জীৱনৰ উপহাৰবোৰ গ্ৰহণ কৰোঁ আহক




@নিয়মীয়া বাৰ্তা কাকতত প্ৰকাশিত এটি লেখা(12/01/2025)

দিন আহে, দিন যায়।জীৱন দিনলিপিৰ এখিনি সোণসৰা সময় অতীত হৈ গ'ল।২০২৪ বৰ্ষক বিদায় দি ২০২৫ ৰ আগমন হ'ল।জীৱনক জীৱনৰ দৰে ৰাখিবলৈ কেতবোৰ ইতিবাচক গুণৰ প্ৰয়োজন হয়।এই গুণসমূহৰ যাদুকৰী শক্তিত আমি নতুন মানুহ হৈ উঠিব পাৰোঁ।জীয়াই থকাৰ নামেই জীৱন নহয়।ইন্দ্রিয় সুখানুভূতি, ধন-সম্পত্তি আৰু যশ-প্রতিপত্তিয়ে মানুহক কেৱল সাময়িক সুখ-সন্তুষ্টিহে প্ৰদান কৰিব পাৰে৷এইসমূহে জীৱনক এক দীৰ্ঘম্যাদী অৰ্থ প্ৰদান কৰাত বিফল হয়।এই উপলব্ধি হোৱাৰ পিছত জীৱনক চোৱাৰ এক নতুন দৃষ্টিভংগী আৰম্ভ হয়।জীৱনৰ পৰিসৰ সম্প্ৰসাৰিত হয়।জীৱনে পথ সলায়।এৰিষ্টটলে তেওঁৰ নিকোমাচিয়ান নীতি (Nicomachean Ethics) নামৰ গ্রন্থত বিমল আনন্দ প্ৰাপ্তিৰ উপলব্ধিক মানৱ জীৱনৰ পৰম উদ্দেশ্য বুলি গণ্য কৰিছিল৷নতুন বৰ্ষৰ নতুন সময়ত ,কেতবোৰ ইতিবাচক অনুভূতিক জীৱনৰ অংশ কৰি তোলাৰ সংকল্প লওঁ আহক।ইতিবাচক অনুভূতি বুলি কওঁতে আজি কৃতজ্ঞতাৰ কথাই ক'ব বিচাৰিম।জীৱনক সজাব পাৰি,যিমানেই বিচাৰোঁ, সিমানেই ধুনীয়া কৰি গৈ থাকিব পাৰি।ইতিবাচক অনুভূতিসমূহে মানুহৰ জীৱনক এটা গতি দিয়ে।জীৱনক নিৰ্মালি হিচাপে গ্ৰহণ কৰাত,জীৱনবীক্ষাক সৰল কৰি ৰখাত সহায় কৰে।কৃতজ্ঞতা জীৱনৰ আভূষণ।কৃতজ্ঞতাই সদায় পোহৰৰ বাট এটাৰ কথাই কয়।জীৱনৰ ভালবোৰ গ্ৰহণ কৰাৰ কথা কয়।কৃতজ্ঞতাত বিগলিত হৃদয়ৰ মানুহে কেতিয়াও মাটিৰ লগত মিলি যোৱা কথাবোৰক লৈ অহংকাৰ নকৰে।কৃতজ্ঞতা এনে এখন এ.টি.এম (ATM) কাৰ্ড,যাক যিমানেই ব্যৱহাৰ কৰা হয়,সিমানেই ইয়াৰ মূল্য বৃদ্ধি পায়।কিয়নো আমি যিমানেই আনৰ প্ৰতি কৃতজ্ঞ হওঁ,সদিচ্ছাৰ মনোভাৱ ব্যক্ত কৰোঁ,সিমানেই আমি তেনেধৰণৰ কামসমূহ নিৰন্তৰ ভাৱে কৰি থকাৰ অন্তহীন প্রেৰণা পাওঁ।কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ড° ৰবাৰ্ট এ ইমন্স আৰু মিয়ামি বিশ্ববিদ্যালয়ৰ ড° মাইকেল ই মেককালোৱে কৃতজ্ঞতাৰ ওপৰত বহু গৱেষণা কৰিছে।এটা অধ্যয়নত তেওঁলোকে সকলো অংশগ্ৰহণকাৰীকে প্ৰতি সপ্তাহত কেইটামান বাক্য লিখিবলৈ কৈছিল, বিশেষ বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি।এটা দলে সপ্তাহটোৰ ভিতৰত ঘটা কথাবোৰৰ বাবে তেওঁলোকে কৃতজ্ঞতা প্ৰকাশ কৰিছিল।দ্বিতীয়টো গোটে দৈনন্দিন বিৰক্তি বা তেওঁলোকক অসন্তুষ্ট কৰা কথাবোৰৰ বিষয়ে লিখিছিল আৰু তৃতীয়টোৱে তেওঁলোকক প্ৰভাৱিত কৰা পৰিঘটনাৰ বিষয়ে লিখিছিল (এইবোৰ ইতিবাচক বা নেতিবাচক হোৱাৰ ওপৰত কোনো গুৰুত্ব নিদিয়াকৈ)।১০ সপ্তাহৰ পাছত যিসকলে কৃতজ্ঞতাৰ বিষয়ে লিখিছিল তেওঁলোকে অধিক আশাবাদী হৈ নিজৰ জীৱনটোক লৈ পৰম সন্তুষ্টি অনুভৱ কৰিছিল। 


