সোঁৱৰণিৰ পৰ্দা ফালি...
যদি জীৱনে কান্দে স্মৃতি সুঁৱৰি
হে' সময়,তুমি ঘূৰাই দিব পাৰিবানে
আমাৰ ওঁঠৰ সোণসেৰীয়া মেটমৰা হাঁহিবোৰ,
ক্লাচৰুম অথবা লাইব্ৰেৰী ফিল্ডৰ
খুহুতিয়া অনৰ্গল কথাবোৰ?
যাক কওঁতে কাষ চাপিছিলোঁ ইজনে-সিজনৰ
অনুভৱৰ কাঁচিয়লি ৰ'দত
বন্ধুত্বৰ উমাল পৰশেৰে সমৰ্পণ কৰিছিলোঁ
এখনি দুখনিকৈ কেইবাখনো হৃদয়।
আমাক ঘূৰাই দিয়া অভিমান,মৰম,ভালপোৱাৰে ভৰপূৰ ৰঙীণ দুপৰীয়াবোৰ...
আমাক ঘূৰাই দিয়া জ:চাগ, DU Haat ৰ সেই জীপাল সন্ধিয়াবোৰ,য'ত বাজি উঠিছিল
স্বপ্নসন্ধানী এজাক লৰিয়লী চৰাইৰ
সপোনৰ গুণগুননিবোৰ।
সময়ে গৰকা হাতৰ মুঠিত এমুঠি তলসৰা নাহৰৰ সৈতে আমাৰ বিমুক্ত খোজ,সিঁচি দিম মেঘাচ্ছন্ন আকাশত এচমকা ৰ'দালি।জ্যোতিবাটচ'ৰাৰ দীঘল বাটৰ তলতেই এদিন আমি পুনৰ লগ হ'ম
তেতিয়া নিশ্চয় অতীতে ৰিঙিয়াব, স্মৃতিয়ে সুৱঁৰিব,মৰহা ফুলেও সুবাস বিলাব।
পাpori
Comments
Post a Comment