Posts

Showing posts from August, 2020

গ্ৰন্থ(০৩):পপীয়া তৰাৰ সাধু🍂🍂🍂

Image
  গ্ৰন্থ:০৩----পপীয়া তৰাৰ সাধু(ড° ৰীতা চৌধুৰী) ☘️বুকুৰ মাজত মনৰ হাতনি পেৰাত আলফুলে সাঁচি ৰখা এখন উপন্যাস, যিখন উপন্যাসে লানি নিচিগাকৈ কৈ গৈছে প্ৰেম- অপ্ৰেমৰ কথা,প্ৰাপ্তি -অপ্ৰাপ্তিৰ কথা,জীৱনৰ বৰ্ণময়তাৰ কথা,বিবৰ্ণতাৰ কথা অথবা বাস্তৱৰ আঁৰৰ নিৰ্মম বাস্তৱৰ কথা।মই লিখিবলৈ লোৱা গ্ৰন্থখন হৈছে-অসমীয়া সাহিত্যৰ পথাৰখন অধিক বৰ্ণময় কৰি তোলা ড° ৰীতা চৌধুৰী বাইদেউৰ জনপ্ৰিয় উপন্যাস-পপীয়া তৰাৰ সাধু। ☘️উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ এগৰাকী দক্ষ সাংবাদিক হোৱাৰ অভিকাংক্ষাৰে গুৱাহাটী মহানগৰীলৈ সাংবাদিকতা পঢ়িবলৈ অহা বৰ্ণাঢ্য প্ৰতিভা আৰু সাৰল্যতাৰে অলংকৃতা,শব্দৰ সৈতে খেলি ভাল পোৱা জেউতি নামৰ এজনী সপোনপিয়াসী ছোৱালীৰ।ময়ূৰপঙ্খী সপোনবোৰে পূৰ্ণতা নাপাওঁতেই কিদৰে মূধা-ফুটা বাতৰি কাকতৰ সম্পাদক,কোমল হাতৰ তলুৱাত দীঘল নখ কঢ়িয়াই লৈ ফুৰা আন এচাম ব্যক্তিৰ ষৰযন্ত্রৰ বলি হৈ সপোনৰ বীণাত সুৰ বান্ধোতেই এটি নক্ষত্ৰ পপীয়া তৰা হৈ আকাশৰ পৰা সৰি পৰিল তাকেই সাহিত্যিক গৰাকীয়ে তেখেতৰ কলমৰ তীক্ষ্ণতাৰে বলিষ্ঠৰূপত উপস্থাপন কৰিছে। ☘️সাহিত্যৰ পথাৰখনত জেউতিয়ে অপৰ্ণা বাইদেউক এক জ্যোতিৰ্ময় সত্বা ৰূপে গণ্য কৰিছিল।গুৱাহাটীলৈ আহি জেউতিয়ে...

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ(প্রিয় সংলাপ)

Image
গ্ৰন্থ:চাহেবপুৰাৰ বৰষুণ(০২) অনুৰাধা শৰ্মা পূজাৰী। প্রিয় সংলাপ: ১.বৰষুণৰ বৰণ নাই,আকাৰ নাই,নদীত পৰিলে নদী,সাগৰত পৰিলে সাগৰ।বৰষুণ ভালপোৱা মানুহে মলিনতা ভাল পাব নোৱাৰে। ২.জীৱনটোৱেই এটা ৰে'ল লাইন।জীৱনৰ ঘটনা-উপঘটনাবোৰ একো একোটা ডবা,হাঁহি-কান্দোন,দুখ-সুখৰ অনুভূতিৰে কঢ়িওৱা এই ডবাবোৰ অনিশ্চিত কিন্তু বৰ আপোন। ৩.মানুহে বৰ ভুল কৰে প্ৰেমক হাতৰ মুঠিত ৰাখিবলৈ যত্ন কৰি,পানীক হাতৰ মুঠিত বন্দী কৰিব পাৰি জানো? ৪.একো নজনাকৈ,অবিশ্বাস্যভাৱে প্ৰেম আহে।প্ৰেমে সদায় অংক ভুল কৰে কিন্তু কবিতা ভাল লিখে।জ্যামিতিৰ বাহু নিমিলে কিন্তু তাৰ ওপৰতে এটা ঘৰ সাজে।এই একো নজনাকৈ ভুল কৰি,অনিয়ম কৰি নিবিচৰাকৈ যেতিয়া ভাল লাগে,সেইয়াই প্ৰেম। ৫.জীৱন এক বিলাস ভ্ৰম।একধৰণৰ নিচা।সদায় মানুহে কিবা এটা আৰু ভাল হোৱাৰ নিচাত জীৱনটো লৈ গৈ থাকে। ৬.বৰ্ষা সুখৰ পিয়াহ সকলোৰে লাগে কিন্তু পিয়াহ লাগিলেই যিকোনো পাত্ৰত পানী খাবানে?সুখৰ গিলাচটো তোমাৰ পছন্দৰ আই মিন চিনি পাব লাগিব।জীৱন আৰু সুখ দুখক কিয় একাকাৰ কৰিছা? ৭.তৰ্ক মানেইতো সংঘাত নহয়,বৰঞ্চ তৰ্কই দুজন মানুহক অধিক ঘনিষ্ঠহে কৰে। ৮.নিশাবোৰ ভাগি-ছিগি যায় দুখ ...

