CADBURY CHOCOLATE ৰ সফলতাৰ আঁৰৰ কাহিনী:


"দৰিদ্ৰই সপোন দেখে,ভীক্ষাৰীয়ে সপোন দেখে, ৰজা সম্ৰাটেও কেতিয়াবা সপোন দেখে।সপোনৰ ৰাজ্যখনৰ দুৱাৰ সকলোৰে কাৰণে সদায় মুকলি।"(চৈয়দ আব্দুল মালিক) আকাশৰ শেষ সীমা চুই চোৱাৰ আপাহতে এটি আলফুলীয়া সপোন বুকুত গুজি লৈ সৃষ্টিৰ কঠিয়া সিঁচাৰ অভিকাংক্ষা প্ৰায় সকলোৰে থাকে। লিখিবলৈ লৈছোঁ নিজস্বতাসমৃদ্ধ সোৱাদেৰে সমগ্ৰ বিশ্বত প্ৰসিদ্ধি লাভ কৰা কেডবেৰী চকলেটৰ অন্তহীন প্ৰেৰণা সম্বলিত সফলতাৰ আঁৰৰ কাহিনীৰ বিষয়ে।কাহিনীৰ আৰম্ভণি হয় জন কেডবেৰী নামৰ এজন সৰু ল'ৰাৰ পৰা,যাৰ জন্ম হৈছিল আজিৰ পৰা প্ৰায় ২১৬ বছৰ পূৰ্বে ব্ৰিটেইনৰ বাৰ্মিংহাম নামৰ ঠাইত।তেওঁ এটা কুৱাকাৰ(quakar family)পৰিয়ালক প্ৰতিনিধিত্ব কৰিছিল,তেওঁলোকে চাৰ্চ বা অন্যান্য ধৰ্মীয় অনুষ্ঠানত বিশ্বাসী নাছিল।ঈশ্বৰ আৰু উপাসকৰ মাজত এনেধৰণৰ ধৰ্মীয় অনুষ্ঠানৰ প্ৰয়োজনীয়তাকো সম্পূৰ্ণৰূপে নাকচ কৰিছিল।সমাজৰ অন্যান্য লোকসকলে তেওঁলোকক এক পৃথক মান্যতা প্ৰদান কৰিছিল আৰু এনে পৰিয়ালৰ সন্তানে কোনো ভাল শিক্ষানুষ্ঠান কিম্বা সামৰিক বাহিনীত যোগদান কৰাৰো অনুমতি লাভ কৰা নাছিল।সেয়েহে ব্যৱসায়ৰ মাধ্যমেৰে নিজক স্বাৱলম্বী কৰাৰ বাহিৰে তেওঁলোকৰ অন্য কোনো উপায় নাছিল।পৰৱৰ্তী সময়ত জন কেডবেৰীয়ে নিজৰ হাত খৰছ উলিয়াবৰ বাবে এখন কফি দোকানত কিছুদিন কাম কৰিছিল আৰু 1824 চনত জনে নিজেই এখন দোকান খুলি তাত কফি,চাহ আৰু চকলেটৰ পানীয় বিক্ৰী কৰিছিল।খুব কম সময়ৰ ভিতৰতেই কফি আৰু চাহৰ তুলনাত চকলেটৰ পানীয়ই গ্ৰাহকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়।গ্ৰাহকৰ এনে বিপুল সমাদৰত মুগ্ধ হৈ জন কেডবেৰীয়ে প্ৰধানতঃ চকলেট পানীয়ৰ ওপৰত অধিক অগ্ৰাধিকাৰ আৰোপ কৰিলে আৰু ক্ৰমাগতভাৱে বজাৰত ইয়াৰ চাহিদা বৃদ্ধি পাবলৈ ধৰিলে যি জন কেডবেৰীৰ বাবে আছিল এক অনন্য প্ৰাপ্তি।পিছৰ সময়ছোৱাত কেডবেৰীয়ে ষোল্লটা নতুন প্ৰকাৰৰ চকলেট পানীয় নিজৰ তালিকাত অন্তৰ্ভুক্ত কৰিলে  আৰু সুদীৰ্ঘ পোন্ধৰ বছৰৰ ভিতৰত "special cadbery chocolete drink "ৰ বাবে কেডবেৰীয়ে স্থানীয় সকলো ঠাইতে প্ৰসিদ্ধি লাভ কৰিলে।১৮৪৭ চনত জন কেডবেৰীয়ে ভায়েক বেঞ্জামিনক লগত লৈ "cadbury brothers" কোম্পানী স্থাপন কৰে আৰু ১৮৫৪ চনত ৰাণী ভিক্টোৰিয়াই তেওঁলোকৰ কোম্পানীক 'Royal Warrant' প্ৰদান কৰি সম্ভাৱনাৰ ফিৰিঙতিবোৰ ফুঁৱাই ফুঁৱাই তাক কৃতকাৰ্যতাৰ লেলিহান শিখালৈ পৰিণত কৰাৰ যুঁজখনক এক নতুন মাত্ৰা প্ৰদান কৰে।১৮০৭ চনৰ ওচৰে পাজৰে ব্যৱসায় সংক্ৰান্তীয় কাৰণবশত বেঞ্জামিন জন কেডবেৰীৰ পৰা আঁতৰি আহে।বয়স বাঢ়ি অহাৰ ফলত জন কেডবেৰীয়ে কোম্পানীৰ দায়িত্ব দুই পুত্ৰ (Richard) ৰিচাৰ্ড আৰু( george)জৰ্জ ক প্ৰদান কৰে।দুই ভাতৃদ্বয়ে সময়ৰ লগে লগে নিজৰ কোম্পানীলৈ আমূল পৰিবৰ্তন আনে আৰু এই কোম্পানীয়ে ব্ৰিটেইনত আধিপত্য বিস্তাৰ কৰাৰ সমান্তৰালভাৱে 1870 চনত উৎপাদিত সামগ্ৰী অন্য দেশলৈও ৰপ্তানি কৰে।1889 চনৰ 11 মে ত কেডবেৰীৰ প্ৰতিষ্ঠাতা জন কেডবেৰীৰ মৃত্য হয় আৰু পৰৱৰ্তী দহ বছৰৰ ভিতৰতেই পুত্ৰ ৰিচাৰ্ডৰো পৰলোক প্ৰাপ্তি ঘটে।জৰ্জ কেডবেৰীয়ে 1905 চনত 'cedbury diary milk chocolate'ৰ আবিষ্কাৰ কৰে , তেওঁ 1897 চনৰ পৰাই ইয়াৰ গৱেষণাৰ লগত জড়িত হৈ আছিল।1948 চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ ঠিক এবছৰৰ পিছত কেডবেৰীয়ে ভাৰতত প্ৰৱেশ কৰে।বৰ্তমান পঞ্চাছখন দেশলৈ কেডবেৰীয়ে নিজৰ ব্যৱসায়ৰ পৰিব্যাপ্তি ঘটাইছে।নিজস্ব সোৱাদ যুক্ততাৰে শিশুৰ পৰা বৃদ্ধলৈ সকলোকে আকৰ্ষিত কৰা কেডবেৰী কোম্পানী আজিৰ তাৰিখত সকলোৰে বাবে এটা অতিকৈ চিনাকি নাম।

এই কাহিনীৰ পৰা আমি শিকিব পাৰো যে দৃঢ়তা,আশাৰ তীব্ৰতা,একনিষ্ঠতা আৰু প্ৰবল সাধনাৰ মাজতেই দেদীপ্যমান হৈ থাকে সাফল্যৰ মণি-মুকুতাবোৰ।

পাপৰি বৰা।

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)