Posts

Showing posts from March, 2025

মানুহৰ সেৱাৰ মাজেদি মই ঈশ্বৰক লগ পাব বিচাৰোঁ। কিয়নো ঈশ্বৰ স্বৰ্গতো নাই, পাতালতো নাই, আছে মাত্ৰ আমাৰ প্ৰত্যেকৰে অন্তৰত।

Image
 

'কিছুমান ডাঙৰ মানুহ আছে, যাৰ ওচৰত আনবোৰ ক্ষুদ্র। কিন্তু, সেইজনহে প্ৰকৃততে ডাঙৰ, যাৰ সান্নিধ্যত আনেও ডাঙৰ অনুভৱ কৰে।'- চেষ্টাৰটন।

Image
 

মনৰ বাতৰি-৩৯

Image
 

মনৰ বাতৰি-৩৮

Image
 

মনৰ বাতৰি-৩৭

Image
 

মনৰ বাতৰি-৩৬

Image
 

মনৰ বাতৰি-৩৫

Image
মোৰ লগৰী আৰু মোৰ অনুভৱ নমস্কাৰ.... মোৰ নাম শ্রীমতী সুস্মীতা লিম্বু আৰু মোৰ লগৰীৰ নাম শ্রীমতী মুনমী গগৈ।আপুনি ইমান দূৰৰ পৰা আমাৰ মহাবিদ্যালয়লৈ অহাৰ বাবে অন্তৰৰ পৰা ধন্যবাদ দিছোঁ।আমি আপোনাৰ লগত মুখামুখি ভাৱে কথা পাতিব নোৱাৰোঁ কিন্তু আপুনি আমাৰ বাবে ইমান ধুনীয়াকৈ মনৰ কথা লিখিতভাৱে আদান-প্রদান কৰিবলৈ সুবিধা দিয়াৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আগলৈ আকৌ এবাৰ লগ পোৱাৰ আশাৰে....

মনৰ বাতৰি-৩৪

Image
মে'মৰ নামটো শুনিছিলোঁ কিন্তু লগ পোৱা নাছিলোঁ।অলপমান ভয় আছিল,মে'ম গৰাকী কেনেকুৱা হ'ব বুলি।কিন্তু যিদিনা লগ পালোঁ, সেইদিনাৰ পৰা মোৰ এনে লগা হ'ল যে-দেওবাৰটো কেতিয়া আহিব,মে'মজনীক কেতিয়া লগ পাম,তেনেকুৱা লাগে।মে'মক লগ পোৱাৰ পাছত পাহৰি যোৱা যায় যে কলেজত আছোঁ বুলি।মে'মৰ জীৱনশৈলীৰ(Life Style) বিষয়ে নাজানোঁ কিন্তু মোৰ মে'মগৰাকীক বহুত ভাল লাগে।মই এগৰাকী 'মে'ম' নহয় 'বা' এগৰাকী পালোঁ।গতিকে মই সুখী।কেতিয়াও মে'মৰ ক্লাছ কৰি আমনি নালাগে।মে'মৰ মাতটো শুনিলে সকলো দুখ নাইকিয়া হৈ যায়,সমস্যাবোৰো পাহৰি যাওঁ অলপ সময়ৰ বাবে ।Love you Ma'am♥️ ~ভাগ্যলক্ষ্মী কলিতা