প্ৰাঞ্জল বুঢ়াগোহাঁইয়ে "কৃতজ্ঞতা:জীৱন আৰু শিক্ষাৰ বাবে এক বিজ্ঞান" শীৰ্ষক গ্ৰন্থত লিখিছে- "মই কৃতজ্ঞ হৈছোঁ মানে জীৱনৰ ভালবোৰ গ্ৰহণ কৰিছোঁ,জীৱনক গ্ৰহণ কৰিছোঁ।"

"কৃতজ্ঞ হোৱা মানে জীৱনত পোৱা আশীৰ্বাদ, উপহাৰবোৰৰ হিচাপ ৰখা। কৃতজ্ঞ হোৱা মানে জীৱনত যে ভাল আৰু আনন্দদায়ক কথা আছে তাক স্বীকৃতি দিয়া। কৃতজ্ঞ হোৱা মানে মই যে কাৰোবাৰ দয়া, ভালপোৱা পাইছো সেই কথা স্বীকৃতি দিয়াৰ সদিচ্ছা। কৃতজ্ঞ হোৱা মানে এই কথা স্বীকৃতি দিয়া যে- আনৰ ভালপোৱা আৰু বৰঙণিৰ অবিহনে মই আজিৰ পৰ্যায় নাপালোহেঁতেন। কৃতজ্ঞ হোৱা মানে এই কথা স্বীকৃতি দিয়া যে- মোৰ জীৱন ভাল, কাৰণ আন বহুতে এইটো ভাল কৰিছে। কৃতজ্ঞ হোৱা মানে মনৰ এই সজাগতা যে- মই বহুতো ভালৰ গৰাকী, আৰু সেয়া মোক আনে দিছে। এমন্‌ছ এ কোৱাৰ দৰে- "In gratitude we say yes to life".


কৃতজ্ঞতা সম্পৰ্কত কেইটামান বিশেষ কাহিনী উল্লেখ কৰিলোঁ।এজন অন্ধ ল’ৰা ভৰিৰ ওচৰত এটা পাত্ৰ লৈ এটা প্ৰকাণ্ড অট্টালিকাৰ ঠিক তলতেই বহি আছিল।কাষতে এখন ফলক ওপৰমোৱাকৈ আছিল, য’ত লিখা আছিল,“মই অন্ধ, অনুগ্ৰহ কৰি মোক সহায় কৰক।”পাত্ৰটোত মাত্ৰ কেইটামান মুদ্ৰা গোট খাইছিল।চহৰৰ নিত্য নৈমিত্তিক ব্যস্ততাৰ মাজত সেই ল'ৰাজনলৈ চাবলৈ কাৰো বিশেষ আহৰি নাছিল।

