মনৰ মাজুলীত ঠাই লোৱা জনপ্ৰিয় কাৰ্টুন চিৰিজ 'চিনচেন' আৰু কিছু কথা:

মনৰ মাজুলীত ঠাই লোৱা জনপ্ৰিয় কাৰ্টুন চিৰিজ 'চিনচেন' আৰু কিছু কথা:


■এখন জনপ্ৰিয় এনিমেচন চিৰিজ,যি বিগত এটা দশকতকৈও অধিক সময় জুৰি শিশুৰ মনৰ গহন কোণত শুভ্ৰম হৈ জিলিকি আছে,তেনে এখন কাৰ্টুন ছিৰিজ হৈছে-চিনচেন(shinchan)।চিনচেন,এই হাস্যৰসিক চৰিত্ৰটিয়ে পৃথিৱীৰ বিভিন্ন কোণৰ মানুহক এক নতুন খোৰাক দি জনপ্ৰিয়তাৰ সোণালী খটখতিৰে ইতিমধ্যেই বহুদূৰ আগুৱাই গৈছে। চিনচেন কাৰ্টুন ছিৰিজৰো আছে এক বৰ্ণাভ ইতিহাস।

■চিনচেনৰ আৰম্ভণি এখন জাপানীজ কমিকছ ছিৰিজৰ পৰা হৈছিল।যিখনৰ লেখক আছিল য়শ্চিত উছাই(Yoshito usui)।চিনচেন চিৰিজ  এটা সম্পূৰ্ণ বাস্তৱ চৰিত্ৰৰ আধাৰত প্ৰতিষ্ঠিত।প্ৰাপ্ত তথ্য অনুসৰি চিনচেন, মাতৃ আৰু ভগ্নীৰ সৈতে বজাৰ কৰিবলৈ যাওঁতে ভগ্নী এটা দুৰ্ঘটনাৰ মুখামুখি হৈছিল আৰু সেই দুৰ্ঘটনাৰ পৰা নিজ ভগ্নীক উদ্ধাৰ কৰিবলৈ যাওঁতেই চিনচেন আৰু ভগ্নী দুয়োৰে মৃত্যু হৈছিল।

■জীয়া বাস্তৱক বুকুত বান্ধি অদম্য সাহসেৰে মাকে দুই সন্তানৰ সোণবৰণীয়া স্মৃতিৰ লগতে  দুয়ো জীৱিত হৈ থকাহেঁতেন তেওঁলোকৰ জীৱন কেনেধৰণৰ হ'লহেঁতেন,কিদৰে সিহঁতে সৰুকালৰ ভিন ভিন হাস্যৰসিকতাসমৃদ্ধ কাণ্ডবোৰ কৰিলহেঁতেন ইত্যাদি  অভিকল্পনাসমূহক বিভিন্ন কাহিনী আকাৰে মাতৃয়ে লিপিবদ্ধ কৰি ৰাখিছিল।

■এনে অনুভৱ্য কাহিনীৰ আধাৰতেই য়শ্চিত উছাইয়ে "CRAYAN SHINCHAN" নামৰ এখন কমিকছ চিৰিজ প্ৰস্তুত কৰিছিল যিখন ১৯৯০ চনত 'FUTABASHA publishers' এ প্ৰকাশ কৰি উলিয়াইছিল।প্ৰথমাৱস্থাৰ পৰাই চিনচেন পাঠক সমাজৰ মাজত অতি কম সময়ৰ ভিতৰতেই জনপ্ৰিয় হৈ পৰাত ১৯৯২ চনত প্রথমবাৰৰ কাৰণে চিনচেনক এনিমেছন ছিৰিজৰ ৰূপ দিয়া হয়,চিনচেন,হিমাৱাৰী,মিছাই নোহৰা, হিৰাচি নোহৰা ইত্যাদি সকলোৰে চিনাকি চৰিত্ৰৰ অন্যতম কিছু চৰিত্ৰৰ নাম।উক্ত এনিমেছন ছিৰিজৰ প্ৰথম সঞ্চালক/পৰিচালক আছিল Mitsuru Hongo।১৯৯৬ ৰ পৰা ২০০৪ চনলৈ Keiichi Hara আৰু ২০০৪ চনৰ পৰা বৰ্তমানলৈকে YUSI MOTO পৰিচালনাৰ দায়িত্বত নিয়োজিত হৈ আছে।

■২০০৯ বৰ্ষত চিনচেন কমিকছ ছিৰিজৰ লেখক য়ুশীত উচুইৰ মৃত্যু হয় আৰু পৰৱৰ্তীকালত ২০১০ চনৰ পৰা য়ুশীত উছাইৰ গোটৰ অন্যান্য সদস্যসকলে সমিলমিলেৰে 'New Crayon shinchan' নামৰ কমিকছ চিৰিজ প্ৰস্তুত কৰে।এই চিৰিজক কেন্দ্ৰ কৰি মুঠ ২৬ খন চিনেমা নিৰ্মাণ কৰাৰ সমন্তৰালভাৱে ৩০ টা বিভিন্ন ভাষালৈও অনুদিত কৰা হৈছে।পৃথিৱীৰ মুঠ ৪৫ খন দেশৰ ভিন্ন চেনেলত এই কাৰ্টুন চিৰিজ প্ৰদৰ্শন কৰা হয়।চিনচেন এনিমেছন চিৰিজে এনেদৰেই দৰ্শকক অনুৰঞ্জন(আনন্দদান) প্ৰদান কৰি জনপ্ৰিয়তাৰ ধাৰাবাহিকতা অটুট ৰাখক সেয়াই দৰ্শকৰ পৰম প্ৰত্যাশা।

পাপৰি বৰা।

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)