"Haldiram" ৰ সাফল্যৰ কাহিনী☘️

নতুন চিন্তা,নতুন সোৱাদৰে শিখৰ চোৱা 'Haldiram's' ৰ সাফল্যৰ কাহিনী:

■ভাৰতবৰ্ষৰ খাদ্য উদ্যোগসমূহৰ ভিতৰত নতুন সোৱাদযুক্ত এটা জনপ্ৰিয় আন্তৰাষ্ট্ৰীয় ব্ৰেণ্ড হৈছে সকলোৰে পৰিচিত 'Haldiram'।ৰাজস্থানী সোৱাদ সমৃদ্ধ এই ব্ৰেণ্ডৰ আৰম্ভণিৰ আঁৰৰ কাহিনী অতিকৈ বৰ্ণিল আৰু আকৰ্ষণীয়।১৯৩৭ চনত ৰাজস্থানৰ বিকানিয়াৰ জিলাৰ পৰা শুভাৰম্ভ হোৱা এই প্ৰয়াসে আশী বছৰৰো অধিককাল ধৰি সাধাৰণ জনতাৰ মাজত নিজস্ব অসাধাৰণ চিন্তা আৰু পৰিকল্পনাৰে আজিও সমুজ্জল হৈ হৈছে।

■কাহিনী অনুসৰি টনসুখ দাস (Tansukh Das) নামৰ এজন ব্যক্তিয়ে নিজৰ ভগ্নীৰ পৰা ভুজিয়া  বনোৱাৰ কৌশল শিকিছিল আৰু বিকানিয়াৰ  চহৰত থকা নিজৰ 'chunchy and tasty namkeen shop' নামৰ এখন সৰু দোকানত এই ভুজিয়া বিক্ৰী কৰি নিজৰ পৰিয়াল পোহপাল দিছিল।টনসুখ দাসৰ পুত্ৰ গংগাভিষণ আগৰৱালে এই নমকিন ভুজিয়াক কিছু নৱ ৰূপ দি নতুনত্বপ্ৰদানকৰাত পূৰ্বতকৈ অধিক সোৱাদযুক্ত হৈছিল যিয়ে তেওঁলোকৰ ব্যৱসায়লৈও আমূল পৰিৱৰ্তন আনে।এই ভুজিয়াৰ চাহিদা ইমান বেছি হাৰত বৃদ্ধি পাই যে দোকানৰ সন্মুখত গ্ৰাহকৰ দীঘলীয়া শাৰীৰ সৃষ্টি হ'ল আৰু এই সৰু দোকান খনেই আজিৰ তাৰিখত সফল ব্ৰেণ্ড হালদিৰাম হিচাপে পৰিচয় লাভ কৰে।

■সাধাৰণ ভুজিয়াক এনে এক নৱৰূপ দিয়াৰ অভিকল্পনা আছিল টানসুখ দাসৰ পুত্ৰ গংগাভিশন আগৰৱালৰ।তেওঁৰেই আন এটা জনপ্ৰিয় নাম আছিল হালদিৰাম ,সেয়েহে তেওঁৰ নামেৰেই এই কোম্পানীৰ নামকৰণ কৰা হয়।সফলতাৰ ৰাস্তাৰ এবাৰ সম্ভেদ পোৱাৰ পিছত সফলতা লাভ কৰিবলৈ বেছি সময়ৰ প্ৰয়োজন নহয় তাৰেই বৰ্ণাভ উদাৰণ:হালদিৰাম কোম্পানী।সময়ৰ গতিশীলতাৰ সমান্তৰালভাৱে ব্যৱসায়িক দিশত কিছু  নৱ দিশ সংযোজন কৰি পূৰ্বৰ দৰে একেই গৰিমাৰে বিমণ্ডিত হৈ আছে এই কোম্পানী।

■সম্প্ৰতি আইস্ক্ৰীম,চুইটছ, নমকিন, কুকিছকে ধৰি মুঠ এশৰো অধিক খাদ্য সামগ্ৰী উৎপাদনৰ লগত জড়িত হৈ আছে।তদুপৰি ব্যস্ত পৃথিৱীত অতি সময়ৰ ভিতৰত খাদ্য সামগ্ৰী ৰন্ধন কৰিব পৰাকৈ ২০১০ বৰ্ষত 'Ready to eat food' আৰম্ভ কৰে।নাগপুৰ,কলকাতা, নয়দা, দিল্লীৰ দৰে ঠাইত হালদিৰামৰ ৰেষ্টুৰেণ্ট আছে।এই কোম্পানীয়ে কেৱল ভাৰতবৰ্ষতেই নহয় শ্ৰীলংকা, UK, USA, অষ্ট্ৰেলিয়া,থাইলেণ্ড আদি মুঠ পঞ্চাশখন দেশলৈ খাদ্যসামগ্ৰী ৰপ্তানি কৰা হয়।  'prem ratan dhan payo' বোলছবিত হালদিৰামৰ খাদ্য সামগ্ৰীক এক অনন্য আৰু আকৰ্ষণীয় ৰূপত উপস্থাপন কৰা পৰিলক্ষিত হৈছিল।সোৱাদ আৰু পৰম্পৰাৰ সংমিশ্ৰণ এই কোম্পানিৰ অভিনৱ বৈশিষ্ট্য।

■ এই কাহিনীৰ পৰা আমি শিকিব পাৰো যে যাৰ চকুৰ সমুখত হাজাৰটা ৰঙীন সপোনে অগাদেৱা কৰে তেওঁলোক জীৱনৰ বাটত পোৱা বাস্তৱৰ নানানটা সমস্যাক লৈ ভয়ভীত আৰু চিন্তিত নহয়।শুকাই লেৰেলি যোৱা গছ এজোপাৰো কিঞ্চিত সম্ভাৱনা থাকে।আশা আৰু সম্ভাৱনাৰ কেতিয়াও মৃত্যু নহয়।সপোন দেখাৰ দৰ্জাখন সকলোৰে বাবে প্ৰতি ঘণ্টাই মুকলি।



পাপৰি বৰা।

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)