কলগেট আৰু কিছু কথা🌼🌼🌼

"world's best selling toothpaste brand" কলগেট আৰু কিছু কথা:

★প্ৰতিজন মানুহৰ মাজতেই গোপনে সযতনে সংৰক্ষিত হৈ থাকে একো একোটা অনুসন্ধিৎসু পিপাসু মন।সেই সন্ধানী মনটোৱে যেতিয়া সৃষ্টিশীলতাৰে সপোনৰ বাট কাটি জিলমিলাই উঠে পুৱাৰ প্ৰথম সুৰুজৰ দৰে তেতিয়াই সেই সৃষ্টি হৈ পৰে এখনি নৈৰ দৰে নিৰংকুশ,নিৰৱধি। বিশ্বৰ সৰ্বাধিক বিক্ৰী হোৱা এটা টুথপেষ্ট ব্ৰেণ্ড হৈছে কলগেট,যি মুঠ এশ ঘৰ মানুহৰ ভিতৰত ৭৬ ঘৰ মানুহেই ব্যৱহাৰ কৰে ,সেই টুথপেষ্ট ব্ৰেণ্ডৰ আৰম্ভণি আৰু ইতিহাস অতিকৈ পুৰণি।আজিৰ পৰা প্ৰায় ২১০বছৰৰ পূৰ্বেই উইলিয়াম কলগেটে আৰম্ভ কৰিছিল কলগেট কোম্পানীৰ।অৱশ্যে তেতিয়া এই কোম্পানীয়ে টুথপেষ্টৰ সলনি OCTAGON নামৰ এবিধ চাবোন প্ৰস্তুত কৰিছিল।প্ৰথমাৱস্থাত আজিৰ টিউবত উপলব্ধ কলগেট পোৱা গৈছিল চিচাৰৰ পাত্ৰত।

★নিজৰ অভিনৱ সৃষ্টিৰে  সকলো ভৌগলিক সীমা অতিক্ৰম কৰি ব্যক্তিৰ হৃদয়ৰ চুবুৰীত ঠাই লোৱা কলগেট কোম্পানীৰ স্ৰষ্টা উইলিয়াম কলগেটৰ ইংলেণ্ডত ১৭৮৩ চনৰ ২৫ জানুৱাৰীত জন্ম হৈছিল।এটা কঠোৰ সংগ্ৰামী পৰিয়ালত জন্মগ্ৰহণ কৰা উইলিয়াম কলগেটৰ পিতৃ ৰবাৰ্ট কলগেট প্ৰথমে এজন খেতিয়ক আছিল।পৰৱৰ্তী সময়ত ১৭৯৮ চনত সপৰিয়ালে আমেৰিকাৰ মেৰীলেণ্ডলৈ স্থানান্তৰিত হয়।তাতেই এজন ব্যক্তিক লগত লৈ তেওঁ চাবোন আৰু মমবাতি নিৰ্মাণৰ কাম কৰে।এই কামত উইলিয়াম কলগেটেও সমানেই সহায়কৰ ভূমিকা পালন কৰিছিল।কিন্তু কিছুবছৰৰ পিছতেই এই ব্যৱসায় বন্ধ হৈ পৰাত ৰবাৰ্ট কলগেটৰ পৰিয়াল আৰ্থিক ভাৱে দুৰ্বল হৈ পৰে।

★তেনে পৰিস্থিতিত উইলিয়ামে ঘৰৰ পৰা আঁতৰত থাকি বিভিন্ন সৰু সুৰা কামত নিয়োজিত হোৱাৰ পিছত ১৮০৪ চনত নিউয়ৰ্কত চাবোন কোম্পানীত কাম কৰে যদিও ব্যৱসায় সম্বন্ধীয় কিছু তথ্য লাভ কৰি ১৮০৬ চনত 'william Colgate & company' নামৰ এটি কোম্পানী নিজেই আৰম্ভ কৰে আৰু ক্ৰমাগতভাৱে এই কোম্পানীয়ে ব্যৱসায়িক দিশত এক নতুন মাত্ৰা লাভ কৰে।

★উইলিয়াম কলগেট এজন ধাৰ্মিক ব্যক্তি আছিল।যি বেংকত ভগৱানৰ নামতো এটা বেংক একাউণ্ট খুলি লাভৰ মুঠ ১০%  জমা ৰাখিছিল।পৰৱৰ্তী সময়ত মুঠ লাভৰ ৫০% সেই বেংক একাউণ্টত জমা ৰাখিছিল আৰু সেই লাভৰ অংশ বিভিন্ন ভাল কামত দান দিছিল।১৮৫৭ চনৰ ২৫ মাৰ্চ তাৰিখে  উইলিয়াম কলগেটৰ মৃত্য হয়।পিতৃৰ মৃত্যুৰ পিছত তিনিপুত্ৰ ৰবাৰ্ট,জেমচ  আৰু চেমুৱেলে এই কোম্পানীৰ দায়িত্ব গ্ৰহণ কৰে।১৮৭৩ চনত প্ৰথমবাৰৰ বাবে এই টুথপেষ্ট  চিচাৰৰ পাত্ৰত উপলব্ধ হয়।১৮৯৬ চনত এই টুথপেষ্টৰ পেকেটিং ত কিছু নতুনত্ব আহে আৰু চিচাৰৰ পাত্ৰৰ পৰিৱৰ্তে টিউবত এই টুথপেষ্ট উপলব্ধ হয়।

★ ১৯২৮ চনত এই কোম্পানীয়ে palmalive কোম্পানীৰ সৈতে সংযোজিত হৈ সামগ্ৰী উৎপাদন কৰে।বৰ্তমান এই কোম্পানী ৫৯ সংখ্যক মূল্যৱান কোম্পানীৰ শাৰীলৈ উন্নীত হয়। এই কাহিনীৰ পৰা আমি ইয়াকেই শিকিব পাৰো যে জীৱনৰ এক স্বৰ্ণিল বাট কাটিবলৈ হ'লে  সাৰস্বত সাধনাৰ বিকল্প নাই, ভিন্ন তা সীমাবদ্ধতাক অতিক্ৰম কৰি পোৱা সাফল্যৰ সোৱাদ সঁচাই সুকীয়া,বিশেষ।

পাপৰি বৰা




Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)