মনৰ বাতৰি-৩৩

Image
I keep a little piece of everyone i meet... #Memories are everything 🌷

অধিকাৰ

Image
 

মনৰ বাতৰি-৩২

Image
প্ৰথম ক্লাছ আৰম্ভ হোৱাৰ পৰা আজিৰ এই শেষৰ ক্লাছলৈকে কটোৱা এই সময়খিনি সদায় বিশেষ।এই বিশেষ দিনকেইটাত বহুতো নতুন লগ,বন্ধু লগ পালোঁ আৰু লগ পালোঁ সকলোতকৈ ভাল লগা Ma'am জনীক। এই দিনকেইটাত আটাইতকৈ বিশেষ বুলি ক'লে-প্রিয় বাইদেউজনীৰ প্রিয় মাতষাৰ সদায় বিশেষ হৈ ৰ'ব।আন বহুজনৰ দৰে কিতাপৰ কথাৰে নুবুজোৱা, সদায় নিজৰ ভাষাৰে, হাঁহি-ধেমালিৰে, কেৱল শিক্ষাৰ্থী বুলি গণ্য নকৰি বান্ধৱীৰ নিচিনাকৈ আদৰ কৰা,সকলো কথাই খুলি ক'ব পৰা বিশেষ Ma'am জনী সদায় বিশেষ হৈ ৰ'ব। ডিগ্ৰীৰ প্ৰথম বৰ্ষত লগ পোৱা মোৰ আটাইতকৈ প্রিয় শিক্ষাগুৰু বুলি ক'লে আপোনাৰ নামেই উল্লেখ কৰিম।শেষত বহুত মৰম আৰু শ্ৰদ্ধা যাছিলোঁ। ~প্ৰণীতা শইকীয়া

গল্প:প্ৰাণ পোৱাৰ পিছত চৈয়দ আব্দুল মালিক

"শেষৰ নাচটো জুৰি আৰু হেমন্ত দুয়ো নাচিলে। নাচটোৰ নাম 'ৰাতি আৰু ৰজনীগন্ধা'। দিনৰ দিনটো নিজক পাতৰ আঁৰত লুকাই ৰাখি ৰাতিৰ কাৰণে অপেক্ষা কৰি থাকে ৰজনীগন্ধাই। লাহে লাহে সাজ গঢ়ে-ৰাতি আহে, গহীন খোজ, গাত পাতল বগা জোনাকৰ ৰহণ, মুখত স্নিগ্ধ কোমল স্বপ্নৰেখা, মূৰত ডাঠ ক'লা চুলিৰ ওপৰত ক'লা পাৰিৰ চেলেঙৰ ওৰণি;গাত লোৱা আকাশবুলীয়া কাপোৰখনত উজ্জল সোণবৰণীয়া তৰাৰ শাৰী। ৰাতিৰ আগমনত ৰজনীগন্ধাৰ পাহিবোৰ লাহে লাহে মেল খালে-এটা এটাকৈ। আকাশৰপৰা লাহে লাহে বাগৰি আহিল বগা জোনাকৰ ঢৌ। জোনাকক বুকুত লৈ আৰম্ভ হ'ল ৰজনীগন্ধাৰ নাচ। ৰজনীগন্ধাৰ কি আনন্দ! কি আবেশ। কি ছন্দ। আৰু কোনো নাই-ৰাতি আৰু ৰজনীগন্ধা। ৰজনীগন্ধাৰ নাচোন লাগি কঁপি উঠিল ৰাতিৰ বতাহ-কঁপি উঠিল ৰাতিৰ আকাশৰ নীলিমা। ৰাতিয়েও নাচিব ধৰিলে। নাচোঁতে নাচোঁতে কেতিয়াবা ৰাতিৰ বুকুত ৰজনীগন্ধা লুকাই পৰে, থাকে কেৱল জোনাক-শুভ্র বিমল জোনাক, কেতিয়াবা আকৌ ৰজনীগন্ধাৰ বুকুত লুকাই পৰে ৰাতি, থাকে কেৱল শুভ্র ৰজনীগন্ধাৰ জোনাক-সনা পাপৰিত নাচৰ ধৱল ছন্দ। নাচি নাচি দুয়ো আত্মহাৰা, উদ্‌ভ্ৰান্ত-যেন পৃথিৱীত আৰু কোনো নাই! লাহে লাহে পূব আকাশৰ হিৰণ্য গৰ্ভৰপৰা দুষ্টা উষাৰ ভৰিৰ...