"Haldiram" ৰ সাফল্যৰ কাহিনী☘️

নতুন চিন্তা,নতুন সোৱাদৰে শিখৰ চোৱা 'Haldiram's' ৰ সাফল্যৰ কাহিনী: ■ভাৰতবৰ্ষৰ খাদ্য উদ্যোগসমূহৰ ভিতৰত নতুন সোৱাদযুক্ত এটা জনপ্ৰিয় আন্তৰাষ্ট্ৰীয় ব্ৰেণ্ড হৈছে সকলোৰে পৰিচিত 'Haldiram'।ৰাজস্থানী সোৱাদ সমৃদ্ধ এই ব্ৰেণ্ডৰ আৰম্ভণিৰ আঁৰৰ কাহিনী অতিকৈ বৰ্ণিল আৰু আকৰ্ষণীয়।১৯৩৭ চনত ৰাজস্থানৰ বিকানিয়াৰ জিলাৰ পৰা শুভাৰম্ভ হোৱা এই প্ৰয়াসে আশী বছৰৰো অধিককাল ধৰি সাধাৰণ জনতাৰ মাজত নিজস্ব অসাধাৰণ চিন্তা আৰু পৰিকল্পনাৰে আজিও সমুজ্জল হৈ হৈছে। ■কাহিনী অনুসৰি টনসুখ দাস (Tansukh Das) নামৰ এজন ব্যক্তিয়ে নিজৰ ভগ্নীৰ পৰা ভুজিয়া বনোৱাৰ কৌশল শিকিছিল আৰু বিকানিয়াৰ চহৰত থকা নিজৰ 'chunchy and tasty namkeen shop' নামৰ এখন সৰু দোকানত এই ভুজিয়া বিক্ৰী কৰি নিজৰ পৰিয়াল পোহপাল দিছিল।টনসুখ দাসৰ পুত্ৰ গংগাভিষণ আগৰৱালে এই নমকিন ভুজিয়াক কিছু নৱ ৰূপ দি নতুনত্বপ্ৰদানকৰাত পূৰ্বতকৈ অধিক সোৱাদযুক্ত হৈছিল যিয়ে তেওঁলোকৰ ব্যৱসায়লৈও আমূল পৰিৱৰ্তন আনে।এই ভুজিয়াৰ চাহিদা ইমান বেছি হাৰত বৃদ্ধি পাই যে দোকানৰ সন্মুখত গ্ৰাহকৰ দীঘলীয়া শাৰীৰ সৃষ্টি হ'ল আৰু এই সৰু দোকান খ...