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

Image
গ্ৰন্থ:চাহেবপুৰাৰ বৰষুণ(০২) অনুৰাধা শৰ্মা পূজাৰী। ■মুকুতাবুলীয়া সাহিত্যিক সৃষ্টিৰাজি সমূহে পাঠকৰ পৰাণ জুৰায়, সৃষ্টিৰ বন্যাৰে এই মৰততে  মৰমী সৰগ ৰচে আৰু পাঠকৰ মন দেউলত সৃষ্টি কৰে অমৃতময় ঢৌৰ।অসমীয়া সাহিত্য জগতলৈ আশাৰ জেউতিৰ অনুৰণন তোলা এখন উপন্যাস আছিল নিজস্ব সাধনাৰে সিদ্ধি লাভ কৰা অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ জনপ্ৰিয় উপন্যাস-চাহেবপুৰাৰ বৰষুণ।কল্পনা আৰু বাস্তৱৰ আলম লৈ বুটাবছা ৰিহাখনিৰ দৰেই  অসীম ধৈৰ্য আৰু প্ৰচুৰ সাধনাৰে পাঠকৰ পৰাণত জুৰণি ঢালিব পৰাকৈ লিখি উলিওৱা চাহেবপুৰাৰ বৰষুণ লেখিকাৰ এক মনোগ্ৰাহী সৃষ্টি। ■উক্ত উপন্যাসখনত বিহাৰ ৰাজ্যৰ বিভিন্ন খৰাং পীড়িত অঞ্চলৰ সমান্তৰালভাৱে অসমৰ ঐতিহ্যমণ্ডিত ইতিহাস প্ৰসিদ্ধ অসমৰ নদীদ্বীপ মাজুলী আৰু ইয়াৰ অন্তৰ্গত বৰ্ণিল সংস্কৃতিৰ সোণসেৰীয়া বিৱৰণ উপলব্ধ হয়।গ্ৰন্থখনৰ আৰম্ভণিতে ১৬ দিনৰ পিছত নিজৰ হ'বলগীয়া বিবাহ উপলক্ষে আমেৰিকাত কৰ্মৰত প্ৰান্তিক আৰু দিল্লীত অধ্যয়নৰত বৰ্ষা নামৰ দুই প্ৰেমিক যুগলৰ স্ব-গৃহ অসম অভিমুখে ৰাওনা হোৱা ৰে'লযাত্ৰাৰ মাজৰ অন্তহীন কথোকথন আৰু মাজে মাজে দুই প্ৰেমিক যুগলৰ মাজত বিভিন্ন বিষয়ক লৈ হোৱা যুক্তি তৰ্কক লেখিকাই...

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)

