মনৰ বাতৰি-১০-সৌৰভ দাস
সৰুহৈ থাকোঁতে যদিও বহুকথা নাজানিছিলোঁ বা সেই সময়ৰ পৰিৱেশ পৰিস্থিতিয়ে সমাজৰ বাবে ভাবিবলৈ মন কৰা নাছিলোঁ বা শিশু অৱস্থাত বুজি পোৱা নাছিলোঁ,সমাজ মানে কি, নিজৰ বাবে কাম কৰাতকৈ আনৰ বাবে কিবা এটা কৰাৰ আনন্দ বিশেষ সেই কথা বুজি পোৱা নাছিলোঁ ? কিন্তু সময় বাগৰি গ'ল সমাজৰ মানুহবোৰৰ ইমান সমস্যা বা বিভিন্ন ক্ষেত্ৰত পিছপৰি আছোঁ আমি সেয়েহে সেইসকল মানুহৰ বাবে কিবা এটা কৰাৰ পণ লৈয়ে এই যাত্ৰাত ব্ৰতী হৈছোঁ.... নাজানো কিমানদোৰ সফল হ'ম....
আনৰ বাবে কিবা এটা কৰাৰ সেই হেঁপাহ বা আনন্দই সুকীয়া...
জীৱনৰ এটাই উদ্দেশ্যে হ'ল যে সমাজৰ বাবে অসমী আইৰ বাবে ভাৰত মাতাৰ বাবে কিছু হ'লেও অৱদান থৈ যাব লাগিব।
মই এটাই ভাবোঁ যে যেতিয়ালৈকে এই পৃথিৱীত জীয়াই আছোঁ তথা শৰীৰৰ শেষ উশাহলৈকে সমাজৰ প্ৰতিজন ব্যক্তিৰ স্বাৰ্থত কাম কৰি যাম.. বিভিন্ন সময়ত দেশ তথা জাতিৰ বাবে নিজক অৰ্পণ কৰিবলৈওঁ কুণ্ঠাবোধ নকৰোঁ।।
সময় পৰিৱৰ্তনশীল কিন্তু মানুহৰ কৰ্ম আৰু স্মৃতি চিৰযুগমীয়া হৈ ৰৈ যায় ।
Comments
Post a Comment