কৃতজ্ঞতাৰ ডায়েৰী-37
"সময় তোমাৰো মোৰো।
তুমি আছা হাত সাৱটি,
মই আছোঁ ফুল বুটলি...।"
-Made in Nalbari
সময় সাঁথৰ,সময় ঈশ্বৰ,সময় সকাহ,সময় আশ্বাস।সময়তকৈ শক্তিশালী একোৱেই নাই।সকলো সময়ৰ খেল।বহুসময়ত এনে অনুভৱ হয় যেন-God is playing through us।সেইয়া প্ৰশ্নহীন বিশ্বাস।এটা পৰম শক্তিৰ ওচৰত নিজক সমৰ্পণ কৰাৰ পিছত অনুধাৱন হোৱা এক নামহীন সকাহ।সমৰ্পণত সুখ আছে,সমৰ্পণত সন্তুষ্টি আছে,সমৰ্পণত জীৱন আছে।বিশ্বব্ৰহ্মাণ্ড,মহাজাগতিক শক্তি,ঈশ্বৰ,আল্লাহ, গড যি অভিধাৰেই নামাংকিত নকৰোঁ কিয়,কোনোবা এজন আছে,,,যাৰ ওচৰত মূৰ দোঁৱাই সৰ্বত্ৰ বিচাৰি ফুৰা সুখ নিজৰ মাজতেই পাব পাৰি।
~উজ্জ্বয়িনী🌻
Comments
Post a Comment