Image
উপন্যাস:বিভ্ৰান্ত বাস্তৱ(০১) ৰীতা চৌধুৰী। গ্ৰন্থখনৰ প্রিয় সংলাপ: ভাললগা শব্দৰ সুগন্ধি এবাৰ নাকত লাগিলে আঁতৰ কৰিবলৈ টান।জনপ্ৰিয় সাহিত্যিক ৰীতা চৌধুৰী বাইদেউৰ বিভ্ৰান্ত বাস্তৱ উপন্যাস খনৰ হৃদয় আলোড়িত কৰা বাক্যবোৰ.... ১.সূৰ্যৰ ওচৰত আঁঠু লোৱাই ৰাতিৰ জোনৰ কাম। ২.অপযশৰ দাগ লগা ছোৱালীৰ সমাজত কোনো দাম নাথাকে।মোৰ চকুত চকু পৰা প্ৰতিজন মানুহৰে চকুৰ চাৱনিয়ে এই কথা কৈছিল।কিন্তু মই ভাবিছিলোঁ-তোমালোকে যাক দাম বুলি কোৱা,মোৰ কাৰণে সেইয়া হেলাৰঙে দলিয়াই দিব পৰা,হাঁহি উঠা তুচ্ছতা...। ৩.কৰবাত সকলো মানুহ নিসংগ আৰু নিৰূপায়।কিছুমানে নিঃসংগতা আৰু নিৰূপায়তা আছে বুলি স্বীকাৰ কৰে আৰু কিছুমানে নকৰে,ইমানেই পার্থক্য। ৪.এই পৃথিৱীত সভ্যতাৰ আদিৰ পৰা আজিলৈ হাজাৰ মানুহে হাজাৰ বাস্তৱ,হাজাৰ সত্য নিজৰ সৈতে মৃত্যুলৈ লৈ গৈছে।মৃত্যুৰ সময়ত যি দুটোপাল চকুপানী নিগৰি ওলাই,সেইবোৰেই হয়তো সেই নিজৰ লগত লৈ যাব লগীয়া নোকোৱা কথাবোৰ বা অভিমানবোৰ,যিবোৰ নিজৰ ভিতৰত জন্ম হৈ অকলেই ৰৈ যায়। ৫.সকলো মানুহে নিজৰ ভিতৰত কঢ়িয়াই ফুৰে বাস্তৱৰ আঁৰৰ বাস্তৱ।যি কেতিয়াও কাকো দেখুৱা নাযায়,কেতিয়াও কাকো কোৱা নাযায়।নিজৰ ভিতৰ...

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

Image
গ্ৰন্থ:বিভ্ৰান্ত বাস্তৱ(০১) ৰীতা চৌধুৰী। #বিভ্ৰান্ত বাস্তৱ উপন্যাসখনৰ চমু বিৱৰণ: অপ্ৰতিম বাখৰ খটোৱা সাহিত্যিক কৰ্মৰাজীৰে পাঠকৰ হৃদয়ৰ প্ৰতিটো কোঠা হিল্লোলিত কৰি ৰখা অসমীয়া সাহিত্য জগতৰ এটি শুভ্ৰম আৰু চিনাকি নাম-ডঃ ৰীতা চৌধুৰী।একোখন ভাল উপন্যাসে পাঠকৰ মনৰ গহন কোণত ভাৱৰ উদ্দীপনী শিখা প্ৰজ্বলিত কৰে।মই লিখিবলৈ লোৱা,মোৰ বুকুৰ বৰঘৰ মুখৰ কৰি ৰখা এখন জনপ্ৰিয় উপন্যাস হৈছে ডঃ ৰীতা চৌধুৰী বাইদেউৰ 'বিভ্ৰান্ত বাস্তৱ'। ●"সকলো মানুহে নিজৰ ভিতৰত কঢ়িয়াই লৈ ফুৰে বাস্তৱৰ আঁৰৰ বাস্তৱ।যি কেতিয়াও কাকো দেখুওৱা নাযায়, কেতিয়াও কাকো কোৱা নাযায়।নিজৰ ভিতৰত নিশ্চুপ হৈ থাকি মৃত্যুৰ আন্ধাৰত হেৰাই যোৱা কিছু অনুচ্চাৰিত সত্য।" উপন্যাসখন পঢ়ি উঠাৰ পিছত উপন্যাসখনৰ প্ৰতিটো শব্দই মোক চহকী কৰিছিল আৰু গায়ত্ৰী নামৰ সেই বিশেষ সৰলমনা আৰু নম্ৰ গুণৰ জেউতিসমৃদ্ধ চৰিত্ৰটিয়ে বাৰে-বাৰে চকুৰ আগত অগা-দেৱা কৰিছিল।যৌৱনে কৃষ্ণচূড়াৰ ফুলৰ দৰে সপোন,কল্পনা আৰু ৰঙৰ পোহাৰ মেলি দিয়াৰ সময়তেই গায়ত্ৰীয়ে দেখা পাইছিল অন্য এক বাস্তৱ,বাস্তৱৰ আঁৰৰ বাস্তৱ আৰু মুখৰ পিছত থকা মুখ।প্ৰেমক প্ৰধান হাতিয়াৰ হিচাপে লৈ কিদৰে ...