৱনক এক সুকীয়া অৰ্থ প্ৰদান কৰে।কামবোৰেই মানুহক স্থায়িত্ব দিয়ে,নিজক আনৰ পৰা পৃথক কৰে।কামবোৰেই মানুহক ধুনীয়া কৰে।আৰু কামবোৰেই এগৰাকী ব্যক্তিৰ অনুপস্থিতিত কথা কয়। সংকুচিত জীৱনৰ কামনা কেতিয়াও কাৰো কাম্য নহয়।আমি প্ৰতিজনেই সমাজৰ বাবে,দেশৰ বাবে,দহৰ বাবে কামত অহা একোজন মানুহ হোৱাটোৱেই আমাৰ জীৱনৰ অৰ্থ হ'ব লাগে,পোহৰৰ পথৰ সন্ধান কৰিব লাগে।সফলতা আৰু আনন্দ একেই নহয়।বহুসময়ত আমি এই দুয়োটা শব্দকে একাকাৰ কৰোঁ।কৰ্মই আনন্দ,আনন্দই ভগৱান।এটাই জীৱন,তাক আমি ঘঁহি পিটি শ্ৰেষ্ঠ জীৱন কৰি তুলিব লাগে।জীৱনত সৰুৱেই হওঁক বা ডাঙৰেই হওঁক এটা দীৰ্ঘম্যাদী সৎ উদ্দেশ্য থকাৰ দৰকাৰ,এটা সাঁচতীয়া ইচ্ছাৰ দৰকাৰ।যি উদ্দেশ্যই/ইচ্ছাই জীৱনক এটা অৰ্থ প্ৰদান কৰিব।জীৱনৰ প্ৰতিটো প্ৰকল্প সেই উদ্দেশ্যৰ সৈতে জড়িত হ'ব।তাক বহল অৰ্থত 'দৃষ্টি' বা 'vision' বুলি ক'ব পাৰোঁ।যি দৃষ্টিয়ে আমাক নিজতকৈ ডাঙৰ কৰি তুলিব,সীমাবদ্ধ জীৱন এটাৰ পৰা আমাক তুলি ধৰিব,সংকীৰ্ণতাৰ পৰিৱৰ্তে বিশালতাৰ বাট দেখাব।কেৱল লক্ষ্যই মানুহক সীমাবদ্ধ কৰে।কিন্তু দীৰ্ঘম্যাদী উদ্দেশ্যই যাত্ৰাৰ অনন্য সোৱাদ দিয়ে।সময়ক সোণ কৰিম নে ধূলি কৰি উৰুৱাই দিম সেই বাঘজৰী আমাৰ হাততেই আছে।ফলাফলৰ কথা পৰিহাৰ কৰি আমি সময়ক সোণ কৰিব পাৰোঁ আমাৰ কৰ্মৰে,দীৰ্ঘম্যাদী সৎ উদ্দেশ্যৰে।এই অৰ্থপূৰ্ণ জীৱন গঢ়াৰ মূল শিপা,এখন শিক্ষানুষ্ঠানৰ পৰাই আৰম্ভ হয়।কেৱল নম্বৰমুখী শিক্ষা লাভৰ বিপৰীতে গৈ আমাৰ ছাত্র- ছাত্রীসকল স্ব-প্ৰতিভাৰে আকাশৰ বিশালতা চাবলৈ মুক্ত বিহংগ হৈ নীল আকাশত উৰক, সেইখন আকাশ য'ত হেজাৰ সপোনে জাকি মাৰি উৰে, যাৰ পৰা পথভ্রষ্ট পথিকে সাহস পায়, হেজাৰজন হতাশগ্রস্ত মানুহৰ মনত আশাৰ সঞ্চাৰ কৰে।


উজ্জ্বয়িনী🌻


Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)