প্রসন্নলাল চৌধুৰী
১০০ অসম বৰেণ্য,সম্পাদনা-অনুভৱ পৰাশৰ,চিন্তামণি প্রকাশন, শান্তি পথ, জুৰোড তিনিআলি, গুৱাহাটী-২৪,প্রথম প্রকাশ: ২০২২ চন,পৃষ্ঠা-৩৫৬,ISBN: 978-93-94240-46-9
প্রসন্নলাল চৌধুৰী ৰচনাৱলী', সম্পাদনা- ড° শিৱনাথ বর্মন, প্রকাশক- অসম প্রকাশন পৰিষদ
'বিদ্রোহী কবি প্রসন্নলাল চৌধুৰী', লেখক- ড° ভূপেন্দ্ৰ ৰায়চৌধুৰী, প্রকাশক- ৰেখা প্রকাশন
অসমীয়া কবি আৰু কবিতা', লেখক- ড° কৰবী ডেকা হাজৰিকা, প্রকাশক- বনলতা
অসমীয়া 'সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত', লেখক- ড° সত্যেন্দ্রনাথ শর্মা
'ৰমন্যাসবাদ : অসমীয়া কবিতা আৰু জনদিয়েক প্রধান কবি', লেখক- হেম বৰুৱা
প্রসন্নলাল চৌধুৰীৰ জন্ম হৈছিল ১৮৯৮ চনৰ ডিচেম্বৰ মাহত (১৮২০ শকৰ ২১ আঘোণৰ দিনা) কামৰূপ জিলাৰ পলাশবাৰীত। তেখেতৰ পিতৃৰ নাম আছিল শ্যামলাল চৌধুৰী আৰু মাতৃৰ নাম আছিল প্রমীলা চৌধুৰী। তেওঁলোকৰ আদিপুৰুষ আছিল বিজয় সিংহ। তেখেত মোগলবিৰোধী বাজপুত আছিল। মোগল সম্রাট আকবৰৰ ৰাজত্ব কালৰ সময়ত কোচ সেনাপতি চিলাৰায়ৰ লগত দিল্লীত তেখেতৰ সাক্ষাৎ হয়। তেওঁলোকৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক গঢ়ি উঠে আৰু বিজয় সিংহই চিলাৰায়ৰ সামৰিক বাহিনীত সোমাবলৈ আগ্রহ প্রকাশ কৰে। চিলাৰায়ৰ লগত দিল্লীৰ পৰা বিজয় সিংহ কোচবিহাৰ পোৱাত কোচ ৰজা নৰনাৰায়ণে তেওঁক সোণৰ থোক তামোল আৰু মণি-ৰত্নেৰে আদৰে। তেখেতে কোচ ৰাজ্যৰ সামৰিক বাহিনীত যোগ দিয়ে আৰু ৰাজদৰবাৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লগ পায়। তাৰ পিছত তেওঁ গুৰুজনাৰ ওচৰত শৰণ লয়। শংকৰদেৱৰ মৃত্যুৰ পিছত ৰজাৰ নিৰ্দেশ অনুসৰি বৰপেটাৰ দাঁতিকাষৰীয়া গাঁও সুন্দৰীদিয়াত সপৰিয়ালে বাস কৰিবলৈ লয়।
১.বিফল মনোৰৰ্থ হ'লেও মই হতাশ নহ'লোঁ। পিষ্টল তৈয়াৰ কৰাৰ কথা ভাবি পিষ্টলৰ দৰে এটা বস্তু সাজি উলিয়ালোঁ। আতচবাজীৰ মানুহৰ পৰা বাৰুন্দ কৰাৰ উপায় শিকিলোঁ। কিন্তু সেইবোৰৰ পৰা একো লাভ নহ'ল। ফলস্বৰূপে মই অতি উদণ্ড হৈ উঠি পঢ়াৰ পিনে পিঠি দিলোঁ।
২.মই ১৯১৯ চনত প্ৰৱেশিকা পৰীক্ষাত প্রথম বিভাগত পাছ কৰিলোঁ। এনেকৈয়ে যোৰহাটৰ হাইস্কুলীয়া জীৱনত মোৰ চিন্তা-কল্পনা-বুদ্ধি-বৃত্তিয়ে বিকাশৰ এটি নতুন বাট ল'লে। যোৰহাটতেই মোৰ জীৱনৰ ভেটি গঢ় লৈ উঠিল।
৩.মাক-বাপেকৰ মনৰ ভাব আৰু চিন্তা যেনে সন্তানৰ মনৰ ভাবো তেনে হ'বৰ বিশেষ সম্ভাৱনা। গতিকে সন্তানৰ শিক্ষা ভাল কৰিবলৈ হ'লে প্রথমতকৈও প্রথম কর্তব্য মাক-বাপেকে নিজৰ মনোবৃত্তি উত্তম কৰা। তাৰ কাৰণে ঘৰত সজ আলোচনা, সজ চিন্তা, উচ্চ আদর্শ আদিৰ প্ৰয়োজন। যি পিতা-মাতাৰ মনত এইবোৰ বিষয়ৰ ঠাই নাই, তেনে লোকৰ সন্তানৰ প্ৰকৃতিতো সেইবোৰ বিষয় পোৱা সন্দেহৰ কথা হৈ থাকে।