কিন্তু অন্ধ ল'ৰাজনৰ কাষেৰে পাৰ হৈ যোৱা এজন মানুহ তেওঁৰ কাষ চাপি গৈ পকেটৰ পৰা কেইটামান মুদ্ৰা উলিয়াই পাত্ৰটোত ৰাখিলে।তাৰ পিছত তেওঁ ফলকখনত লিখা বাক্যকেইশাৰীত আৰু কেইটামান নতুন শব্দ যোগ কৰি ল’ৰাটোৰ হাতত ফলকখন আকৌ থৈ দিলে যাতে খোজ কাঢ়ি যোৱা সকলোৰে বাক্যশাৰী ভালকৈ দৃষ্টিগোচৰ হয়।ক্ষন্তেক পিছতেই ল'ৰাজনক আচৰিত কৰি টুপিটো বহুত মুদ্ৰাৰ ভৰি পৰিল।সেইদিনাই দুপৰীয়া বাক্যশাৰী সলনি কৰা মানুহজন আহি ল'ৰাজনৰ কাষ পালে। সেই অন্ধ ল’ৰাজনে সেই ব্যক্তিজনৰ খোজত  চিনি পাই সুধিলে, “আজি ৰাতিপুৱা মোৰ ফলকখনত আপুনিয়েই কিবা লিখি থৈ গৈছিল নেকি?আপুনি এনে কি লিখিলে যে মোৰ এই ঠাই মুদ্ৰাৰে ভৰি পৰিল?”মানুহজনে ক’লে,আপুনি কোৱা কথাখিনি মই কেৱল কিছু বেলেগ ধৰণেৰে ক’লোঁ।মই লিখিলোঁ, “আজি এটা সুন্দৰ দিন, কিন্তু মই দেখা নাপাওঁ।”প্ৰথম বাক্যশাৰীয়ে কেৱল ল'ৰাটো অন্ধ বুলি কৈছিল, আনহাতে দ্বিতীয় বাক্যশাৰীয়ে সেই অন্ধ ল'ৰাজনৰ কাষেৰে পাৰ হৈ যোৱা সকলোকে বুজাইছিল যে তেওঁলোক কিমান বেছি সৌভাগ্যৱান যে তেওঁলোকে এই পৃথিৱীক স্বচক্ষুৰে দেখাৰ সৌভাগ্য হৈছে।

