আদৰণি পত্ৰ

 প্ৰীতিভাজনেষু অনুজ,




            জ্বাজ্বল্যমান আকাশত উৰাৰ স্বপ্ন বুকুত বান্ধি  ঐতিহ্যমণ্ডিত, সমুজ্জল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাকৰিত খোজ পেলোৱা হে প্রিয় নৱাগত, এই হিৰণময়ী ক্ষণত আপোনালৈ জনাইছোঁ অনি:শেষ অভিনন্দন।
              
      "সময় এক সাঁথৰ,এই সাঁথৰৰ মাজতে লুকাই থাকে জীৱন।জীৱনে কয় থমকি নৰ'বা,আগুৱাই গ'লে এদিন লক্ষ্য পাবা।"
          
ভৱিষ্যতৰ সোণোৱালী সপোনৰ পম খেদি এজাকমান স্বপ্নসন্ধানী লৰিয়লি চৰাইৰ মধুৰ কলৰৱত মুখৰিত হৈছে ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাংগণ।গভীৰ প্ৰজ্ঞা,আত্মজিজ্ঞাসা আৰু অন্তৰ্দৃষ্টিৰে সমৃদ্ধ হে প্রিয় নৱাগত, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৌৰৱোজ্জ্বল ৰাজনীতি বিজ্ঞান বিভাগত অতিবাহিত কৰিবলগীয়া আগন্তুক দুটি বৰ্ষ হৈ পৰক আপোনাৰ জীৱনৰ এটা মধুৰ অধ্যায়,আপোনাৰ সোণবৰণৰ কল্পনাবোৰ,ময়ূৰপঙ্খীসপোনবোৰ আৰু কনকবুলীয়া আশাবোৰে আপোনাৰ জীৱন নামৰ কাননখনক বিতোপন কৰি তোলক তাৰ বাবে থাকিল অফুৰন্ত শুভ-ইচ্ছা।

"সপোনৰ খটখটী বৰ ঠুনুকা,অথচ এই সপোনৰ খটখটীৰে আমি গৈ শিলৰ দৰে ৰাস্তা তৈয়াৰ কৰিব লাগিব।"অভিজ্ঞতাৰ লেচেৰি বুটলা সময় এইয়া।প্ৰতিযোগিতাৰ এই পৃথিৱীত ভিৰৰ মাজতো নিজক সপ্ৰতিভ,জীৱন জিজ্ঞাসা আৰু জীৱন অভিপ্সাৰে পৰিপূৰ্ণ কৰি তোলাৰ বাঘজৰী আপোনাৰ হাততেই বিদ্যমান।আকাশতকৈ ওখ মনৰ দেউতা আৰু সাগৰতকৈও বহল আইৰ কোলাত বিকশিত আপুনি নিজৰ কৰ্ম,চিন্তা আৰু সাৰস্বত সাধনাৰে নিজৰ নাম সাৰ্থক কৰি তোলক, জীৱন ৰণাংগনত উজ্জ্বয়ন হওঁক,ৰ'দবোৰ বিয়পি পৰক আপোনাৰ দশোদিশে।হৈ উঠক সীমাহীন স্নিগ্ধতাৰ জোনাকী জোৱাৰ,যি জোৱাৰে বিশাল শূন্যতাটো ছটিয়াই দিয়ক সুখৰ আৱিৰ।মুঠি মুঠি জোনাকবোৰ জীৱন বাটত সিঁচি যাওঁক আনেও বুটলিব পৰাকৈ।

নাহৰৰ বুকুত আপুনি সূৰ্য্যমুখী হৈ ফুলি ৰওক,আকাশ স্পৰ্শ কৰিও মাটিৰ সৈতে সম্পৰ্ক নেৰা মানুহ হওঁক, তাৰেই কামনাৰে.......


(বিশ্ববিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ বাবে মই লিখি উলিওৱা আদৰণি পত্ৰখন...)

উভতি চাবলৈ এখিনি সোণসৰা সময়...

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)