Posts

কবিতা

  নীলমণি ফুকন ৰচনাৱলী, পৃষ্ঠা-৯৯,১০২,১০৬,১১১,১১২,১১৪ ১.আঙুলিবোৰৰ মাজতে ঘাঁহনি এখন পালোঁ শুই থকা শিশু এটিৰ মুখৰ দৰে গছবোৰৰ ছায়া আবেলিটো যোৱাৰ বাটেৰে ঘূৰি আহিব মোৰ আই তেজা ৰঙা সূঁতাৰে গুণগুণাই তুলিবহি আন্ধাৰত নাম এটা টোপনিৰ মাজতে দুপৰীয়াৰ নদী এখন পালোঁ নদীৰ কলকল ঘাট- য'ত মই বান্ধিছিলোঁ প্রাণ গঙাচিলনী এটা- দীঘে-দীঘে হিয়াখন দুফাল কৰি যোৱা। ২.এইখিনিতেই দুয়ো এৰা-এৰি হৈছিলোঁ অতল জলৰাশিৰ গুঞ্জনৰ দৰে লাগিছিল অন্তৰীক্ষ বিশ্বচৰাচৰ। ৩.তোমাক সাবটি লৈ অনুভৱ কৰিছিলোঁ হালধীয়া বেঙুনীয়া ফুলবোৰ ফুলি উঠা এটা শঙ্খৰ ভিতৰত এটা শঙ্খ বাজি উঠা। ৪.এইখিনিতেই দুয়ো দোসোঁতা তেজ হৈ বৈ গৈছিলোঁ দক্ষিণলৈ। ৫.যমুনাৰ বালিত পৰি থকা শামুকৰ খোলা এটাত জোনটোৱে উচুপিছে। ৬.জীৱনক গ্ৰহণ কৰা ভাঙা আৰু সাজা আৰু গৈ থাকা জীৱন মুক্ত জগৎ ছন্দোময়। ৭.শুই থকা মানুহবোৰৰ মুখৰপৰা উৰি আহে জোনবোৰ কেতেকী চৰাইৰ মাতৰ দৰে গোন্ধায় জোনাক। ৮.কেনে আছোঁ মোক নুসুধিবা ময়ো মোক সোধা নাই কলঙেদি উটি আহে মুণ্ডহীন এজনী ছোৱালী যোৱা ৰাতি মই কি আছিলোঁ ৰজা সন্ন্যাসী কৃষক শ্রমিক প্রেমিক নক্সাল কবি চিকাৰৰ পিছত পানী বিচাৰি ফুৰা এটা বাঘ কি আছিলোঁ পাহৰিলোঁ।

ইমৰান শ্বাহ

ইমৰান শ্বাহ ৰচনাৱলী ১,সম্পাদনা-ড° কৃষ্ণ কুমাৰ মিশ্ৰ,প্ৰথম প্ৰকাশ-২০১১,ISBN: 978-81-89148-03-4 ১.মোৰ এই লিখা-লিখিৰ পৰিক্ৰমাৰ কথা লিখিবলৈ আটাইতকৈ অনুপযুক্ত মানুহজন আচলতে ময়েই। ৰঙা ৰঙো ভাল লাগে, বগাও। তেনেকৈ পৰিক্রমা হয় নেকি অনুক্রম নাথাকিলে। এতিয়া মোৰ বয়স সাত-সত্তৰ বছৰ। কেতিয়াৰপৰা আৰম্ভ হ'ল নাজানো। বোধকৰো একেবাৰে সৰু থকাৰপৰাই। মোৰ শৈশৱ কি শৈশৱ। কাৰো নহওক, কাৰো নহওক, বুলি প্রার্থনা কৰিবলগীয়া। তাৰ কথা নকওঁ আজি।ৰুগ্ন শৰীৰে মনো কিজানি ৰুগ্ন কৰে।ৰুগ্ন অথবা অলপ বেলেগ ধৰণে 'কিবা'। এই কিবা ধৰণৰ মনটোক প্রশমিত কৰি ৰখাৰ একমাত্র উপায় আছিল পঢ়া আৰু তাৰ পাছত লিখা। মোৰ লিখা যে 'কিবা' হ'ব, সেয়াটো ওলাই থকা কথা। ২.অনাই-বনাই ফুৰা মোৰ মন। ক'লৈ যায় কি কৰে নাজানো। এই মনৰ কাৰণেই মানুহৰ কত কথা মই সৰুতেই জানিছিলোঁ। মানুহৰ মনৰ। মোৰ এটা আচহুৱা অভ্যাস আছে। যিকোনো মানুহৰ, যিকোনো পৰিস্থিতি, যিকোনো ঘটনাৰ ক্ষেত্ৰত, নিজকে সেই মানুহৰ ঠাইত থৈ লৈ অনুভৱ কৰিবলৈ যত্ন কৰোঁ। ছেকেণ্ড-হেণ্ড। কিন্তু মই কান্দি পাইছোঁ। হাঁহি পাইছোঁ। জ্বলি উঠি পাইছোঁ। কত কি। কি বিচিত্র এই পৃথিৱী। জীৱন। পাৰ পাব নোৱাৰি। এটা ...