আন এটা কাহিনী আছিল ঠিক এনেধৰণৰ-এসময়ত এখন ঘন অৰণ্যত চৰাইৰ দল এটাই বাস কৰিছিল।তাৰ ভিতৰত এনে এটা পোৱালি চৰাই আছিল যি সদায় ক্ষোভিত আৰু অসন্তুষ্ট হৈ থাকিছিল।সেই পোৱালি চৰাইটোৱে সদায় অধিক কামনা কৰিছিল।খাদ্য,থকাৰ বাহ, যিমানেই আৰামদায়ক নহওক কিয়, সি প্ৰায়ে অভিযোগ কৰিছিল।তেওঁৰ অকৃতজ্ঞ মনোভাৱে তেওঁক সমনীয়াৰ মাজত হেয় কৰি তুলিছিল।এদিন চৰাই পোৱালিটোৱে ভাল খাদ্য আৰু বাসস্থানৰ সন্ধানত নিজৰ জাকৰ পৰা বহু দূৰলৈ উৰি গ’ল।ফল-মূলেৰে ভৰা এখন ৰসাল সেউজীয়া বাগিচা পোৱালৈকে তেওঁ মাইলৰ পিছত মাইল উৰি গৈ থাকিল।অৱশেষত নিজৰ আকাংক্ষিত এখন ঠাই লাভ কৰি পোৱালি চৰাইটো আনন্দত বিমুগ্ধ হৈ পৰিল আৰু সি সিদ্ধান্ত ল’লে যে সেইখন ঠাইকে সি নিজৰ নতুন ঘৰ কৰি ল’ব।ওখ গছৰ ডালত  বাহ সাজি বাৰীখনৰ সুস্বাদু ফলবোৰ সি খাবলৈ ধৰিলে।কিছু দিনৰ বাবে সি সুখী আৰু সন্তুষ্ট অনুভৱ কৰিলে যদিও দিন বাগৰাৰ লগে লগে তাৰ মনত লোভী স্বভাৱটোৱে ঠাই ল’লে, আৰু সি প্রয়োজনতকৈ অধিক বিচাৰিবলৈ আৰম্ভ কৰিলে।সি গছবোৰৰ পৰা অধিক ফল বিচাৰিবলৈ ধৰিলে, আৰু যেতিয়া গছবোৰে তাক পৰ্যাপ্ত পৰিমাণে নিদিলে, তেতিয়া সি খঙত গছবোৰক জোৰেৰে চেপিবলৈ ধৰিলে।বাগিচাখনৰ মালীগৰাকীয়ে পোৱালি চৰাইটোৱে কৰা ক্ষতি লক্ষ্য কৰি তাৰ পৰা মুক্তি পাবলৈ সিদ্ধান্ত ল’লে আৰু চৰাইটোৰ বাবে ফান্দ পাতি পিঞ্জৰা এটাত আবদ্ধ কৰিলে। চৰাই পোৱালিটো অসহায় হৈ পৰিল আৰু নিজৰ আচৰণৰ বাবে অনুশোচনা কৰিলে।দিন পাৰ হৈ গ’ল, পোৱালিটো তেতিয়াও পিঞ্জৰাত আবদ্ধ হৈ আছিল।সি নিজৰ স্বাধীনতা আৰু জীয়াই থকাৰ ইচ্ছা হেৰুৱাই পেলাইছিল।স্বাধীনতাৰ প্ৰকৃত মূল্য আৰু কৃতজ্ঞতাৰ গুৰুত্ব তেওঁ উপলব্ধি কৰিছিল।  তেওঁ বুজি পাইছিল যে তেওঁৰ যি আছে তাতেই সুখী হ’ব লাগিছিল আৰু অধিক কামনা কৰা উচিত নাছিল।এদিন বাৰীৰ কাষেৰে এটা জ্ঞানী বুঢ়া চৰাই উৰি গৈ দেখিলে যে পোৱালি চৰাইটো পিঞ্জৰাত আবদ্ধ হৈ আছে।বুঢ়া চৰাইয়ে তেওঁক কি হৈছে বুলি সুধিলে,পোৱালি চৰাইটোৱে তেওঁৰ কাহিনী বুজাই দিলে।জ্ঞানী বুঢ়া চৰাইটোৱে মন দি শুনি ক’লে, “আপোনাৰ যি আছে তাৰ বাবে কৃতজ্ঞ হোৱা উচিত,  অকৃতজ্ঞ হ’লে আপোনাৰ যি আছে তাক হেৰুৱাব।”

পোৱালি চৰাইটোৱে বুঢ়া চৰাইৰ কথাত সত্যটো উপলব্ধি কৰি আৰু কেতিয়াও অকৃতজ্ঞ নহ’ব বুলি প্ৰতিশ্ৰুতি দিলে।  তাৰ পাছত জ্ঞানী বুঢ়া চৰাইজনী মালীৰ ওচৰলৈ উৰি গৈ পোৱালি চৰাইটোক এৰি দিবলৈ ক’লে।  মালিকে মান্তি হৈ চৰাইটোক মুক্ত কৰি দিলে।পোৱালি চৰাইটোৱে নিজৰ জাকটোলৈ উভতি উৰি গ’ল, য’ত তেওঁক মুকলি ডেউকাৰে আদৰণি জনোৱা হ’ল।  তেওঁ নিজৰ আচৰণৰ বাবে সমনীয়াৰ ওচৰত ক্ষমা বিচাৰিছিল আৰু তেতিয়াৰ পৰা ভাল চৰাই হোৱাৰ প্ৰতিশ্ৰুতি দিছিল।  আন চৰাইবোৰে তেওঁক ক্ষমা কৰি পুনৰ জাকত আদৰি লৈছিল।জ্ঞানী বুঢ়া চৰাইৰ কথাই তেওঁক চিৰদিনৰ বাবে সলনি কৰি পেলাইছিল।তেওঁ শিকিছিল যে সকলোতকৈ ডাঙৰ উপহাৰ হ’ল কৃতজ্ঞতাৰ উপহাৰ, আৰু তেওঁৰ যন্ত্ৰণাদায়ক অভিজ্ঞতাৰ জৰিয়তে তেওঁ সেই উপহাৰ লাভ কৰিছিল।