৪.অসমীয়া ভাষা আজি আৰু চালুকীয়া অৱস্থাত নাই। ই এতিয়া পূর্ণ বিকশিত ভাষা। এনে এতিয়াও আমাৰো কিছুমান আৰু ভাৰতৰ আন কোনো ভাষা-ভাষীৰ মনত অসমীয়া এটা নিম্ন শ্ৰেণীৰ ভাষা। কিন্তু সেই ভুল ধাৰণা আঁতৰিবলৈ বেছি সময় নালাগিব, যদি তেওঁলোকে মুকলি মনেৰে এই ভাষাৰ বুৰঞ্জী অধ্যয়ন কৰে।
৫.ল'ৰা-ছোৱালীৰ শিক্ষাৰ প্ৰথম ঠাই নিজৰ ঘৰ। তাত যি দেখে বা শুনে তাকে ক'ব নোৱৰাকৈ সন্তানৰ মনে গ্ৰহণ কৰে। এনে মজ্জাগত ভাববোৰ ডাঙৰত এৰা টান। সেই কাৰণে ল'ৰা-ছোৱালীৰ স্বাৰ্থলৈ চাই পিতা-মাতাই প্রতি পদে ঘৰত সংযত হৈ চলা আৱশ্যক। সিহঁতে দেখাত বা শুনাত কোনো বিধৰ অবাঞ্ছিত ব্যৱহাৰ বা মাত উচ্চাৰণ কৰা অনুচিত।
৬.এজোপা গছে সেউজীয়া পাতেৰে ছাঁ দিয়ে, সময়মতে ফুল দিয়ে, ফুলৰ পৰা ফল দিয়ে, মাটিৰ উন্নতি সাধে আৰু নানা প্ৰকাৰে নিজৰ ভিতৰত থকা শক্তি আৰু সৌন্দর্য প্রকাশ কৰি থাকে। কিন্তু এই প্রকাশ কেতিয়ালৈ? যেতিয়ালৈ গছজোপা জীয়াই থাকে তাৰ ভিতৰত প্ৰাণশক্তি থাকে। কিন্তু যিদিনাই এই শক্তি শেষ হয়, গছজোপা মৰে। তাৰ ভিতৰত আৰু প্ৰকাশৰ ক্ষমতা নাথাকে। লাহে লাহে তাৰ শৰীৰ পচি-সৰি মাটিত মিলহি হৈ যায়। মানুহ এজনৰ বা জাতি এটাৰ জীৱনতো এই কথাকে দেখা যায়। জীয়াই থাকে মানে ইয়াৰ ৰূপ, গঢ় আৰু কাম-কাজে ই যে জীয়াই আছে তাক দেখুৱাই থাকে। মানুহে তাৰ কামৰ ফল অনুভৱ কৰে। যদি এই শক্তি ভালভাৱে চলোৱা হয়, তাৰ ফল মানুহে ভাল পায়, যদি ভালভাৱে চলোৱা নহয়, তেন্তে তাৰ ফল মানুহে ভাল নাপায়। এইবোৰৰ পৰা বুজা যায় প্রকাশেই জীৱনৰ চিন।
৭.অসমীয়া যদি ভাৰত ভূমিত জীয়াই থাকিব খোজে, যুঁজ কৰিবলৈ জীয়াই থাকিব লাগিব। সেয়ে আজি ক'ব খোজোঁ সকলো অসমীয়াকে, বৰ্তমান যুগৰ আহ্বানত সজাগ সঁহাৰি জনাবলৈ এফেৰি কবিতাৰে- 'তুমি লোৱা সাজি, বিচিত্র বাহিনী, কবি তুমি, কণ্ঠভৰা আছে বজ্রবাণী, নয়নত দিব্য দৃষ্টি, মৃত সঞ্জীৱনী।
৮.সাহিত্য অতীতৰ সাক্ষী, বৰ্তমানৰ প্ৰতিচ্ছবি আৰু ভৱিষ্যৎ কালৰ বাণী। প্রকৃত সাধকৰ হাতত ই ব্যর্থ নহয়। আজি মহাভাৰত-ৰামায়ণ বা কালিদাসৰ যুগ নহয়। সেই যুগৰ পৰা আমাৰ প্ৰাপ্য মাত্ৰ প্ৰেৰণা আৰু দিশ নিৰ্ণয়। বৰ্তমানক ই প্ৰগতিৰ বাটেদি যোৱাত সহায় কৰে। বৰ্তমান যদি সুচিত্রিত হয়, কলাসংগত হয় তেন্তে ভৱিষ্যতৰ বাবে বহুখিনি বাট আগবাঢ়ি থাকে। প্রতি যুগৰ সাহিত্যই একোটা দিগদর্শন যন্ত্ৰৰ কাম কৰি যায়। সাহিত্যিক আৰু কলাকাৰে যদি তপস্যা নকৰে, তেন্তে সেই সাহিত্য ক্ষণস্থায়ী আৰু অপকাৰী হয়।
৯.আমি যিসকলে অসমসন্তান বুলি গৌৰৱ কৰোঁ, সকলোৱে উন্নতৰ ভাষা-সাহিত্য-সংস্কৃতিৰে ইয়াৰ সীমাত থকা সকলোকে সামৰি ল'বলৈ পাৰিলেহে অসম সাহিত্য সভা নামৰ সাৰ্থকতা আহিব। সকলো মানুহক আমি অস্পৃশ্য বুলি ল'ব নালাগিব। ভাষাৰে এওঁলোকক আমাৰ আপোন কৰি ল'ব লাগিব। ভাষাৰ ক্ষেত্ৰত চুবি-নুচুবি নাখাটে।
Comments
Post a Comment