ভিন্নজনৰ দৃষ্টিৰে বাণীকান্ত কাকতি
ভিন্নজনৰ দৃষ্টিৰে বাণীকান্ত কাকতি
১০০ অসম বৰেণ্য,সম্পাদনা-অনুভৱ পৰাশৰ,চিন্তামণি প্রকাশন, শান্তি পথ, জুৰোড তিনিআলি, গুৱাহাটী-২৪,প্রথম প্রকাশ: ২০২২ চন,পৃষ্ঠা-৩২৭,ISBN: 978-93-94240-46-9
সূৰ্য্য কুমাৰ ভূঞা :
'কলিকতা প্রেচিডেন্সি কলেজত আমি একেলগে পঢ়িছিলো। মই পঞ্চম বার্ষিকত থাকোতে তেওঁ তৃতীয় বার্ষিকত ভর্তি হৈছিল। তেতিয়া ১৯১৩ চন। ইডেন হোষ্টেলত থকা দুটি বছৰত তেওঁৰ আন আন আমোদ-প্রমোদ বাদ দি কিতাপতে একাণপতীয়াকৈ লাগি থকা দেখা পাইছিলো। তেওঁৰ স্বভাৱ নিজু আছিল, মানুহৰ লগত বৰ বেছি হলি-গলিও নকৰিছিল। কিন্তু যিবোৰ মানুহে তেওঁৰ সংস্পৰ্শত আহিবলৈ সুযোগ পাইছিল, সেইবোৰ মানুহে তেওঁৰ জ্ঞানৰ পৰিচয় পাই চমক খাই উঠিছিল। গভীৰ জ্ঞান আৰু অমায়িক ব্যৱহাৰৰ কাৰণে অধ্যাপক কাকতি কটন কলেজত সকলোৰে সন্মানৰ ব্যক্তি হিচাপে পৰিগণিত হয়। খুহুটীয়া মন্তব্যৰ কাৰণে তেওঁ বন্ধুবৰ্গ আৰু ছাত্ৰসকলৰ সমানে পৰিচিত আছিল।
ড° মহেশ্বৰ নেওগঃ
"অনেকৰ কাৰণে তেওঁৰ হাঁহিসনা চোকা হিউমাৰৰ দংশন পোনচাটে সহ্য কৰা টান, কিন্তু সেইফেৰা চম্ভালি ল'ব পাৰিলে তাৰ পিছত কাকতি ৰসাল আৰু হিতকৰ হৈয়ে দেখা দিয়ে।”
ড° প্রফুল্ল দত্ত গোস্বামী:
"তেওঁ ৰাইজৰ মানুহ। ভৰিত কেনভাছ জোত, গাত হাফচার্টটো আৰু মুখত বিড়ি এটা লৈ থকা অধ্যাপক কাকতি ৰাজ্যৰ বিভিন্ন ঠাইত থকা তেওঁ ছাত্রসকলক কাৰণে এটা অতীত আখ্যানৰ দৰে।”
ড° প্রমোদ চন্দ্র ভট্টাচার্য্য:
'ঠাট্টা-মস্কৰা তেওঁৰ দৈনন্দিন ৰগৰ। মানুহক প্ৰথমে ভালকৈ জুখি চাইহে তেওঁ পিছত উৎসাহিত কৰিছিল। সেই কাৰণে তেওঁৰ ওচৰ চাপিবলৈকে সকলো ছাত্ৰ-ছাত্ৰয়ে সাহ নকৰিছিল। কিন্তু কাকতি ছাৰৰ ওচৰ চাপি যেতিয়া অন্তৰৰ লগত চিনাকি হোৱা যায়, তেতিয়া শ্রদ্ধাত মূৰ নত হৈ যায়। এজন মৰমিয়াল পিতৃ, সজ বন্ধু , বিজ্ঞ উপদেষ্টা আৰু তত্ত্বার্থী ছাত্ৰৰ গুণ তেওঁৰ গাত মিহলি হৈ আছিল। আমাৰ ছাত্ৰসকল বহুতেই তেওঁৰ পৰা ব্যক্তিগত, ঘৰুৱা আৰু সামজিক জীৱনত লাগতিয়াল উপদেশ আৰু পৰামৰ্শ পাইছিল।
Comments
Post a Comment