সহজ ভাষাত ক’বলৈ গ’লে, কৃতজ্ঞতা এটা অভ্যাস।কৃতজ্ঞতাই জীৱনক পূৰ্ণতা প্ৰদান কৰে।বুদ্ধ দৰ্শনত বুদ্ধই কৃতজ্ঞতাক সকলোবোৰ ভাল গুণৰ মাতৃ বুলি অভিহিত কৰিছিল।এটা কৃতজ্ঞ মন আমাৰ জীৱনৰ বাবে পৰম  আশীৰ্বাদ।ই হৈছে এক শক্তিশালী আৱেগ যিয়ে আমাৰ জীৱনত গভীৰ প্ৰভাৱ পেলাব পাৰে।কৃতজ্ঞতা এক মানসিকতা, আমাৰ জীৱনৰ সকলো ভাল কামৰ প্ৰশংসা আৰু স্বীকৃতিৰে পৃথিৱীখনলৈ চোৱাৰ এক  ধৰণ।যেতিয়া আমি আমাৰ জীৱনৰ ইতিবাচক দিশবোৰৰ ওপৰত গুৰুত্ব দিওঁ আৰু সেইবোৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰো, তেতিয়া আমি অধিক সুখী, অধিক সন্তুষ্ট আৰু কম মানসিক চাপ অনুভৱ কৰো।কৃতজ্ঞতাই আমাৰ মানৱিক চেতনাৰে সমৃদ্ধ সম্পৰ্কসমূহো উন্নত কৰিব পাৰে।আমাৰ দৈনন্দিন জীৱনত কৃতজ্ঞতাৰ অভ্যাস কৰিবলৈ বহুতো সহজ উপায় আছে।  কৃতজ্ঞতাৰ জাৰ্নেল এখন ৰখা, য’ত আমি প্ৰতিদিনে ধন্যবাদৰ পাত্ৰ হোৱা কথাবোৰ লিখি ৰাখিব পাৰোঁ, ই আমাক ইতিবাচক দিশত মনোনিৱেশ কৰাত সহায় কৰিব পাৰে আৰু আমাৰ দৃষ্টিভংগী কৃতজ্ঞতাৰ দিশত স্থানান্তৰিত কৰাত সহায় কৰিব পাৰে।মাইণ্ডফুলনেছৰ অভ্যাস কৰা আৰু আমাৰ জীৱনৰ সৰু সৰু আনন্দ আৰু সৌন্দৰ্য্যৰ মুহূৰ্তবোৰ অনুধাৱন কৰিবলৈ লোৱাটোৱেও আমাক কৃতজ্ঞতাৰ ভাৱ গঢ়ি তোলাত সহায় কৰিব পাৰে।

কৃতজ্ঞতাই আমাৰ জীৱনক গভীৰভাৱে ৰূপান্তৰিত কৰাৰ শক্তি আছে।  যেতিয়া আমি কৃতজ্ঞ হৃদয়েৰে জীৱনৰ কাষ চাপো, তেতিয়া আমি আমাৰ জীৱনলৈ অধিক ইতিবাচকতা, প্ৰচুৰতা আৰু আনন্দ আকৰ্ষণ কৰো।আমি যিটোৰ বাবে কৃতজ্ঞ তাৰ ওপৰত গুৰুত্ব দি আমি আমাৰ মানসিকতাক অভাৱৰ পৰা প্ৰচুৰতালৈ, নেতিবাচকতাৰ পৰা ইতিবাচকতালৈ স্থানান্তৰিত কৰিব পাৰো।  কৃতজ্ঞতা হৈছে স্থিতিস্থাপকতা গঢ়ি তোলা, শান্তিৰ অনুভূতি গঢ়ি তোলা আৰু বৰ্তমানৰ মুহূৰ্তত সন্তুষ্টি বিচাৰি পোৱাৰ এক শক্তিশালী আহিলা,দৈনন্দিন জীৱনত সকলোৱে এই অভ্যাস গঢ়ি তোলোঁ আহক।


পাপৰি বৰা

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)