মনৰ বাতৰি-৩২
প্ৰথম ক্লাছ আৰম্ভ হোৱাৰ পৰা আজিৰ এই শেষৰ ক্লাছলৈকে কটোৱা এই সময়খিনি সদায় বিশেষ।এই বিশেষ দিনকেইটাত বহুতো নতুন লগ,বন্ধু লগ পালোঁ আৰু লগ পালোঁ সকলোতকৈ ভাল লগা Ma'am জনীক।
এই দিনকেইটাত আটাইতকৈ বিশেষ বুলি ক'লে-প্রিয় বাইদেউজনীৰ প্রিয় মাতষাৰ সদায় বিশেষ হৈ ৰ'ব।আন বহুজনৰ দৰে কিতাপৰ কথাৰে নুবুজোৱা, সদায় নিজৰ ভাষাৰে, হাঁহি-ধেমালিৰে, কেৱল শিক্ষাৰ্থী বুলি গণ্য নকৰি বান্ধৱীৰ নিচিনাকৈ আদৰ কৰা,সকলো কথাই খুলি ক'ব পৰা বিশেষ Ma'am জনী সদায় বিশেষ হৈ ৰ'ব।
ডিগ্ৰীৰ প্ৰথম বৰ্ষত লগ পোৱা মোৰ আটাইতকৈ প্রিয় শিক্ষাগুৰু বুলি ক'লে আপোনাৰ নামেই উল্লেখ কৰিম।শেষত বহুত মৰম আৰু শ্ৰদ্ধা যাছিলোঁ।
~প্ৰণীতা শইকীয়া
Comments
Post a Comment