প্রসন্নলাল চৌধুৰী

১০০ অসম বৰেণ্য,সম্পাদনা-অনুভৱ পৰাশৰ,চিন্তামণি প্রকাশন, শান্তি পথ, জুৰোড তিনিআলি, গুৱাহাটী-২৪,প্রথম প্রকাশ: ২০২২ চন,পৃষ্ঠা-৩৫৬,ISBN: 978-93-94240-46-9 প্রসন্নলাল চৌধুৰী ৰচনাৱলী', সম্পাদনা- ড° শিৱনাথ বর্মন, প্রকাশক- অসম প্রকাশন পৰিষদ 'বিদ্রোহী কবি প্রসন্নলাল চৌধুৰী', লেখক- ড° ভূপেন্দ্ৰ ৰায়চৌধুৰী, প্রকাশক- ৰেখা প্রকাশন অসমীয়া কবি আৰু কবিতা', লেখক- ড° কৰবী ডেকা হাজৰিকা, প্রকাশক- বনলতা অসমীয়া 'সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত', লেখক- ড° সত্যেন্দ্রনাথ শর্মা 'ৰমন্যাসবাদ : অসমীয়া কবিতা আৰু জনদিয়েক প্রধান কবি', লেখক- হেম বৰুৱা প্রসন্নলাল চৌধুৰীৰ জন্ম হৈছিল ১৮৯৮ চনৰ ডিচেম্বৰ মাহত (১৮২০ শকৰ ২১ আঘোণৰ দিনা) কামৰূপ জিলাৰ পলাশবাৰীত। তেখেতৰ পিতৃৰ নাম আছিল শ্যামলাল চৌধুৰী আৰু মাতৃৰ নাম আছিল প্রমীলা চৌধুৰী। তেওঁলোকৰ আদিপুৰুষ আছিল বিজয় সিংহ। তেখেত মোগলবিৰোধী বাজপুত আছিল। মোগল সম্রাট আকবৰৰ ৰাজত্ব কালৰ সময়ত কোচ সেনাপতি চিলাৰায়ৰ লগত দিল্লীত তেখেতৰ সাক্ষাৎ হয়। তেওঁলোকৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক গঢ়ি উঠে আৰু বিজয় সিংহই চিলাৰায়ৰ সামৰিক বাহিনীত সোমাবলৈ আগ্রহ প্রকাশ কৰে। চিলাৰায়ৰ লগ...

