ইমৰান শ্বাহ
ইমৰান শ্বাহ ৰচনাৱলী ১,সম্পাদনা-ড° কৃষ্ণ কুমাৰ মিশ্ৰ,প্ৰথম প্ৰকাশ-২০১১,ISBN: 978-81-89148-03-4
১.মোৰ এই লিখা-লিখিৰ পৰিক্ৰমাৰ কথা লিখিবলৈ আটাইতকৈ অনুপযুক্ত মানুহজন আচলতে ময়েই। ৰঙা ৰঙো ভাল লাগে, বগাও। তেনেকৈ পৰিক্রমা হয় নেকি অনুক্রম নাথাকিলে। এতিয়া মোৰ বয়স সাত-সত্তৰ বছৰ। কেতিয়াৰপৰা আৰম্ভ হ'ল নাজানো। বোধকৰো একেবাৰে সৰু থকাৰপৰাই। মোৰ শৈশৱ কি শৈশৱ। কাৰো নহওক, কাৰো নহওক, বুলি প্রার্থনা কৰিবলগীয়া। তাৰ কথা নকওঁ আজি।ৰুগ্ন শৰীৰে মনো কিজানি ৰুগ্ন কৰে।ৰুগ্ন অথবা অলপ বেলেগ ধৰণে 'কিবা'। এই কিবা ধৰণৰ মনটোক প্রশমিত কৰি ৰখাৰ একমাত্র উপায় আছিল পঢ়া আৰু তাৰ পাছত লিখা। মোৰ লিখা যে 'কিবা' হ'ব, সেয়াটো ওলাই থকা কথা।
২.অনাই-বনাই ফুৰা মোৰ মন। ক'লৈ যায় কি কৰে নাজানো। এই মনৰ কাৰণেই মানুহৰ কত কথা মই সৰুতেই জানিছিলোঁ। মানুহৰ মনৰ। মোৰ এটা আচহুৱা অভ্যাস আছে। যিকোনো মানুহৰ, যিকোনো পৰিস্থিতি, যিকোনো ঘটনাৰ ক্ষেত্ৰত, নিজকে সেই মানুহৰ ঠাইত থৈ লৈ অনুভৱ কৰিবলৈ যত্ন কৰোঁ। ছেকেণ্ড-হেণ্ড। কিন্তু মই কান্দি পাইছোঁ। হাঁহি পাইছোঁ। জ্বলি উঠি পাইছোঁ। কত কি। কি বিচিত্র এই পৃথিৱী। জীৱন। পাৰ পাব নোৱাৰি। এটা সময়ত, কম বয়সতে মই জানি গৈছিলোঁ, জীৱনক, পৃথিৱীক, চাই যোৱাতে আনন্দ। জানি যাব খোজা পশুশ্রম। যাক জানিছোঁ যেন লাগে, তেৱেঁই যে আচলতে নিজক নাজানে।
৩.মোৰ জীৱনটোৱেই তেনেকুৱা।মানে মোৰ মনৰ জীৱনটো। একো লাভ নাই ব্যৱচ্ছেদৰ চেষ্টা কৰি। মই চূড়াত চকু ৰাখি পৰ্বত বগোৱাই নাই। মই অনাই-বনাই বগাই ফুৰিয়ে ভাল পাওঁ। সৰুতেও আৰু এতিয়াও। সঞ্জীৱনী আৰু কপালফুটাৰ গছ পাহাৰ-অৰণ্যত ওচৰা-উচৰিকৈয়ে থাকে। চূড়াত কি থাকে। ইয়াত কিমান কি! টেঙেচি টেঙা। দুলবন তিতা। গৰুখিচৰ সোৱাদটোৰ নামেই মই নাজানো। জেতুলিপকা। সেয়েই জীৱন। মনালিছাৰ ছবিখন দেখিলে মোৰ নীলা টুইলিপ কিতাপখনলৈ মনত পৰি যায়। কাৰ আছিল জানো সেইখন!
৪.মোক কোনোবাই কবিতা-পগলা বুলি ক'লে মই ভালেই পাম। পগলাই। কিন্তু কি ভাল পাওঁ, মই একো ক'ব নোৱাৰোঁ। লিৰিচিজম্, হ'ব পাৰে। মাজে-মাজে চিকমিক কিবাকিবিৰ টুকুৰা। কাণত বাজি থাকিব। বুকুত বহি ল'ব। 'জল পৰে, পাতা নৰে।' অৰ্থ কেলৈ! অর্থ বৰ দেৰিকৈ হ'লেও হ'ল। তেতিয়াও, পালে পালোঁ, নাপালে নাই। দুৱাৰত মূৰ খুন্দিওৱাত নাই। আমাৰ দিনত দুৱাৰ বন্ধ ঘৰ মানুহে বেয়া পাইছিল। পাক ঘৰলৈকে গুপগুপাই সোমাই যাব পাৰিব লাগে। আজিকালি দুৱাৰ বন্ধৰ দিন। কোন সোমাব চোৰৰ বাহিৰে! ক্রিং-ক্রিং কলিং। এটা-এটা শব্দ কেতিয়াবা ইমান যে ধুনীয়া হৈ যায়। সুৰৰ মাজত। ছন্দৰ মাজত। অৰ্থৰো ভিতৰলৈকে দেখা মিঠা ৰঙৰ কাপোৰ।
৫.মানুহৰ কান্ধত এখন ভাৰ থাকে, দুফালে দুটা বিয়াগোম পাচিৰ। পাচিবোৰত অভিজ্ঞতাবোৰ গোট খায়। দিনৌ নতুন-নতুন। সৰু-ডাঙৰ। কিছুমান মানুহে সেইবোৰ বুদ্ধিদীপ্ততাৰে ব্যৱহাৰ কৰি কাম কৰি গৈ থাকে। আশী-নব্বৈতো সক্রিয় হৈ থাকিব পাৰে। কিছুমানে সেইবোৰ ব্যৱহাৰ কৰিব নাজানে। নোৱাৰে। পৃথিৱীখন দ্রুত সলনি হৈ গৈ থকা বাবে পুৰণা অভিজ্ঞতা কামত নাহে বুলি ধাৰণা কৰি লয়। শোৱা। বহা। মেল মৰা। বঙহ খাই ফুৰা, অথবা মৌনতা। অথবা বেমাৰৰ কথা। বেমাৰতকৈ ডাঙৰ বস্তু জীৱনত যেন আৰু একো নাই।
৬.ময়ো ভাবিছোঁ, এতিয়া কি কৰা যায়। সিদ্ধান্ত হৈ গৈছে। অৱশ্যে ছাজেক্ট টু মডিফিকেশ্যন্। পিছে নকওঁ। কোৱাতকৈ কৰি দেখুওৱা ভাল। কোৱা কথাত বিশ্বাস নাই। কৰা কামত অবিশ্বাস নাই।
Comments
Post a Comment