অমলপ্রভা দাস

১০০ অসম বৰেণ্য,সম্পাদনা-অনুভৱ পৰাশৰ,চিন্তামণি প্রকাশন, শান্তি পথ, জুৰোড তিনিআলি, গুৱাহাটী-২৪,প্রথম প্রকাশ: ২০২২ চন,পৃষ্ঠা-৫৩৯,৫৪০,ISBN: 978-93-94240-46-9 অমলপ্রভা দাসৰ জন্ম হৈছিল ১৯২১ চনৰ ১২ নৱেম্বৰত ডিব্ৰুগড়ৰ নতুন আমোলাপট্টিত। সেই সময়ত ডিব্ৰুগড়ৰ বেৰি হোৱাইট মেডিকেল স্কুলৰ অস্ত্রোপচাৰৰ অধ্যাপক ডাঃ হৰিকৃষ্ণ দাস আৰু অসমৰ প্ৰথম স্ত্ৰী শিক্ষাৰ পথ প্রদর্শক হেমপ্রভা দাসৰ দ্বিতীয় সন্তান আছিল অমলপ্রভা দাস।অসমৰ প্ৰথম এম এছ চি পাছ কৰা মহিলা আছিল অমলপ্রভা দাস। অমলপ্রভা আদৰ্শৰ এক মূর্ত প্রতীক। সেই হিচাপে তেওঁ চিৰকাল পোহৰ বিকিৰণ কৰি থাকিব। -বিজয় চন্দ্ৰ ভাগৱতী বহুতৰে চকুৰ আঁৰত লুকাই থকা হীৰা এটুকুৰাক আচার্য্য বিনোবাজীয়ে তুলি ধৰি জগতক জনালে। পুষ্পলতা দাস ব্রহ্মসংগীত বাইদেউৰ প্ৰাণস্বৰূপ আছিল। বাইদেৱে নিজেও কৈছিল, "গানেই মোৰ প্ৰাণ।” মৃত্যুৰ কিছুদিন আগলৈকে স্মৃতিৰ পৰা সহজভাৱে ওলোৱা ব্ৰহ্মসংগীতবিলাক এটি এটিকে গাই গৈছিল। বাইদেৱে পিছলৈ স্মৃতিশক্তি হেৰুৱাইছিল যদিও অজস্র ব্রহ্মসংগীত কণ্ঠস্থ আছিল আৰু এই সংগীতৰ ভাবনাৰ লগত যে একাকাৰ হৈ গৈছিল। -শকুন্তলা চৌধুৰী অতুলনীয় মাতৃত্বৰ প্ৰতিমূর্তি বাইদেউৰ নামটোৱেই ক...

জীৱনশৈলী-০২

1.Dress in a way that reflects your artistic side—think earthy tones, handmade jewelry, flowing fabrics, natural elements, or vintage pieces. 2.Use accessories or details that tell a story: maybe a flower pin, a pendant with meaning, or a sketchbook/journal in your bag. 3.Curate your social media or personal space with your aesthetic—let it reflect your world.Speak gently and thoughtfully. Choose words that inspire, uplift, or feel poetic. 4.Incorporate beauty into your everyday life—press flowers in books, decorate with dried petals, write notes or quotes to yourself.Share snippets of your creative life—it’s magnetic when someone lives poetically. 5.Listen with full attention when people speak.Smile with your eyes as much as your lips.Practice gratitude and mindfulness daily—it helps you stay light and warm.

জীৱনশৈলী-০১

1.Collecting and identifying rare plants 2.Creating handmade greeting cards 3.Learning calligraphy or fancy handwriting 4.Exploring botanical illustration 5.Exploring mythology or folklore 6.Walking barefoot in grass or sand 7.Creating a seasonal journal or scrapbook 8.Studying aesthetic philosophy or art history 9.Designing zines or personal art books 10.Keeping a gratitude or aesthetic diary 11.Collecting naturally heart-shaped objects (stones, leaves, petals) 12.Practicing the lost art of flower reading (floriography) 13.Practicing “slow seeing” – observing a single object for hours 14.Crafting your own folklore around your favorite flower or tree

মানুহৰ সেৱাৰ মাজেদি মই ঈশ্বৰক লগ পাব বিচাৰোঁ। কিয়নো ঈশ্বৰ স্বৰ্গতো নাই, পাতালতো নাই, আছে মাত্ৰ আমাৰ প্ৰত্যেকৰে অন্তৰত।

Image